জুবিন গাৰ্গ গোচৰত SITৰ চাৰ্জশ্বীট দাখিলক আদৰণি হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ ধন্যবাদ জুবিন অনুৰাগীৰ জুবিন গাৰ্গৰ ন্যায়ত ৰাজনীতি নকৰিবলৈ বিৰোধীক কঠোৰ আহ্বান অনুৰাগীৰ যোৱা ১২ ডিচেম্বৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)এ আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনৰ
জুবিন গাৰ্গ গোচৰত SITৰ চাৰ্জশ্বীট দাখিলক আদৰণি
হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ ধন্যবাদ জুবিন অনুৰাগীৰ
জুবিন গাৰ্গৰ ন্যায়ত ৰাজনীতি নকৰিবলৈ বিৰোধীক কঠোৰ আহ্বান অনুৰাগীৰ
যোৱা ১২ ডিচেম্বৰত কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰা হ’ল জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট (SIT)এ আদালতত দাখিল কৰে জুবিন গাৰ্গৰ ৰহস্যজনৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ চাৰ্জশ্বীট। মূল অভিযুক্ত হিচাপে ধৰা হৈছে ৭টা অভিযুক্তক। ন্যায়িক জিম্মাত থকা ৪ অভিযুক্তৰ বিৰুদ্ধে ১০৩ ধাৰা আৰোপ কৰা হৈছে। হত্যাৰ গোচৰত BNSৰ ১০৩ ধাৰা প্রয়োগ কৰা হয়। সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, অমৃতপ্রভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী বিৰুদ্ধে ১০৩ ধাৰা আৰোপ কৰা হৈছে। সন্দীপন গাৰ্গৰ বিৰুদ্ধে আৰোপ কৰা হৈছে ১০৫ ধাৰা। PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে CBT প্রয়োগ কৰা হৈছে। বিশ্বাস ভংগৰ অভিযোগত প্রয়োগ কৰা হয় BNSৰ এই CBT। ২৫০ জনক সাক্ষী হিচাপে ধৰা হৈছে সমগ্ৰ গোচৰটোত।
চাৰ্জশ্বীট দাখিলৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি তথা জুবিন গাৰ্গৰ অনুৰাগীসকলে SITৰ প্ৰতিবেদনখনক আদৰণি জনাইছে। তেওঁলোকে কয়, এই প্ৰতিবেদনখন দাখিল হোৱাটো ন্যায়ৰ দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰক্ৰিয়াটো সঠিকভাৱে আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্তৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু তেওঁৰ নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। অসমৰ হাৰ্টথ্ৰুৱ জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় দুমাহৰ পিছত দাখিল হোৱা চাৰ্জশ্বীটখনত অনুৰাগীসকল কিছু আশ্বস্ত হৈছে। চাৰ্জশ্বীটত উল্লেখিত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত, অমৃতপ্রভা মহন্ত, শেখৰজ্যোতি গোস্বামী আৰু ন্দীপন গাৰ্গে যাতে উচিত শাস্তি পায়, তাৰ বাবে অনুৰাগীসকলে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে। অনুৰাগীসকলৰ মতে – যিসকল দোষী, তেওঁলোকক আইন অনুসাৰে শাস্তি পোৱাটো বাধ্যতামূলক। এই প্ৰসংগত অনুৰাগীসকলে পুনৰ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে আৰু আশা প্ৰকাশ কৰে যে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই বিষয়টো শেষ পৰ্যন্ত ন্যায় সংগতভাৱে আগবঢ়াই নিব।
লগতে, চাৰ্জশ্বীট দাখিল হোৱাক লৈ যাতে কোনো ৰাজনৈতিক দলে ৰাজনীতি নকৰে, তাৰ বাবেও অনুৰাগী সকলে বিৰোধীসকলক কঠোৰ আহ্বান জনাইছে। ন্যায়ৰ বিষয়টো ৰাজনীতিৰ পৰা আঁতৰি থকাটোৱেই সকলোৰে কাম্য বুলি তেওঁলোকে উল্লেখ কৰে। অনুৰাগীসকলৰ মতে, জুবিন গাৰ্গে নিজেও ৰাজনীতি ভাল পোৱা নাছিল। সেয়ে তেওঁৰ নামত বা তেওঁৰ ন্যায়ৰ দাবীত কোনো ধৰণৰ ৰাজনৈতিক স্বাৰ্থ জড়িত হ’ব নালাগে। সৰ্বশেষত অনুৰাগীসকলে আশা প্ৰকাশ কৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰি ন্যায়ৰ ওপৰত জনতাৰ বিশ্বাস অটুট ৰাখিব। জুবিন গাৰ্গৰ স্মৃতিত ন্যায় প্ৰদান হোৱাটোৱেই সকলো অনুৰাগীৰ প্ৰধান আকাংক্ষা।


















Leave a Comment
Your email address will not be published. Required fields are marked with *