শ্ৰীলংকাৰ কলোম্বস্থিত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত আজি কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৰণত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত শ্ৰীলংকাৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন (ICCR)-এ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ICCR-এ শিল্পীগৰাকীৰ অকাল মৃত্যুক সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। শিল্পীগৰাকীৰ মায়াসনা সুৰবোৰ জনতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব
শ্ৰীলংকাৰ কলোম্বস্থিত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰত আজি কিংবদন্তি কণ্ঠশিল্পী জুবিন গাৰ্গৰ স্মৰণত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত শ্ৰীলংকাৰ ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন (ICCR)-এ জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ICCR-এ শিল্পীগৰাকীৰ অকাল মৃত্যুক সংগীত আৰু সাংস্কৃতিক ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰে। শিল্পীগৰাকীৰ মায়াসনা সুৰবোৰ জনতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব বুলি আইচিচিআৰে প্ৰকাশ কৰে৷ উল্লেখ্য যে, ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিলেচন(ICCR) ভাৰত চৰকাৰৰ এক স্বায়ত্তশাসিত সংস্থা৷ এই সংস্থাটো ভাৰতৰ বিশ্বব্যাপী সাংস্কৃতিক সম্পৰ্কৰ সৈতে জড়িত৷ অনুষ্ঠানত স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক/সচিব অধ্যাপক অংকুৰণ দত্ত উপস্থিত থাকি জুবিন গাৰ্গৰ সংগীতৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *