🔹গান্ধীজীৰ জীৱনাদৰ্শ অনুসৰণ কৰি সকলোকে শান্তি-অহিংসাৰ পথেৰে আগবাঢ়ি যাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ গোৱালপাৰা চহৰত গোৱালপাৰা পৌৰসভাই স্থাপন কৰা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি আজি মন্ত্ৰী পীযুষ হাজৰীকাই উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী বিমল বড়াৰ সৈতে আজি গোৱালপাৰাত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি উৎফুল্লিত হৈ পৰে। মহামানৱ মহাত্মা গান্ধী আছিল শান্তি, অহিংসাৰ প্ৰতীকস্বৰূপ। এইগৰাকী
🔹গান্ধীজীৰ জীৱনাদৰ্শ অনুসৰণ কৰি সকলোকে শান্তি-অহিংসাৰ পথেৰে আগবাঢ়ি যাবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ
গোৱালপাৰা চহৰত গোৱালপাৰা পৌৰসভাই স্থাপন কৰা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি আজি মন্ত্ৰী পীযুষ হাজৰীকাই উন্মোচন কৰে। মন্ত্ৰীগৰাকীয়ে সতীৰ্থ মন্ত্ৰী বিমল বড়াৰ সৈতে আজি গোৱালপাৰাত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি উৎফুল্লিত হৈ পৰে। মহামানৱ মহাত্মা গান্ধী আছিল শান্তি, অহিংসাৰ প্ৰতীকস্বৰূপ। এইগৰাকী মহান ব্যক্তিৰ প্ৰতিমূৰ্তি উন্মোচন কৰি তেওঁ কয় যে আমাৰ জাতিৰ পিতা, যিজন ব্যক্তিৰ নেতৃত্বৰ আন্দোলনে আমাক স্বাধীনতাৰ সোৱাদ দিছিল, সেইগৰাকী ব্যক্তিৰ প্ৰতিমূৰ্তি আমাৰ দৰে সৰু মানুহৰ হাতেৰে উন্মোচন কৰিবলৈ পাই অত্যন্ত সুখী হৈছো।

গোৱালপাৰা ডেভলপমেণ্ট অথৰিটী আৰু গোৱালপাৰা নগৰ সমিতিয়ে গান্ধীজীৰ প্ৰতিমূৰ্তিটো নিমাণ কৰা বুলি জানিবলৈ দি মন্ত্ৰীগৰাকীয়ে গোৱালপাৰা নগৰখন আগতকৈ ভাল লগা হৈছে বুলি কয়। মন্ত্ৰীগৰাকীয়ে গোৱালপাৰাত উন্নয়নমূলক যথেষ্ট কাম হোৱা বুলিও মন্তব্য কৰে। তেওঁ সকলোকে গান্ধীজীৰ জীৱনাদৰ্শ অনুসৰণ কৰি শান্তি-অহিংসাৰ পথেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়। গান্ধীজীৰ এই প্ৰতিমূৰ্তিটোৱে সকলোকে বাপুজীৰ আদৰ্শক অনুসৰণ কৰি নৈতিক মূল্যবোধৰ জীৱন-যাপন কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আজি এই কাৰ্যসূচীত বিজেপিৰ গোৱালপাৰা জিলাৰ সভাপতি দিপাংক নাথ, এপিডিচিএলৰ অধ্যক্ষ ড০ কাশ্যপ প্ৰকাশসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।



















Leave a Comment
Your email address will not be published. Required fields are marked with *