মাত্ৰ ৫০ হাজাৰ ভিৰেই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কলিকতা প্ৰশাসনেমেছিৰ অনুষ্ঠানত উন্মোচিত কলিকতাৰ অক্ষমতা“মেছিৰ অনুষ্ঠান অসমত হ’লে এনে পৰিবেশ কেতিয়াও নহ’ল হেতেন”: অসমীয়াৰ কঠোৰ মন্তব্য কলিকতাৰ চল্ট লেক ষ্টেডয়ামলৈ আহিছিল তাৰকা ফুটবলাৰ মেছি। বিশ্বৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিক চাবলৈ কলিকতাত সমবেত হৈছিল প্ৰায় ৫০ হাজাৰ দৰ্শক। কিন্তু নিৰ্ধাৰিত সময়তকৈ ১০ মিনিট আগতেই মেছিয়ে ষ্টেডিয়াম এৰি যোৱাৰ
মাত্ৰ ৫০ হাজাৰ ভিৰেই নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে কলিকতা প্ৰশাসনে
মেছিৰ অনুষ্ঠানত উন্মোচিত কলিকতাৰ অক্ষমতা
“মেছিৰ অনুষ্ঠান অসমত হ’লে এনে পৰিবেশ কেতিয়াও নহ’ল হেতেন”: অসমীয়াৰ কঠোৰ মন্তব্য
কলিকতাৰ চল্ট লেক ষ্টেডয়ামলৈ আহিছিল তাৰকা ফুটবলাৰ মেছি। বিশ্বৰ তাৰকা ফুটবলাৰ লিঅ’নেল মেছিক চাবলৈ কলিকতাত সমবেত হৈছিল প্ৰায় ৫০ হাজাৰ দৰ্শক। কিন্তু নিৰ্ধাৰিত সময়তকৈ ১০ মিনিট আগতেই মেছিয়ে ষ্টেডিয়াম এৰি যোৱাৰ পাছতেই উত্তেজিত জনতাই ষ্টেডিয়াম ভাঙি লণ্ডভণ্ড কৰে। আসন ভাঙি পেলোৱা, হুলস্থূল, বিশৃঙ্খলতাৰ পৰিৱেশ সৃষ্টি কৰে, মুঠতে কলিকতা প্ৰশাসনৰ সম্পূৰ্ণ ব্যৰ্থতা স্পষ্ট হৈ পৰে এই ঘটনাত। মাত্ৰ ৫০ হাজাৰৰ জনসমাগমো নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে।
ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা যায় অসমত। অসমত বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বহু বৃহৎ অনুষ্ঠান সফলভাৱে সম্পন্ন হৈ গৈছে। অলপতে বৰষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ টেষ্ট ক্ৰিকেট খেলেই হওঁক বা আন ডাঙৰ ক্ৰীড়া অনুষ্ঠানে হওঁক, অসমৰ প্ৰশাসনে সদায় সুচাৰুভাৱে জনতাৰ ভিৰ নিয়ন্ত্ৰণ কৰি দেখুৱাইছে।
আনহাতে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ত ১০ লক্ষাধিক লোক শেষ বাৰৰ বাবে “অসমৰ হাৰ্টথ্ৰুব”ক চাবলৈ ভিৰ কৰিছিল। তেনেকুৱা আবেগময় আৰু বিশাল জনসমাগমো অসম প্ৰশাসনে কোনো বিশৃঙ্খলা নোহোৱাকৈ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি অলপতে অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় তাৰকা প’ষ্ট মেলনৰ অনুষ্ঠান, গুৱাহাটীৰ লাচিত ঘাটত এয়াৰ শ্ব’ৰ জৰিয়তে সামৰিক শক্তিৰ প্ৰদৰ্শন, প্ৰতিটো ক্ষেত্ৰতেই অসম প্ৰশাসনৰ দক্ষতা প্ৰমাণিত হৈছে। অসম প্ৰশাসনৰ এই সফলতাৰ মূল কাৰণ হ’ল VIP Culture নোহোৱা। কলিকতাত মেছিৰ অনুষ্ঠানত ৰাজনৈতিক VIP সকলে তাৰকাৰ কাষে কাষে ঘূৰি ফুৰাৰ ফলতেই এই অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হয়। আগতেও আই পি এলত আৰ চি বি জিকাৰ সময়ত একে ধৰণৰ ঘটনা ঘটিছিল। মূল কাৰণ আছিল VIP Culture।
উল্লেখ্য যে, মেছিক চাবলৈ যোৱা এজন অসমীয়াৰ মুখেৰে প্ৰকাশিত সমগ্ৰ ঘটনাৰ বিবৰণ। তেওঁ কয় – “আমাৰ অসমীয়া মানুহখিনি বহুত উন্নত। মেছিৰ অনুষ্ঠান অসমত হ’লে এনে পৰিবেশ কেতিয়াও নহ’ল হেতেন। এনেধৰণৰ অনুষ্ঠান হ’লে আপোনালোকে কেতিয়াও কলকাতালৈ নাযাব।” কলিকতাৰ চল্ট লেক ষ্টেডিয়ামত মেছিৰ অনুষ্ঠানৰ পাছত সৃষ্টি হোৱা বিশৃঙ্খল পৰিস্থিতি দেখি এজন অসমীয়াই এই মন্তব্য কৰিছিল।
কলকাতাৰ মেছিৰ অনুষ্ঠানৰ পিছত সৃষ্টি হোৱা বিশৃঙ্খলাই দুখন ৰাজ্যৰ মাজৰ পাৰ্থক্যটো পুনৰ এবাৰ স্পষ্ট কৰি দিলে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *