নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ আহ্বানত বৃহত্তৰ জাজৰি সমিতিৰ উদ্যোগত বুধবাৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ৷ এই মৰ্মে, জাজৰি বালিকা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হোৱা সভাখনি পৰিচালনা কৰে সন্থাৰ দলংঘাট ব্লক সমিতিৰ উপ সভানেত্ৰী উমা পাটৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ জাজৰি সমিতিৰ সম্পাদিকা নিলোফা বেগমে
নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ আহ্বানত বৃহত্তৰ জাজৰি সমিতিৰ উদ্যোগত বুধবাৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় ৷ এই মৰ্মে, জাজৰি বালিকা প্ৰাথমিক বিদ্যালয়ত অনুস্থিত হোৱা সভাখনি পৰিচালনা কৰে সন্থাৰ দলংঘাট ব্লক সমিতিৰ উপ সভানেত্ৰী উমা পাটৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ জাজৰি সমিতিৰ সম্পাদিকা নিলোফা বেগমে । সভাত সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যা জিলা তথা অধিবক্তা পৰী কুমাৰী বৰুৱা, সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগম আৰু সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্ত উপস্থিত থাকি নাৰীৰ অধিকাৰ, নাৰী নিৰ্যাতন আদি বিষয়ৰ ওপৰত বক্তব্য দাঙি ধৰাৰ লগতে নাৰীৰ ওপৰত চলোৱা অন্যায়ৰ বিৰুদ্ধে শক্তিশালী মহিলা আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে ৷ সভাত জাজৰি আঞ্চলিক শাখা সাহিত্য সভাৰ প্রাক্তন সম্পাদক ছফিকুল হক, গ্ৰামীণ শ্ৰমিক সন্থাৰ নগাঁও জিলাৰ সম্পাদক স্বপন হাজৰীকা, সন্থাৰ নেত্ৰী জোৎস্না বেগম, ৰূপা বেগমকে ধৰি শতাধিক মহিলাই অংশগ্ৰহণ কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *