দাসৰ বিৰুদ্ধে একনায়কত্ববাদ, স্বেচ্ছাচাৰীতা, অনুশাসন ভংগ, বিত্তীয় কেলেংকাৰীৰ অভিযোগৰুবুল দাসক অনুসূচিত জাতিৰ বাবে কলংক আখ্যাডিব্ৰুগড়ৰ ড০ বি আৰ আম্বেদকাৰ ভৱনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল ডিব্ৰুগড় জিলাৰ ড০ বি আৰ আম্বেদকাৰ ভৱনত আয়োজিত এক সংবাদমেলত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। সংবাদমেলখনত সংগঠনৰ উপ-সভাপতিদ্বয়
দাসৰ বিৰুদ্ধে একনায়কত্ববাদ, স্বেচ্ছাচাৰীতা, অনুশাসন ভংগ, বিত্তীয় কেলেংকাৰীৰ অভিযোগ
ৰুবুল দাসক অনুসূচিত জাতিৰ বাবে কলংক আখ্যা
ডিব্ৰুগড়ৰ ড০ বি আৰ আম্বেদকাৰ ভৱনত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল
ডিব্ৰুগড় জিলাৰ ড০ বি আৰ আম্বেদকাৰ ভৱনত আয়োজিত এক সংবাদমেলত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমে কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিষ্কাৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। সংবাদমেলখনত সংগঠনৰ উপ-সভাপতিদ্বয় হেমকান্ত দাস আৰু মুক্তিনাথ দাসে কয়, ৰুবুল দাসে বিষয়ববীয়া বাছনি প্ৰক্ৰিয়া চতুৰতাৰ সৈতে নিয়ন্ত্ৰণ কৰি সভাপতি পদত পুনৰ বহি সংগঠনটোত একনায়কত্ববাদ আৰম্ভ কৰিছিল।
সংগঠনৰ সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাসৰ অধিকাৰ খৰ্ব কৰা, ছীল-পেড আৰু বিত্তীয় নথিপত্ৰ গৃহত আবদ্ধ কৰি ৰাখা, পত্নীৰ একাউণ্টৰ জৰিয়তে বৰঙনি সংগ্ৰহ কৰা আদি একাধিক অভিযোগত অভিযুক্ত কৰা হৈছে কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক। সংবাদমেলত উপ-সভাপতিদ্বয়ে লগতে কয় যে ৰুবুল দাসে সংগঠনটোক গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰিৱৰ্তে নিজৰ ফ্লেটৰ পৰা চলোৱা আৰু বিষয়ববীয়াসকলক ভাবুকি দি অব্যাহতি দিয়াটো সংবিধান-বিৰোধী পদক্ষেপ। অভিযোগ অনুসৰি, বিত্তীয় কেলেংকাৰীৰ উপৰি ৰাজনৈতিক আন্দোলনকো ব্যক্তিগত স্বাৰ্থ পূৰণৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল ৰুবুল দাসে। নুপূৰ সাহা নামৰ ঠিকাদাৰৰ সৈতে ধনৰ লেনদেন, কেওঁট সম্প্ৰদায়ক SC তালিকাভুক্তিৰ বিৰোধিতাৰ নাটক আৰু চন্দ্ৰনা দেৱক লক্ষ্য কৰি সংগঠনক বিভ্ৰান্ত কৰাৰ কথাও সংবাদমেলত উত্থাপন কৰা হয়।
এই সকলো আচৰণে পৰিষদৰ প্ৰতিচ্ছবিক ক্ষতিগ্ৰস্ত কৰাৰ অভিযোগত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে সংবিধানৰ ধাৰা নং ১০ অনুসৰি ৰুবুল দাসক সভাপতি পদৰ লগতে প্রাথমিক সদস্যপদৰ পৰাও বহিষ্কাৰ কৰে। সংবাদমেলত উপস্থিত সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাস, সাংগঠনিক সম্পাদক অভিজিত দাস আৰু তথ্য-সাহিত্য সম্পাদক সুমিত প্ৰীতম দাসে এই সিদ্ধান্তক “ৰাইজৰ স্বার্থৰ বাবে আৱশ্যকীয় পদক্ষেপ” বুলি মন্তব্য কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *