যোৰহাট, ২৯ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত “তথ্যৰ পৰা খচৰালৈ: শক্তিশালী পাণ্ডুলিপি লিখা আয়ত্ত কৰা” শীৰ্ষক এখন দুদিনীয়া শৈক্ষিক কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়, ডিবিটি- নিকেব চেমিনাৰ হলত আয়োজিত কৰ্মশালাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। ভাষণ প্ৰসংগত উপাচাৰ্য গৰাকীয়ে সঠিকভাৱে তথ্য আহৰণ কৰি ইয়াৰ
যোৰহাট, ২৯ আগষ্টঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালকালয়ৰ উদ্যোগত “তথ্যৰ পৰা খচৰালৈ: শক্তিশালী পাণ্ডুলিপি লিখা আয়ত্ত কৰা” শীৰ্ষক এখন দুদিনীয়া শৈক্ষিক কৰ্মশালা আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়, ডিবিটি- নিকেব চেমিনাৰ হলত আয়োজিত কৰ্মশালাখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই। ভাষণ প্ৰসংগত উপাচাৰ্য গৰাকীয়ে সঠিকভাৱে তথ্য আহৰণ কৰি ইয়াৰ বিশ্লেষণৰ দ্বাৰা প্ৰকৃত ধাৰণাৰ জৰিয়তে বিভিন্ন পদ্ধতিৰে যথাযথভাবে খচৰা তৈয়াৰ কৰা প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰাথমিক তথ্য সততাৰে আহৰণ কৰি অতি সাৱধানতাৰে পদ্ধতিগতভাবে আগবঢ়াই নিয়াৰ দৰকাৰ বুলি প্ৰকাশ কৰে। আহৰণ কৰা তথ্যক কলাত্মক ভাবে বিষয়টোৰ লগত সামঞ্জস্যপূৰ্ণভাবে তৈয়াৰ কৰি অতি প্ৰভাৱশালী ভাবে সুন্দৰ পাণ্ডুলিপি তৈয়াৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰে। স্নাতকোত্তৰ পৰ্যায়ৰ ১২০ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাৰ আদৰণি বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাসে স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীৰ বাবে শক্তিশালী পাণ্ডুলিপি লিখা আৰু প্ৰকাশনৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। জ্ঞানৰ প্ৰসাৰ কৰি তথ্য আহৰণ আৰু গৱেষণাৰৰ জৰিয়তে শৈক্ষিক ব্যুৎপত্তি আৰ্জন কৰা প্ৰয়োজন বুলি উল্লেখ কৰে। অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: মনোৰঞ্জন নেওগ, ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধি প্ৰমুখ্যে কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। সহকাৰী অধ্যাপিকা ড০ অন্বিতা ঠাকুৰীয়াই আঁত ধৰা অনুষ্ঠানটোত শলাগ জ্ঞাপন কৰে সহকাৰী অধ্যাপিকা ড০ চয়নিকা বৰাই। উল্লেখ্য যে এই কৰ্মশালাত গৱেষণা পত্ৰ লিখাৰ দক্ষতা গঢ়ি তোলা, ভাৰতীয় আলোচনীৰ বিষয়ে সজাগতা, গৱেষণা পদ্ধতি আৰু তথ্য উপস্থাপন, বৈজ্ঞানিক প্ৰকাশনত একতা আৰু সততা, উন্নত লিখাৰ কৌশল আৰু জাৰ্নেল জমা দিয়া, উদ্ধৃতি, উল্লেখ আৰু লেখা-চোৰ, পৰ্যালোচকসকলৰ প্ৰতি সঁহাৰি জনোৱা, পাণ্ডুলিপিসমূহ পৰ্যালোচনা কৰা আৰু তথ্যৰ দৃশ্যায়ন কৰা, উন্নত গৱেষণা পদ্ধতিৰ ডিজাইন আৰু প্ৰয়োগ আদি বিষয়ত বিশেষজ্ঞ গৱেষক বিজ্ঞানীসকলে বক্তব্য আগবঢ়াব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *