*গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ* *গৰিমাৰ সৈতে কোনো নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই: মুখ্যমন্ত্ৰী শৰ্মা* *অপপ্ৰচাৰৰ ৰাজনীতিৰ মুখা খুলিলে মুখ্যমন্ত্ৰীয়ে* গুৱাহাটী: গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰ ভাষাৰে নিন্দা কৰিছে। এই ধৰণৰ অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু
*গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ*
*গৰিমাৰ সৈতে কোনো নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই: মুখ্যমন্ত্ৰী শৰ্মা*
*অপপ্ৰচাৰৰ ৰাজনীতিৰ মুখা খুলিলে মুখ্যমন্ত্ৰীয়ে*
গুৱাহাটী: গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কঠোৰ ভাষাৰে নিন্দা কৰিছে। এই ধৰণৰ অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু দায়িত্বহীন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, গৰিমা শইকীয়া গাৰ্গৰ সৈতে তেওঁৰ কোনো ধৰণৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই।
লগতে, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, “কাৰোবাৰ ব্যক্তিগত সন্মান ক্ষুণ্ণ কৰিবৰ বাবে এনেধৰণৰ কথা পাতি ৰাজনৈতিক লাভ ল’ব বিচৰাটো একেবাৰে উচিত নহয়। মই গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনো নিৰ্বাচনী বিষয়ত কথা পতা নাই। এই অপপ্ৰচাৰ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সুসংগঠিত কু-অভিসন্ধিৰ ফল।”
নিৰ্বাচনৰ পূৰ্বে এনে ভুৱা বাতৰি বিয়পাই পৰিৱেশ বিষাক্ত কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ। শেষত মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনাই যে ভুৱা বাতৰি আৰু অপপ্ৰচাৰৰ ফান্দত নপৰি সত্য আৰু দায়িত্বশীল ৰাজনীতিক সমৰ্থন জনাব লাগে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *