728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ! জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ…

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ! জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগ…

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ। জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস ৷ ‘বলীউডৰ হি-মেন’ খ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। বিগত কিছুদিন পূৰ্বে ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী । সূত্ৰই জনোৱা মতে, ধৰ্মেন্দ্ৰ ভেণ্টিলেটৰৰ সহায়ত আছিল আৰু সংকটজনক

সামৰণি পৰিল দেশৰ অভিনয় জগতৰ এটি বৰ্ণিল অধ্যায়ৰ। জনপ্ৰিয় প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰই ত্যাগ কৰিলে শেষ নিশ্বাস ৷ ‘বলীউডৰ হি-মেন’ খ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।মুম্বাইৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

বিগত কিছুদিন পূৰ্বে ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী । সূত্ৰই জনোৱা মতে, ধৰ্মেন্দ্ৰ ভেণ্টিলেটৰৰ সহায়ত আছিল আৰু সংকটজনক অৱস্থাত আছিল । তাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হয় তেওঁক আৰু ঘৰতে চিকিৎসা চলাই থকা হৈছিল ৷

তেওঁৰ অন্তিম মুহূৰ্তত পুত্ৰ ছানী দেওল আৰু ববী দেওল, পত্নী হেমা মালিনীকে ধৰি পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল । তেওঁৰ বিয়োগে চিনেমা জগতলৈ শোকৰ ছাঁ কঢ়িয়াই আনিছে ৷ অনুৰাগীসকল দুখত ভাঙি পৰিছে । ষাঠি বছৰতকৈও অধিক সময় ধৰি ভাৰতীয় চিনেমাৰ এগৰাকী উজ্জ্বল তাৰকা হিচাপে জিলিকি আছিল ধৰ্মেন্দ্ৰ ।

অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে দেশবাসীক। অভিনেতাগৰাকীৰ বিয়োগত শোকপ্ৰকাশ কৰিছে প্রধানমন্ত্ৰী মোদীয়ে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!