728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ‘বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প’ৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিবৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰকল্পৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ ল’বলৈ আজি প্ৰকল্পস্থলীত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা। এই উপলক্ষে মন্ত্ৰী হাজৰিকাই কয়, “বটদ্ৰৱা এই স্থান অসমীয়াৰ স্বাভিমান।

২৯ ডিচেম্বৰত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
‘বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প’ৰ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ

অহা ২৯ ডিচেম্বৰত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ শুভ উদ্বোধন কৰিবৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। প্ৰকল্পৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ ল’বলৈ আজি প্ৰকল্পস্থলীত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা। এই উপলক্ষে মন্ত্ৰী হাজৰিকাই কয়, “বটদ্ৰৱা এই স্থান অসমীয়াৰ স্বাভিমান। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মাণ হোৱা বটদ্ৰৱা প্ৰকল্প শুভ উদ্বোধন কৰিবলৈ বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। সকলো আহক বটদ্ৰৱা থানলৈ।” লগতে তেওঁ উল্লেখ কৰে যে এই প্ৰকল্প মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ প্ৰকল্প।

আকাশীগংগাৰ পবিত্ৰ তীৰত নিৰ্মাণ কৰা বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্বোধনৰ দিনা বটদ্ৰৱাত এক বৃহৎ ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ২৯ ডিচেম্বৰত নামকীৰ্তন, গায়ন-বায়ন আৰু বিভিন্ন মাংগলিক অনুষ্ঠানৰ মাজেৰে প্ৰকল্পখন ৰাইজৰ বাবে মুকলি কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। দুহেজাৰ গায়ন-বায়ন আৰু আয়তীৰ সমবেত নামকীৰ্তনৰ জৰিয়তে গৃহমন্ত্ৰীক আদৰণি জনোৱা হ’ব। উল্লেখ্য যে, প্ৰায় ৬০ হাজাৰ ভক্ত বৈষ্ণৱ আৰু আইমাতৃৰ উপস্থিতিত এই বিশেষ অনুষ্ঠান অনুষ্ঠিত হ’ব। অনুষ্ঠানৰ পূৰ্বে আজি প্ৰকল্পস্থলীত মন্ত্ৰী পীযুষ হাজৰিকা লগতে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, ৰমাকান্ত দেউৰী আৰু শশীকান্ত দাসো উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!