🔹গৌৰৱ গগৈৰ নিৰ্দেশত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু🔹কংগ্ৰেছক তীব্ৰ প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ🔹অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা কোৱাৰ বাবে কংগ্ৰেছে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছেঃ মন্ত্ৰী পীযুষ হাজৰীকা মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছৰ৷ সামাজিক মাধ্যমত ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা আপত্তিজনক ভিডিঅ’ মুকলি কৰা বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছে ৰুজু কৰে গোচৰ৷ মন্ত্ৰী
🔹গৌৰৱ গগৈৰ নিৰ্দেশত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু
🔹কংগ্ৰেছক তীব্ৰ প্ৰত্যাহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ
🔹অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা কোৱাৰ বাবে কংগ্ৰেছে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছেঃ মন্ত্ৰী পীযুষ হাজৰীকা
মন্ত্ৰী পীযুষ হাজৰীকাৰ বিৰুদ্ধে গোচৰ ৰুজু কংগ্ৰেছৰ৷ সামাজিক মাধ্যমত ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা আপত্তিজনক ভিডিঅ’ মুকলি কৰা বুলি মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি কংগ্ৰেছে ৰুজু কৰে গোচৰ৷ মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিজেপিৰ ছ’চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে ৰুজু কৰে গোচৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশত, দলটোৰ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যম বিভাগে আজি দিছপুৰ থানাত গোচৰ ৰুজু কৰে। এই সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই সামাজিক মাধ্যমৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কথা কোৱাৰ বাবে কংগ্ৰেছে মোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে৷ এয়া খুবেই লজ্জাজনক বিষয়৷ আমি ভয় নকৰো৷ জনগাঁথনিগত পৰিৱৰ্তনৰ বিৰুদ্ধে কথা কোৱাৰ বাবে কংগ্ৰেছে বিজেপিৰ কৰ্মীসকলক ভয় খুৱাবলৈ চেষ্টা চলোৱা বুলি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷ কংগ্ৰেছক আক্ৰমণ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ দৰে এটা মিঞাৰ দল যদি ক্ষমতালৈ আহে, অসমীয়া সংস্কৃতিলৈ ভাবুকি আহি পৰিব৷ কল্পনা কৰকচোন যদি এই মিঞাৰ দল যদি ক্ষমতালৈ আহে আমাৰ সংস্কৃতিৰ কি হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে৷


















Leave a Comment
Your email address will not be published. Required fields are marked with *