গৌৰৱ গগৈক জন্মদিনৰ শুভেচ্ছা নজনালে খোদ কংগ্ৰেছ নেতাইশীৰ্ষ নেতাই একাষৰীয়া কৰিলে গৌৰৱকবিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা সাধাৰণতে দলৰ কোনো মুখ্য সদস্যৰ ওপজা দিন হ’লে দলীয় নেতা-কৰ্মীসকলে সামাজিক মাধ্যমত শুভেচ্ছা জনোৱাটো এক অঘোষিত নিয়ম। কংগ্ৰেছ, বিজেপি সকলোতে এই নিয়ম প্ৰযোজ্য হৈ আছে। কিন্তু দলৰে সভাপতিগৰাকীক ওপজা দিনৰ শুভেচ্ছা নজনোৱাটোৱে কংগ্ৰেছত যে এক অঘোষিত সংঘাত চলি
গৌৰৱ গগৈক জন্মদিনৰ শুভেচ্ছা নজনালে খোদ কংগ্ৰেছ নেতাই
শীৰ্ষ নেতাই একাষৰীয়া কৰিলে গৌৰৱক
বিষয়টোক লৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চা
সাধাৰণতে দলৰ কোনো মুখ্য সদস্যৰ ওপজা দিন হ’লে দলীয় নেতা-কৰ্মীসকলে সামাজিক মাধ্যমত শুভেচ্ছা জনোৱাটো এক অঘোষিত নিয়ম। কংগ্ৰেছ, বিজেপি সকলোতে এই নিয়ম প্ৰযোজ্য হৈ আছে। কিন্তু দলৰে সভাপতিগৰাকীক ওপজা দিনৰ শুভেচ্ছা নজনোৱাটোৱে কংগ্ৰেছত যে এক অঘোষিত সংঘাত চলি আছে সেয়া স্পষ্ট হৈ পৰিল। আজি গৌৰৱ গগৈৰ জন্মদিন। পুৱাৰে পৰা গৌৰৱক জন্মদিনৰ শুভেচ্ছা প্ৰদানৰ বাৰ্তা কংগ্ৰেছৰ সাধাৰণ নেতা-কৰ্মীৰ মাজত দেখা গ’ল। আনহাতে, কংগ্ৰেছৰ সদস্য নহ’লেও উচ্ছেদ অভিযানৰ পৰা ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বাবে এটা বিশেষ সম্প্ৰদায়ৰ ব্যক্তিৰ মাজত গৌৰৱৰ জন্মদিনৰ উৎসাহ সামাজিক মাধ্যমত পৰিলক্ষিত হ’ল। তাৰ মাজতে কিন্তু দেবব্ৰত শইকীয়া, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা আদি অসম কংগ্ৰেছৰ শীৰ্ষ নেতাই সামাজিক মাধ্যমত আজি গৌৰৱ গগৈক জন্মদিনৰ শুভেচ্ছা প্ৰদান কৰা দেখা নগ’ল। এই বিষয়টোৱে নেটিজেনক আজি ব্যস্ত কৰি ৰাখে। লোকসভাৰ সকলো সাংসদক জন্মদিনৰ শুভেচ্ছা জনোৱা নীতিন গাডকাৰীয়ে গৌৰৱক শুভেচ্ছা জনায়। কিন্তু স’ততে ৰাষ্ট্ৰীয় ৰাজনীতিত কংগ্ৰেছে গৌৰৱক স্থান দিয়া বুলি উল্লেখ কৰি থকাসকল আজি মৌন হৈ পৰিল৷ নীতিন গাডকাৰীয়ে মনত পেলাই দিয়াৰ পাছতো, ৰাহুল গান্ধী, খৰ্গেকে আদি কৰি কোনো ৰাষ্ট্ৰীয় নেতৃত্বয়ো গৌৰৱক সামাজিক মাধ্যমত শুভেচ্ছা নজনালে৷ যেন গৌৰৱক একাষৰীয়া কৰা হৈছে।
উল্লেখ্য যে কেইদিনমান পূৰ্বে মীৰা বৰঠাকুৰ গৌৰৱ গগৈৰ বাবে ৫ ঘণ্টা অপেক্ষা কৰিবলগীয়া হৈছিল আৰু গৌৰৱে নিজৰ ফোন বন্ধ কৰি ৰাখিছিল৷ এই সন্দৰ্ভত দেবব্ৰত শইকীয়াই গৌৰৱ গগৈক লৈ সামাজিক মাধ্যমত এক বিশেষ প’ষ্ট দিয়াক লৈও যথেষ্ট চৰ্চা চলিছিল। তথাপি নেতৃত্বক আনন্দিত কৰি ৰখাৰ স্বাৰ্থত মীৰা বৰঠাকুৰে অৱশ্যে গৌৰৱক শুভেচ্ছা জনায়। কংগ্ৰেছৰ শীৰ্ষ নেতাই গৌৰৱক জন্মদিনৰ শুভেচ্ছা নজনোৱা বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰাৰ পাছত অৱশ্যে দুগৰাকীমানৰ চকু মেল খায় আৰু পিছবেলালৈ নিয়মমাফিক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে। বিশেষকৈ গৌৰৱ গগৈক দুপৰীয়ালৈ ফোন বন্ধ কৰি থোৱা বুলি কোৱা দেৱব্ৰতে বিয়লি ৩ বজাতেহে শুভেচ্ছা জনাই যেন বুজাই দিব খুজিছে যে তুমি যদি দেৰিলৈকে শুই থকা, ময়ো থাকিব পাৰোঁ।
শেহতীয়াকৈ গৌৰৱ গগৈয়ে নিজৰ অনুগামী তথা কৰ্মীক কৰা অপব্যৱহাৰৰ বিভিন্ন ছবি আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত তেওঁৰ অনুগামীসকলো যথেষ্ট ক্ষোভত আছে৷ তথাপি শীৰ্ষ দলীয় নেতাই গৌৰৱক জন্মদিনৰ শুভেচ্ছা নজনোৱাটোৱে কংগ্ৰেছৰ দলীয় সংঘাত যে এতিয়া তুংগত সেয়া স্পষ্ট কৰিছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *