🔹অসম চৰকাৰে শীঘ্ৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি🔹সাজু হৈ আছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেল শীঘ্ৰে অসম চৰকাৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি। আজি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেলটো সাজু হৈ আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ এইকেইদিন বিটিআৰত গৈ থকাৰ বাবে সংবাদমেল আয়োজন
🔹অসম চৰকাৰে শীঘ্ৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি
🔹সাজু হৈ আছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেল
শীঘ্ৰে অসম চৰকাৰে মুকলি কৰিব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান আঁচনি। আজি এই সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ্ৰৰ পৰ্টেলটো সাজু হৈ আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তেওঁ এইকেইদিন বিটিআৰত গৈ থকাৰ বাবে সংবাদমেল আয়োজন কৰাত অলপ সময়ৰ নাটনি হৈছে বুলি উল্লেখ কৰে। পৰ্টেলটো যিহেতু ৰেডী হৈ আছে, সেয়ে যিকোনো দিনতে পৰ্টেলটো মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। কোন কোন ব্যক্তি যোগ্য হ’ব এই আঁচনিৰ বাবে? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ তিনিটা প্ৰজন্ম- যিয়ে অসমত বাস কৰি আছে, তেওঁলোকে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ কাৰণে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে সেইসকলক লোকে আবেদন কৰিব পাৰিব, যিসকল অসমৰ মূল বাসিন্দা বা খিলঞ্জীয়া ভাৰতীয় নাগৰিক। আনকি তেওঁলোকে বাস কৰা অঞ্চলত জীৱনৰ সুৰক্ষাৰ প্ৰতি ভাবুকি অনুভৱ কৰিব লাগিব। জিলা প্রশাসন বা স্বীকৃত সুৰক্ষা সংস্থাৰ মূল্যায়নৰ আধাৰত স্পৰ্শকাতৰ অঞ্চলত তেওঁলোক বাস কৰা হ’ব লাগিব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *