জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানৰ পৰা আৰম্ভ কৰে। ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী
জাগীৰোড মহাবিদ্যালয়ত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা
অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্য চৰকাৰৰ এখন অভিলাষী আঁচনি মুখ্যমন্ত্ৰীৰ নিযুত মইনা ২.০ ৰ আবেদন-পত্ৰ বিতৰণ আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানৰ পৰা আৰম্ভ কৰে। ৰাজ্যৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ইয়াৰ সৈতে সংগতি ৰাখি জাগীৰোড মহাবিদ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকি মহাবিদ্যালয়খনত আনুষ্ঠানিকভাৱে আবেদন-পত্ৰ বিতৰণ কৰে। মন্ত্ৰী পীযুষ হাজৰীকাই মহাবিদ্যালয়খনৰ ছাত্ৰীসকলক উদ্দেশ্যি ৰখা বক্তব্যত কয় যে ৰাজ্য চৰকাৰৰ সকলো জনকল্যাণমূলক আঁচনিৰ ভিতৰত তেওঁৰ মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিখন আটাইতকৈ প্ৰিয় কিয়নো এই আঁচনিয়ে আমাৰ ছাত্ৰীসকলৰ সপোনবোৰক বাস্তৱ কৰাৰ ক্ষেত্ৰত সহায়ক হৈ পৰিছে। মন্ত্ৰীগৰাকীয়ে সকলো ছাত্ৰীকে অধ্যয়ন আৰু অধ্যৱসায়েৰে জীৱনত সু-প্ৰতিষ্ঠিত হোৱাকৈ আগবাঢ়ি যাবলৈ আহ্বান জনায়। ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে আৰু কয় যে শিক্ষা আমাৰ প্ৰতিজন ব্যক্তিৰ বাবেই অত্যন্ত জৰুৰী। শিক্ষাই আমাক জীৱনত সামাজিক আৰু আৰ্থিকভাৱে প্ৰতিষ্ঠাপিত হোৱাত সহায় কৰে। আনহাতে, ৰাজ্যখনৰ ছাত্ৰীসকলক বাল্যবিবাহৰ হাতোৰাৰ পৰা ৰক্ষা কৰি নিজ নিজ কেৰিয়াৰত সফলতাৰে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে যথেষ্ট সহায় কৰিছে।

উল্লেখ্য যে বিগত বৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত প্ৰায় ১.৬ লাখ ছাত্ৰীয়ে সুবিধা লাভ কৰিছিল। এইবৰ্ষত আশা কৰা অনুসৰি প্ৰায় ৪ লাখ ছাত্ৰীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিব।


















Leave a Comment
Your email address will not be published. Required fields are marked with *