অসমত সংখ্যালঘুত পৰিণত হোৱাৰ দিশত হিন্দুঅনুপ্ৰৱেশ আৰু জনসংখ্যা বিস্ফোৰণৰ ভয়ংকৰ প্ৰভাৱ অসমৰ জনগাঁথনিগত পৰিৱৰ্তনে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ অনুপ্ৰৱেশ, সামাজিক-অৰ্থনৈতিক বৈষম্য আৰু ৰাজনৈতিক স্বাৰ্থৰ লগত জড়িত এক দীৰ্ঘ প্ৰক্ৰিয়াই আজিৰ অসমক এক গভীৰ সংকটৰ দিশে ঠেলি দিছে। অনুপ্ৰৱেশৰ ফলত তথা সেই অনুপ্ৰৱেশকাৰীক ৰাজনৈতিক অংকৰ বাবে অসমৰ ভূমিত ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এতিয়া ভয়ংকৰ বিপদৰ
অসমত সংখ্যালঘুত পৰিণত হোৱাৰ দিশত হিন্দু
অনুপ্ৰৱেশ আৰু জনসংখ্যা বিস্ফোৰণৰ ভয়ংকৰ প্ৰভাৱ
অসমৰ জনগাঁথনিগত পৰিৱৰ্তনে এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে৷ অনুপ্ৰৱেশ, সামাজিক-অৰ্থনৈতিক বৈষম্য আৰু ৰাজনৈতিক স্বাৰ্থৰ লগত জড়িত এক দীৰ্ঘ প্ৰক্ৰিয়াই আজিৰ অসমক এক গভীৰ সংকটৰ দিশে ঠেলি দিছে। অনুপ্ৰৱেশৰ ফলত তথা সেই অনুপ্ৰৱেশকাৰীক ৰাজনৈতিক অংকৰ বাবে অসমৰ ভূমিত ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এতিয়া ভয়ংকৰ বিপদৰ ফালে অগ্ৰসৰ হৈছে অসম৷
বিগত পাঁচ দশকত অসমত হিন্দু-মুছলমান জনসংখ্যাৰ অনুপাত ভয়ংকৰভাৱে সলনি হৈছে। সমীক্ষা অনুসৰি ১৯৭১ চনৰ পিয়ল মতে অসমত হিন্দু ৭২.৫১ শতাংশ থকাৰ বিপৰীতে মুছলমান আছিল ২৪.৫৬ শতাংশ, ১৮৯১ চনত হিন্দুৰ সংখ্যা হ্ৰাস পাই ৬৭.১৩ শতাংশ আৰু মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈ ২৮.৪৮ শতাংশ হয়৷ ঠিক একেদৰে ২০০৬ চনত হিন্দুৰ সংখ্যা ৬৪.৮৯ শতাংশ হোৱাৰ বিপৰীতে মুছলমানৰ সংখ্যা বৃদ্ধি হৈ ৩০.৯২ শতাংশ হয়গৈ৷ ২০১১ চনত হিন্দু হয়গৈ ৬১.৪৬ শতাংশ আৰু মুছলিম বৃদ্ধি হৈ হয়গৈ ৩৪.২২ শতাংশ৷ ২০২১ (প্ৰজেক্টেড)ৰ হিচাপ মতে হিন্দুৰ সংখ্যা কমি গৈ ৫৭ শতাংশ হোৱাৰ বিপৰীতে মুছলমানৰ সংখ্যা হয়গৈ ৩৮ শতাংশৰো অধিক৷ আৰু আজি অৰ্থাৎ ২০২৫ চনত নিশ্চিতকৈ মুছলমানৰ সংখ্যা ৪৪-৪৫ শতাংশলৈ বৃদ্ধি হৈছে৷ এই বিপজ্জনক গতি যদি অব্যাহত থাকে, তেন্তে অহা ১২-১৩ বছৰৰ ভিতৰতে অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হ’ব। অসমত হিন্দুসকল হৈ পৰিব সংখ্যালঘু৷
জনগাঁথনিগত এই পৰিৱৰ্তনে কেৱল ধৰ্মীয় বা সংস্কৃতিক দিশতেই নহয়, অৰ্থনৈতিক আৰু পৰিৱেশগত দিশতো গভীৰ প্ৰভাৱ পেলাব বুলি সমাজবিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। অসমৰ সীমিত সম্পদ, ভূমি আৰু সুযোগ-সুবিধাৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰি জনসংখ্যা বিস্ফোৰণ ইতিমধ্যে এক গম্ভীৰ সমস্যা হৈ পৰিছে।
স্বাভাৱিকতে মুছলমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে আন ধৰ্মাৱলম্বী লোকসকলক কিছু পৰিমাণে আতংকিত কৰিছে। প্ৰায়েই মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ লগত ধৰ্মীয় আগ্ৰাসনৰ গোপন পৰিকল্পনা আৰু নব্য উগ্ৰ ইছলামিক সাম্ৰাজ্যবাদৰ সম্পৰ্ক থকা বুলি ক’ব পাৰি৷ মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰা দেশত প্ৰায়েই কঠোৰ ইছলামিক নিয়ম নীতি প্ৰৱৰ্তিত হয় আৰু আন ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ উৎপীড়ন হয়। পাকিস্তান আৰু বাংলাদেশৰ দৰে চুবুৰীয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশৰ পৰা হিন্দু আৰু অন্যান্য ধৰ্মাৱলম্বী লোকে পলায়ন কৰিবলগীয়া অৱস্থা হোৱাৰ বাবে মুছলমানৰ সংখ্যা বৃদ্ধিৰ প্ৰতি হিন্দুসকল অস্তিত্বৰ সংকটত পৰিছে।
মুছলমানৰ দ্ৰুত সংখ্যাবৃদ্ধিয়ে অসমত বসবাস কৰা আন ধৰ্মাৱলম্বী লোকসকলক কিছু পৰিমাণে চিন্তিত কৰিছে। এই চিন্তাৰ এটা মূল কাৰণ হ’ল বহুতো লোকে আশংকা কৰে যে অসমত মুছলমান সংখ্যাগৰিষ্ঠ হৈ পৰিলে গোড়া ইছলাম ধৰ্মীয় সংস্কৃতিৰ আগ্ৰাসনত অসমীয়া মানুহৰ জাতীয় অস্তিত্ব আৰু থলুৱা সংস্কৃতি বিপন্ন হৈ পৰিব। ছবছৰীয়া অসম আন্দোলনৰ এটা মূল কাৰণ আছিল অভিবাসী মুছলমানৰ ব্যাপক সংখ্যাবৃদ্ধিৰ বাবে থলুৱা লোকৰ অস্তিত্বৰ সংকট আৰু অসমৰ কেইবাখনো জিলাত জনগাঁঠনিৰ পৰিৱৰ্তন।
অসমৰ ৯ খন জিলা ইতিমধ্যে মুছলমান সংখ্যাগৰিষ্ঠ জিলাত পৰিণত হৈছে৷ এই জিলাসমূহ হ’ল- বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও, হোজাই, কৰিমগঞ্জ, হাইলাকান্দি, বঙাইগাঁও আৰু মৰিগাঁও। ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত ৪৯ টাতে মুছলমান নিৰ্ণায়ক ভূমিকাত অৱতীৰ্ণ হৈছে। এই বৃদ্ধিৰ হাৰ অপৰিৱৰ্তিত হৈ থাকিলে অহা ১৫ বছৰৰ ভিতৰতে অসম মুছলমান সংখ্যাগৰিষ্ঠ ৰাজ্যত পৰিণত হ’ব।
অসমৰ জনসংখ্যা বিস্ফোৰণ আৰু জনগাঁথনিৰ পৰিৱৰ্তন বিষয়টো সমাজ বিজ্ঞানৰ দিশৰ পৰা নতুনকৈ চিন্তা-চৰ্চা কৰাৰ প্ৰয়োজন হৈছে। জনসংখ্যা বৃদ্ধিৰ কাৰকবোৰৰ ওপৰত ভালদৰে অধ্যয়ন আৰু গৱেষণা হ’ব লাগে যাতে জনসংখ্যা নিয়ন্ত্ৰণৰ বৈজ্ঞানিক সমাধান সূত্ৰ উলিয়াব পৰা যায়। মুছলমানকে ধৰি আন আন পিছপৰা জাতি জনগোষ্ঠীসমূহৰ প্ৰজনন হাৰৰ তুলনামূলক অধ্যয়ন জনসংখ্যা বৃদ্ধিৰ উমৈহতীয়া কাৰকসমূহ চিনাক্ত কৰাত সহায়ক হ’ব পাৰে।
অসমৰ জনগাঁথনিগত পৰিৱৰ্তনে আজি এক জটিল সামাজিক বাস্তৱতা সৃষ্টি কৰিছে। ইয়াৰ প্ৰভাৱ কেৱল ধৰ্মীয় সমতাত নহয়, ৰাজ্যৰ অর্থনীতি, সংস্কৃতি আৰু পৰিচয়ৰ অস্তিত্বৰ ওপৰতো গভীৰভাৱে পৰি আছে।
জনসংখ্যাগত পৰিৱৰ্তনৰ এই প্ৰবণতা যদি নিয়ন্ত্ৰণ নহয়, তেন্তে “অসম” নামৰ এই ভূ-খণ্ডই নিজৰ পৰিচয় হেৰুৱাব বুলি বিশ্লেষকসকলে আশংকা প্ৰকাশ কৰিছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *