দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পিষ্টলৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তত সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ জৰুৰী। খিলঞ্জীয়া মানুহক যাতে সন্দেহজনক মানুহে অত্যাচাৰ কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী
দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াটোক জনসাধাৰণে আদৰণি জনাইছে।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। খিলঞ্জীয়াক মাৰণাস্ত্ৰ দিয়াৰ বিষয়টোক লৈ আজি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ পিষ্টলৰ অনুজ্ঞাপত্ৰৰ সিদ্ধান্তত সন্মতি জনাই মন্ত্ৰীগৰাকীয়ে কয় যে দুষ্কৃতিকাৰীৰ পৰা ৰক্ষাৰ বাবে খিলঞ্জীয়াক মাৰণাস্ত্ৰ জৰুৰী। খিলঞ্জীয়া মানুহক যাতে সন্দেহজনক মানুহে অত্যাচাৰ কৰিব নোৱাৰে তাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া মানুহক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ যি ব্যৱস্থা হাতত লৈছে তাক খিলঞ্জীয়া মানুহে আদৰণি জনাইছে। গতিকে ময়ো ইয়াক আদৰণি জনাইছো। উল্লেখ্য যে অসমৰ খিলঞ্জীয়া মানুহক সন্দেহযুক্ত লোকৰ অত্যাচাৰৰ পৰা ৰক্ষা পৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মাৰণাস্ত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে। এই বিষয়টোৱে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিছে। বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰাৰ বিপৰীতে শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *