উজনি অসমত মিঞাৰ সন্ত্ৰাস, দা লৈ খেদি আহিল জাতীয় সংগঠনকমিঞাৰ এই আক্ৰমণৰ ঘটনাক টাইপাৰ তীব্ৰ গৰিহণাউজনিত থলুৱা গৰীয়া মুছলমানৰ ছোৱালীক বিয়া পাতি মিঞাই সৃষ্টি কৰিব বিচাৰিছে জোঁৱাই গাঁৱৰআমি কেতিয়াও জোঁৱাই গাঁও সৃষ্টি হ’বলৈ নিদিওঁ- টাইপা উজনি অসমত বাংলাদেশীয় মূলৰ লোক তথা মিঞা বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিত মিঞাই সন্ত্ৰাস চলোৱাৰ বাতৰি
উজনি অসমত মিঞাৰ সন্ত্ৰাস, দা লৈ খেদি আহিল জাতীয় সংগঠনক
মিঞাৰ এই আক্ৰমণৰ ঘটনাক টাইপাৰ তীব্ৰ গৰিহণা
উজনিত থলুৱা গৰীয়া মুছলমানৰ ছোৱালীক বিয়া পাতি মিঞাই সৃষ্টি কৰিব বিচাৰিছে জোঁৱাই গাঁৱৰ
আমি কেতিয়াও জোঁৱাই গাঁও সৃষ্টি হ’বলৈ নিদিওঁ- টাইপা
উজনি অসমত বাংলাদেশীয় মূলৰ লোক তথা মিঞা বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰাৰ সময়তে চৰাইদেউ জিলাৰ সোণাৰিত মিঞাই সন্ত্ৰাস চলোৱাৰ বাতৰি পোৱা গৈছে। স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ বৰঘৰত এইবাৰ আক্ৰমণ চলাইছে মিঞাই। জাতীয় দল-সংগঠনৰ প্ৰতিবাদ, সকীয়নিকো কেৰেপ নকৰা মিঞাই এইবাৰ জাতীয় সংগঠনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। ইয়াকে লৈ চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰত আজি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। সন্দেহজনক লোকে মাটি কিনা-বেচাৰ খবৰ ল’বলৈ যাওঁতে সৃষ্টি হয় এই পৰিস্থিতিৰ। জানিব পৰা মতে, সোণাৰি নগৰৰ ৪ নং ৱাৰ্ডৰ হাজী হবিবুৰ ৰহমান পথত বসবাস এঘৰ সন্দেহযুক্ত লোকৰ মাটি কিনা-বেচাৰ বিষয়ে জাতীয় সংগঠনৰ সদস্যই খবৰ কৰিবলৈ যাওঁতেই সন্দেহজনক পুৰুষ-মহিলাই সংগঠনৰ সদস্যক দা লৈ খেদি আহে। মিঞাই দা লৈ খেদি আহে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ সদস্যক। এই ঘটনাই সোণাৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কেৱল এয়াই নহয়, সোণাৰিত থলুৱা গৰীয়া মুছলমানৰ ছোৱালীক বিয়া পাতি মিঞাই সৃষ্টি কৰিব বিচাৰিছে জোঁৱাই গাঁৱৰ। টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই এয়া কেতিয়াও হ’বলৈ নিদিয়ে বুলি হুংকাৰ দি মিঞাক দুদিনৰ ভিতৰত ঐতিহাসিক চৰাইদেউ ত্যাগ কৰিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত টাইপাৰ বিষয়ববীয়াই কয় নগাঁৱৰ ফাৰুক আহমেদ নামৰ মিঞাজনে সোণাৰিৰ থলুৱা মুছলমান এঘৰৰ ছোৱালী বিয়া পাতি জোঁৱাই গাঁও স্থাপন কৰিবলৈ বিচাৰিছে। আমি কেতিয়াও জোঁৱাই গাঁও সৃষ্টি হ’বলৈ নিদিওঁ। স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ বৰঘৰত আজি মিঞাই যি আক্ৰমণ কৰিবলৈ বিচাৰিছে, তাক আমি ধিক্কাৰ জনাইছো। এই সন্দৰ্ভত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সোণাৰি নগৰত আজি সংঘটিত এই ঘটনাক তেওঁ অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে। তেওঁ কয় যে এগৰাকী খিলঞ্জীয়া লোকৰ ওপৰত কৰা অত্যাচাৰ সম্পৰ্কত প্ৰশ্ন তুলিবলৈ যাওঁতে টাই আহোম জনগোষ্ঠীয় সংগঠনৰ কৰ্মীলৈ মিঞাই দা, যাঠী লৈ খেদা মাৰি অহা, আক্ৰমণ কৰিবলৈ উদ্যত হোৱা বিষয়টো অতি দুৰ্ভাগ্যজনক। খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ চৰাইদেউ জিলাৰ সদৰত এই সন্দেহযুক্ত নাগৰিকৰ দলে আক্ৰমণ কৰিব পৰা এটা অৱস্থা হৈছে, যিটো খুব চিন্তনীয় কথা। তেওঁ কয় যে এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। আমি বহি নাথাকো, ইয়াৰ বিৰুদ্ধে ৪৮ ঘণ্টাৰ ভিতৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। টাইপাৰ সভাপতিগৰাকীয়ে কাইলৈ পুৱা সোণাৰিত টাইপাৰ সকলো সদস্যক একগোট হ’বলৈও আহ্বান জনায়। ইয়াৰ পৰাই সকলো দল-সংগঠনৰ সৈতে আলোচনা মৰ্মে এক শক্তিশালী কাৰ্যসূচী হাতত লোৱা হ’ব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে মিঞাই উজনি অসম শীঘ্ৰে ত্যাগ নকৰিলে পৰিস্থিতি বিষম হ’ব বুলি কেবাটাও জাতীয় দল-সংগঠনে ইতিপূৰ্বে সকীয়নি প্ৰদান কৰিছিল। ১৫ টাকৈ জাতীয় দল-সংগঠনে শিৱসাগৰত ৰাজপথলৈ ওলাই আহি মিঞাৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ইয়াৰ পিছতে বংগীয় মূলৰ অবৈধ বেদখলকাৰী তথা মিঞাৰ বিৰুদ্ধে উজনি অসমত আৰম্ভ হয় আন্দোলন। এই আন্দোলন আৰম্ভ হোৱাৰ লগে লগে উজনিৰ বিভিন্ন ঠাইৰ পৰা মিঞাই পলায়ন কৰিবলৈ আৰম্ভ কৰে যদি একাংশ খিলঞ্জীয়া মুছলমানে মিঞাক ৰক্ষাণাবেক্ষণ দিবলৈ উঠি-পৰি লাগে। মিঞাক বচাবলৈ এই খিলঞ্জীয়া মুছলমান লোকসকল নামি পৰাৰ বাবে এইবাৰ মিঞাই অসমৰ জাতীয় দল-সংগঠনক আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *