728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ অসমত বানপানীৰ স্থায়ী সমাধানৰ দিশে ৰাজ্য চৰকাৰ বানপানী নিয়ন্ত্ৰণত জিঅ’ মেগা টিউব বাধ্যতামূলক- ঘোষণা মন্ত্ৰী হাজৰিকাৰ আজি জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। কপিলী নৈৰ সোঁপাৰে চলি থকা ৬.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি শক্তিশালীকৰণৰ কামত জিঅ’ মেগা টিউব প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। চলি

দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

অসমত বানপানীৰ স্থায়ী সমাধানৰ দিশে ৰাজ্য চৰকাৰ

বানপানী নিয়ন্ত্ৰণত জিঅ’ মেগা টিউব বাধ্যতামূলক- ঘোষণা মন্ত্ৰী হাজৰিকাৰ

আজি জাগীৰোড সমষ্টিৰ দক্ষিণ ধৰমতুলত মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই। কপিলী নৈৰ সোঁপাৰে চলি থকা ৬.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি শক্তিশালীকৰণৰ কামত জিঅ’ মেগা টিউব প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। চলি থকা এই কামৰ গতি-প্ৰগতি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। ইফালে, অঞ্চলটোৰ মথাউৰিৰ সমীপৰ এটা জলাশয়ৰ পৰা মাটিৰ তলেৰে পানী কপিলী নৈলৈ নিগৰি যোৱাৰ ফলত মাটি বগৰি পৰে আৰু মথাউৰিৰ এটা অংশ খহি যায়। এই দুৰ্ভাগ্যজনক ঘটনাত কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয়। উক্ত ঘটনাৰ পাছতেই জলসম্পদ বিভাগে জৰুৰীভাৱে জলাশয়ৰ পানী বাহিৰ কৰাৰ ব্যৱস্থা হিচাপে নলা খনন কৰে আৰু সাময়িক সকাহ দিয়ে।

পৰিস্থিতিৰ গুৰুত্ব বুজি মন্ত্ৰী হাজৰিকাই আজিৰ পৰিদৰ্শনত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি সান্ত্বনা জনায়। লগতে বিভাগীয় কৰ্মচাৰীসকলক সম্পূর্ণ ক্ষয়-ক্ষতিৰ তালিকা তৎক্ষণাত সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিস্থিতি মূল্যায়ন কৰি মন্ত্ৰী হাজৰিকাই কয়, “এই অঞ্চলৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰে প্রয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় প্ৰদানৰ ব্যৱস্থা অতি শীঘ্ৰই লোৱা হ’ব।”

বানপানীৰ দীৰ্ঘম্যাদী সমাধানৰ কথাও উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় যে আগলৈ সকলো নতুন মথাউৰি নিৰ্মাণত জিঅ’ মেগা টিউব প্ৰযুক্তি বাধ্যতামূলক কৰা হ’ব। এই আধুনিক প্ৰযুক্তিয়ে নদীকূল ক্ষয় ৰোধ, বানপানী নিয়ন্ত্ৰণ আৰু মথাউৰি শক্তিশালীকৰণত বিশেষ সহায় কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

দক্ষিণ ধৰমতুলৰ এই পৰিদৰ্শন স্থানীয় লোকসকলৰ মাজত ইতিবাচকতাৰ সৃষ্টি কৰিছে। সমস্যাটোৰ স্থায়ী সমাধানৰ দিশত চৰকাৰ ইতিমধ্যে গম্ভীৰভাৱে কাম আৰম্ভ কৰিছে বুলি স্থানীয় মহলে মত প্ৰকাশ কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!