কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এই অনুষ্ঠানৰ আৰম্ভণিগোলাপ বৰবৰাৰ জীৱন আধাৰিত গ্ৰন্থৰ উন্মোচন ১৯৭৮ চনত মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত গোলাপ বৰবৰা হৈ পৰিছিল অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্রী। আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গোলাপ বৰবৰাস জন্ম শতবার্ষিকী শুভাৰম্ভ কৰি অমিত শ্বাহে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতটিৰ উল্লেখ কৰি কয় যে গোলাপ বৰবৰাই মানুহৰ বাবে চিন্তা কৰিছিল।
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত এই অনুষ্ঠানৰ আৰম্ভণি
গোলাপ বৰবৰাৰ জীৱন আধাৰিত গ্ৰন্থৰ উন্মোচন
১৯৭৮ চনত মুখ্যমন্ত্ৰীৰূপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত গোলাপ বৰবৰা হৈ পৰিছিল অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্রী। আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গোলাপ বৰবৰাস জন্ম শতবার্ষিকী শুভাৰম্ভ কৰি অমিত শ্বাহে সুধাকণ্ঠৰ ‘মানুহে মানুহৰ বাবে’ গীতটিৰ উল্লেখ কৰি কয় যে গোলাপ বৰবৰাই মানুহৰ বাবে চিন্তা কৰিছিল।

অমিত শ্বাহে তেখেতৰ বক্তব্যত উল্লেখ কৰে যে ভোটাৰ তালিকাৰ পৰ্যবেক্ষণ কৰাৰ কাৰ্য গোলাপ বৰবৰাৰ দিনতে আৰম্ভ হৈছিল আৰু অসমত থকা সন্দেহজনক নাগৰিকৰ বিষয়টো পোহৰলৈ আনিছিল। গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এনেবোৰ কাৰণতেই সময়ে সময়ে ভোটাৰ তালিকাৰ উন্নীত কৰাৰ প্ৰক্রিয়া যে অতি প্রয়োজনীয় তাক উল্লেখ কৰে। বৰ্তমানো নির্বাচন আয়োগে পৰিচালনা কৰি থকা এছআইআৰৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, “বহুজনে এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰাটো সঁচাকৈয়ে দুর্ভাগ্যজনক, ভোটাৰ তালিকাত বিদেশী নাগৰিক সন্নিৱিষ্ট হৈ থকাটো দেশবাসীয়ে কেতিয়াও নিবিচাৰে।”
অসম চৰকাৰৰ উচ্ছেদ অভিযানৰ প্ৰশংসা কৰি কয় যে এই চৰকাৰে বনাঞ্চলৰ ভূমিৰ লগতে গুৰু দুজনাৰ অৱদান সত্ৰভূমিৰো ভূমি বেদখল মুক্ত কৰিছে। গোলাপ বৰবৰাৰ অভিযানৰ দৰে বিষয়ৰ আধাৰতেই যে ভাৰত চৰকাৰে এক হাইপাৱাৰ ডেম’গ্লাফিক চেঞ্জ মিছনৰ পৰিকল্পনা কৰিছে। পাঁচখন জিলাৰ নাম আৰু তথ্য উল্লেখ কৰি তেওঁ কয় যে অসমত আজি ১ লাখ ২৬ হাজাৰ বিঘা ভূমি বেদখল মুক্ত হৈছে। তেওঁ উল্লেখ কৰে চৰকাৰে অসমক বিদেশীমুক্ত কৰাৰ যি প্রতিশ্রুতি প্রদান কৰিছিল, সেয়া সম্পূর্ণ হোৱা নাই কিন্তু এই দিশত সম্পূর্ণ নিষ্ঠাৰে অগ্ৰসৰ হৈছে আৰু অসমক বিদেশী মুক্ত কৰাৰ পূৰ্ণ সংকল্প চৰকাৰে গ্ৰহণ কৰিছে।

তেওঁ উল্লেখ কৰে যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিজ দলৰ ব্যক্তি নোহোৱা সত্ত্বেও গোলাপ বৰবৰাৰ দৰে জনতাৰ নেতাক প্রকৃত সন্মান দিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈ উল্লেখ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে গোলাপ বৰবৰাৰ দৰে বহুজনক অৱহেলা কৰিছিল আৰু এনে ইতিহাসক গাপ দি ৰাখিবলৈ চেষ্টা কৰিছিল। আনকি গোপীনাথ বৰদলৈৰ দৰে নেতাকো ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন চৰকাৰেই ভাৰত ৰত্ন প্ৰদান কৰাৰ বিষয়েও তেওঁ উল্লেখ কৰে।
গোলাপ বৰবৰাই শাসনৰ বিকেন্দ্ৰীকৰণৰ বাবে গ্রহণ কৰা প্ৰচেষ্টাৰ বিষয়েও গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসম চৰকাৰে গোলাপ বৰবৰাৰ নামেৰে ৰাজ্যিক পঞ্চায়ত আৰু গ্রামোন্নয়ন প্রতিষ্ঠানখন উৎসৰ্গা কৰাৰ বাবে শলাগ লৈ তেওঁ কয় যে জৰুৰীকালীন অৱস্থাৰ সময়ত গোলাপ বৰবৰাৰ স্থিতি লগতে তেখেতৰ জীৱন পৰিক্ৰমাৰ বিষয়ে অসম তথা ভাৰতে এই জন্ম শতবার্ষিকী উদযাপনৰ জৰিয়তে জ্ঞাত হ’ব পাৰিব।



















Leave a Comment
Your email address will not be published. Required fields are marked with *