728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ঠিকাদাৰ মোৰ বন্ধুও নহয়, শত্ৰুও নহয়, তিনিমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ

ঠিকাদাৰ মোৰ বন্ধুও নহয়, শত্ৰুও নহয়, তিনিমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰীকাৰ

শেহতীয়াকৈ ৰাজ্যত দেশবিৰোধী কাৰ্যত লিপ্ত থকা কেইবাজনো লোক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষী গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰীকাই। দেশবিৰোধী তথা বিদেশী এজেণ্ট ভাৰতবৰ্ষত বহুতো আছে। পাকিস্তানী এজেণ্ট আৰু ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত থকা বহুতো লোক অসমৰ ধিং, মৈৰাবাৰী, বৰপেটা, ধুবুৰীত এতিয়াও আছে। ৰাজ্য চৰকাৰ এই বিষয়ত প্ৰত্যেক দিনাই সতৰ্ক

শেহতীয়াকৈ ৰাজ্যত দেশবিৰোধী কাৰ্যত লিপ্ত থকা কেইবাজনো লোক কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তথ্যৰ ভিত্তিত নগাঁও আৰক্ষী গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মন্ত্ৰী পীযুষ হাজৰীকাই। দেশবিৰোধী তথা বিদেশী এজেণ্ট ভাৰতবৰ্ষত বহুতো আছে। পাকিস্তানী এজেণ্ট আৰু ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত থকা বহুতো লোক অসমৰ ধিং, মৈৰাবাৰী, বৰপেটা, ধুবুৰীত এতিয়াও আছে। ৰাজ্য চৰকাৰ এই বিষয়ত প্ৰত্যেক দিনাই সতৰ্ক হৈ আছে। যিসকলে ভাৰতবৰ্ষত থাকি পাকিস্তান তথা ভাৰত বিৰোধী কাম কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। তেনেলোকক নিচিহ্ন কৰিবলৈ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ অভিযান তীব্ৰতৰ কৰা হ’ব বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

আজি জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়াঙৰ ১নং মূৰকটা আৰু কাছশিলা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে জলসম্পদ বিভাগে লোৱা কাৰ্যপন্থা পুনৰবাৰ পৰিদৰ্শন কৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই। উক্তস্থান পৰিদৰ্শন কৰি নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী হাজৰীকাই।
এই বান্ধৰ নিৰ্মাণ অহা তিনি মাহৰ ভিতৰত সঠিক ভাৱে সম্পূৰ্ণ কৰিবলৈ জলসম্পদ বিভাগ আৰু ঠিকাদাৰক কঠোৰ নিৰ্দেশ মন্ত্ৰীগৰাকীৰ। পৰিদৰ্শন কালত তেওঁ মন্তব্য কৰে যে, ঠিকাদাৰ মোৰ বন্ধুও নহয় শত্ৰুও নহয়। তেখেতলোকে নিৰ্ধাৰিত তিনিমাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিব লাগিব। অন্যথা তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল’ব চৰকাৰে। সংবাদ মাধ্যমযোগে ঠিকাদাৰ সকলক এনেদৰে সতৰ্ক কৰি দিয়ে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos