728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ জাগীৰোড মহাবিদ্যালয়ত প্ৰায় ৫ কোটি টকাৰ বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী হাজৰিকাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ আজি নগাঁও জিলাৰ বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পটো পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ২০২০ চনৰ

গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

জাগীৰোড মহাবিদ্যালয়ত প্ৰায় ৫ কোটি টকাৰ বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন মন্ত্ৰী হাজৰিকাৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

আজি নগাঁও জিলাৰ বটদ্ৰৱা থানৰ সাংস্কৃতিক প্ৰকল্পটো পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাই। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই ২০২০ চনৰ ২৬ ডিচেম্বৰত অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ‘বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰিছিল। অহা ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া এই প্ৰকল্পৰ প্ৰস্তুতিৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই। সংবাদ মাধ্যমৰ আগত মন্ত্ৰী গৰাকীয়ে কয় – অসমীয়াৰ কাৰণে বটদ্ৰৱা থানখন অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত থাকে বটদ্ৰৱা থান। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে গুৰুজনাৰ নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰত যথেষ্ট উদ্যোগ গ্ৰহণ কৰি আছে। এই থানখনক কলা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তাৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

লগতে, জাগীৰোড মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষা আৰু উন্নয়নৰ দিশত একাধিক গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয় চৌহদত এটা অত্যাধুনিক বিজ্ঞান ভৱনৰ আধাৰশিলা স্থাপন কৰে লগতে প্ৰায় ৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই ভৱনটো প্ৰায় ১৪ হাজাৰ বৰ্গফুট এলেকাত বিস্তৃত হ’ব আৰু ইয়াত বিজ্ঞান শিক্ষাৰ বাবে চাৰিটা আধুনিক পৰীক্ষাগাৰ স্থাপন কৰা হ’ব। এই অনুষ্ঠানতে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ‘ড° বাণীকান্ত কাকতি মেধা বঁটা, ২০২৫’ৰ জৰিয়তে জাগীৰোড মহাবিদ্যালয়ৰ ৮৮ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী বিতৰণ কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি মন্ত্ৰী হাজৰিকাই কয় যে এই স্কুটীসমূহে শিক্ষাৰ্থীসকলৰ যাতায়ত সহজ কৰি তুলিব আৰু তেওঁলোকক অধিক আত্মনিৰ্ভৰশীল হ’বলৈ সহায় কৰিব। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অধ্যৱসায় অব্যাহত ৰাখিবলৈ আহ্বান জনাই কয় যে শৈক্ষিক উৎকৰ্ষতাই ভৱিষ্যতৰ পথ প্ৰসস্ত কৰে। অঞ্চলটোৰ উন্নয়নৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জাগীৰোড অঞ্চলত বহুকেইটা উন্নয়নমূলক কাম চলি আছে। ‘অসম মালা’ আঁচনিৰ অধীনত কেইবাটাও ডাঙৰ পথ নিৰ্মাণৰ কাম আগবঢ়ি আছে। ইয়াৰ উপৰি জাগীৰোড পৌৰসভা এলেকাৰ আধুনিকীকৰণ আৰু মহাবিদ্যালয় চৌহদত ক্ৰীড়া আৰু শাৰীৰিক সুস্থতাৰ বাবে এখন গ্ৰীণ ষ্টেডিয়াম নিৰ্মাণৰ কথাও তেওঁ উল্লেখ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!