728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

কাছাৰ জিলাত কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰী পীযুষ হাজৰীকা: জলসম্পদ বিভাগৰ আঁচনি আৰু মৈত্ৰী আঁচনিৰ অধীনত থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন

কাছাৰ জিলাত কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰী পীযুষ হাজৰীকা: জলসম্পদ বিভাগৰ আঁচনি আৰু মৈত্ৰী আঁচনিৰ অধীনত থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন

কাছাৰ জিলাত কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰী পীযুষ হাজৰীকা: জলসম্পদ বিভাগৰ আঁচনি আৰু মৈত্ৰী আঁচনিৰ অধীনত থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন আগৰ চৰকাৰবোৰে স্বাধীনতাৰ প্ৰথম ৭০ বছৰত ৪৫০০ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ বিপৰীতে বান নিয়ন্ত্ৰণৰ বাবে বদ্ধপৰিকৰ আমাৰ চৰকাৰে বিগত চাৰি বছৰতে এহাজাৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিছো: মন্ত্ৰী হাজৰীকা অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি

কাছাৰ জিলাত কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰী পীযুষ হাজৰীকা: জলসম্পদ বিভাগৰ আঁচনি আৰু মৈত্ৰী আঁচনিৰ অধীনত থানাৰ নতুন গৃহৰ আধাৰশিলা স্থাপন

আগৰ চৰকাৰবোৰে স্বাধীনতাৰ প্ৰথম ৭০ বছৰত ৪৫০০ কিল’মিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ বিপৰীতে বান নিয়ন্ত্ৰণৰ বাবে বদ্ধপৰিকৰ আমাৰ চৰকাৰে বিগত চাৰি বছৰতে এহাজাৰ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰিছো: মন্ত্ৰী হাজৰীকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি কাছাৰ জিলাৰ লক্ষীপুৰ আৰু সোনাই বিধানসভা সমষ্টিত কেইবাটাও আধাৰশিলা স্থাপন কাৰ্যসূচী গ্ৰহণ কৰে ।

মন্ত্ৰীগৰাকীয়ে প্ৰথমতে জিলাখনৰ লক্ষীপুৰত মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত ‘বৰাক নৈৰ বাঁওফালৰ খহনীয়াৰ পৰা লক্ষীপুৰ (বিন্নাকান্দি অংশ–২) এলেকাক সুৰক্ষিত কৰিবলৈ গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধী ব্যৱস্থা’ আঁচনিৰ আধাৰশিলা স্থাপন কৰে । প্ৰায় ৪ কোটি টকা পুঁজি ধার্য কৰা এই প্ৰকল্পত লক্ষীপুৰ বিধান সভা সমষ্টিৰ এটা বৃহৎ অংশ নৈৰ খহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ এ-টাইপ জিঅ’ বেগ, পাৰ্কুপাইন আৰু জিঅ’ছিন্থেটিক ফেব্ৰিক শ্বীট ব্যৱহাৰ কৰা হ’ব । 

আধাৰশিলা স্থাপন কৰি স্থানীয় ৰাইজক উদ্দেশ্যি প্ৰদান কৰা বক্তব্যত জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, স্বাধীনতাৰ পাছত ৭টা দশকত আগৰ চৰকাৰবোৰে মুঠ প্ৰায় ৪,৫০০ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰাৰ বিপৰীতে বিগত চাৰি বছৰত ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে প্ৰায় ১ হাজাৰ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে। পূৰ্বতে বানপানীৰ ফলত প্ৰতি বছৰে ৪০–৬০টা, কেতিয়াবা শতাধিক মথাউৰি ছিগিছিল বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে বৰ্তমান মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন অসম চৰকাৰৰ সদিচ্ছা, জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ যৎপৰোনাস্তি প্ৰচেষ্টাত অত্যাধুনিক সামগ্ৰী, পদ্ধতিৰে দিনে-নিশাই চলাই থকা বান-প্ৰতিৰোধী কামসমূহৰ ফলত এই সংখ্যা সফলতাৰে হ্ৰাস পাইছে আৰু যোৱা চাৰি বছৰত মথাউৰি ছিগাৰ সংখ্যা মাত্ৰ ২–৫টালৈ হ্ৰাস পাইছে । চৰকাৰখন বান-খহনীয়া সমস্যা সমাধানৰ লগতে সমগ্ৰ ৰাজ্যখনৰ জীৱন, জীৱিকা, ভূমিৰ দীৰ্ঘম্যাদী সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সংকল্পবদ্ধ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

পাছত মন্ত্ৰী পীযুষ হাজৰীকাই সোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত কচুদৰম আৰু সোনাই আৰক্ষী থানাৰ নতুন গৃহৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে । মৈত্ৰী আঁচনিৰ অধীনত দুয়োখন থানাৰ নতুন গৃহ নিৰ্মাণ কৰা হ’ব । আধাৰশিলা স্থাপন কৰি মন্ত্ৰী হাজৰীকাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসম আৰক্ষী এতিয়া বহুত পৰিৱৰ্তনৰ সাক্ষী হৈছে । আনহাতে সম্পূৰ্ণ মেধাৰ ভিত্তিত অসম চৰকাৰে বিগত ৪ বছৰত প্ৰায় ডেৰ লাখ চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান, মেডিকেল কলেজ আৰু বিশ্ববিদ্যালয় স্থাপন, পথ নিৰ্মাণ আৰু বহুতো উন্নয়নমূলক কামেৰে বৰ্তমান চৰকাৰখন ৰাইজৰ অতিকে আপোন হৈ পৰিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

সন্ধিয়া জলসম্পদ মন্ত্ৰীগৰাকীয়ে সোণাই সমষ্টিৰে উত্তৰ কৃষ্ণপুৰ অঞ্চলত ২.২০ কোটি টকা পুঁজিৰে জলসম্পদ বিভাগে হাতত লোৱা এটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্প AMRUT আঁচনিৰ অধীনৰ জল যোগানৰ প্ৰকল্প এটাত খহনীয়াৰোধৰ বাবে সহায়ক হ’ব ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!