728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

‘ছাৰ্জশ্বীট ফালি পেলাই দিম’ অখিলৰ মন্তব্যত অসম উত্তাল

‘ছাৰ্জশ্বীট ফালি পেলাই দিম’ অখিলৰ মন্তব্যত অসম উত্তাল

*’ছাৰ্জশ্বীট ফালি পেলাই দিম’ অখিলৰ মন্তব্যত অসম উত্তাল* *‘জাষ্টিছ ফৰ জুবিন’ চিনেমাৰ ব্যৱসায়িক কৌশল আছিল নেকি? ৰাইজৰ দলৰ অভিযোগ* *’জুবিন গাৰ্গ কোনো ৰাজনৈতিক এজেণ্ডাৰ সামগ্ৰী নহয়’: ৰাইজৰ দলক কঠোৰ সমালোচনা অনুৰাগীৰ* এইবাৰ অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ৰাজনীতিত নামিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সম্পৰ্কে

*’ছাৰ্জশ্বীট ফালি পেলাই দিম’ অখিলৰ মন্তব্যত অসম উত্তাল*

*‘জাষ্টিছ ফৰ জুবিন’ চিনেমাৰ ব্যৱসায়িক কৌশল আছিল নেকি? ৰাইজৰ দলৰ অভিযোগ*

*’জুবিন গাৰ্গ কোনো ৰাজনৈতিক এজেণ্ডাৰ সামগ্ৰী নহয়’: ৰাইজৰ দলক কঠোৰ সমালোচনা অনুৰাগীৰ*

এইবাৰ অসমৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ ৰাজনীতিত নামিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত সম্পৰ্কে অখিল গগৈয়ে কৰা এটা মন্তব্যই সমগ্ৰ অসমত তোলপাৰ সৃষ্টি কৰিছে। তদন্তৰ ছাৰ্জশ্বীট “ফালি পেলাই দিম” বুলি কৰা মন্তব্যৰ পাছতে ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই মন্তব্যক একাংশই কৈছে যে অখিল গগৈয়ে অভিযুক্ত শ্যামকানুক ৰক্ষা কৰিবলৈ ছাৰ্জশ্বীট খনক ভুল বুলি উপস্থাপন কৰিছে। লগতে আন একাংশই অখিল গগৈক সমৰ্থন কৰি ছাৰ্জশ্বীট নপঢ়াকৈ মন্তব্য কৰা হৈছে বুলিও কটাক্ষ কৰে। ইয়াৰ প্ৰতিক্ৰিয়াত অখিল গগৈয়ে নিজেই ছাৰ্জশ্বীটৰ কপি সংগ্ৰহ কৰিবলৈ আবেদন জনাই। এই ঘটনাৰ সমান্তৰালকৈ ৰাইজৰ দলৰ একাংশ কৰ্মীয়ে সামাজিক মাধ্যমত নতুন বিতৰ্কৰ উচটনি দিয়ে। তেওঁলোকে ছাৰ্জশ্বীটত গৰিমা শইকীয়া গাৰ্গ, তাৰচেম মিট্টল আৰু শ্যামন্তক গৌতমৰ নাম নথকাৰ কথা উত্থাপন কৰি প্ৰশ্ন তোলে। ইমানতে শান্ত নাথাকি সামাজিক মাধ্যমত ৰাইজৰ দলৰ কৰ্মীসকলে অভিযোগ কৰে যে “জাষ্টিছ ফৰ জুবিন” আছিল চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে’ৰ ব্যৱসায়িক প্ৰচাৰৰ এটা কৌশল আছিল বুলি অভিযোগ তোলে। চিনেমাখনৰ উপাৰ্জন আশানুৰূপ হোৱাৰ পাছত প্ৰযোজক গোষ্ঠীয়ে চৰকাৰৰ পক্ষ ল’বলৈ আৰম্ভ কৰিছে বুলিও মন্তব্য কৰে। আনকি গৰিমা শইকীয়া গাৰ্গে আগন্তুক সময়ত বিজেপিৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলিও অভিযোগ তোলে।

কিন্তু এইবোৰ বিৰূপ আৰু অপমানজনক মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে বহু প্ৰকৃত জুবিন অনুৰাগীয়ে। সামাজিক মাধ্যমত তেওঁলোকে ৰাইজৰ দলৰ কৰ্মীসকলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়—জুবিন গাৰ্গ কোনো ৰাজনৈতিক এজেণ্ডাৰ সামগ্ৰী নহয় আৰু ন্যায়ৰ দাবীক ৰাজনীতিৰে কলংকিত কৰা নচলিব।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!