চাপৰঃ নিচাজাতীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত অপৰাধীয়ে লৈছে এতিয়া ন ন কৌশল।এইবাৰ বাইকৰ হেলমেটৰ ভিতৰত কঢ়িয়াই আনিছিল নিচাজাতীয় বৃহৎ পৰিমাণৰ টেবলেট। এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীয়ে নিশা চাপৰত চলায় এক অভিযান। অভিযানত জব্দ নিষিদ্ধ কফচিৰাপৰ লগতে নিচাজাতীয় টেবলেট। চাপৰ চিনেমাহলত বাইকেৰে যোগান ধৰিবলৈ আহিছিল নিষিদ্ধ কফচিৰাপ আৰু নিচাজাতীয় টেবলেটখিনি। যোগান ধৰিবলৈ আহি হাতে লোটে গ্ৰেপ্তাৰ
চাপৰঃ নিচাজাতীয় সামগ্ৰী কঢ়িওৱাৰ ক্ষেত্ৰত অপৰাধীয়ে লৈছে এতিয়া ন ন কৌশল।এইবাৰ বাইকৰ হেলমেটৰ ভিতৰত কঢ়িয়াই আনিছিল নিচাজাতীয় বৃহৎ পৰিমাণৰ টেবলেট। এক গোপন সূত্ৰৰ পমখেদি চাপৰ আৰক্ষীয়ে নিশা চাপৰত চলায় এক অভিযান। অভিযানত জব্দ নিষিদ্ধ কফচিৰাপৰ লগতে নিচাজাতীয় টেবলেট। চাপৰ চিনেমাহলত বাইকেৰে যোগান ধৰিবলৈ আহিছিল নিষিদ্ধ কফচিৰাপ আৰু নিচাজাতীয় টেবলেটখিনি। যোগান ধৰিবলৈ আহি হাতে লোটে গ্ৰেপ্তাৰ হ’ল যুৱকজন। যুৱকজন বহলপুৰ কাচাৰিভিটা গাঁৱৰ হামিদুৰ ৰহমান বুলি জানিব পৰা গৈছে। লগতে AS-19 M-9499 নম্বৰৰ এখন স্পেলেণ্ডাৰ বাইক জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

















Leave a Comment
Your email address will not be published. Required fields are marked with *