এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰিলে চৰকাৰে কঠোৰ ল’ব ব্যৱস্থাঃ মন্ত্ৰী পীযুষ হাজৰীকাকংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ সম্পৰ্কেও বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ‘পাকিস্তানৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈৰ’‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা সঁচা প্ৰমাণিত হ’ল’‘আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ নয়নৰ মণি এতিয়া সাংসদ গৌৰৱ গগৈ’অসমৰ বাবে ইয়াতকৈ দুখৰ কথা আৰু একো নাইঃ মন্ত্ৰী পীযুষ হাজৰীকা
এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰিলে চৰকাৰে কঠোৰ ল’ব ব্যৱস্থাঃ মন্ত্ৰী পীযুষ হাজৰীকা
কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ সম্পৰ্কেও বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ
‘পাকিস্তানৰ লগত সম্পৰ্ক আছে গৌৰৱ গগৈৰ’
‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱা কথা সঁচা প্ৰমাণিত হ’ল’
‘আমাৰ চিৰবৈৰী ৰাষ্ট্ৰ পাকিস্তানৰ নয়নৰ মণি এতিয়া সাংসদ গৌৰৱ গগৈ’
অসমৰ বাবে ইয়াতকৈ দুখৰ কথা আৰু একো নাইঃ মন্ত্ৰী পীযুষ হাজৰীকা
অসম অসমীয়াৰ হৈ থাকিব। অসমত মিঞালেণ্ড অসম্ভৱ। কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে, তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। দলীয় বিশেষ কাৰ্যসূচীৰে আজি হোজাইত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে মিঞালেণ্ড সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে। মিঞালেণ্ডৰ বিৰুদ্ধে গৰজি উঠি মন্ত্ৰীগৰাকীয়ে কয় যে অসমত মিঞালেণ্ড কেতিয়াও স্থাপন নহয়। অসম অসমীয়াৰ, খিলঞ্জীয়াৰ। অসমখন স্বাৰ্থলোভী ভোটবেংক লবী সমৰ্থিত অবৈধ বেদখলকাৰীৰ কেতিয়াও নহয়। কংগ্ৰেছ দলৰ সাংসদ গৌৰৱ গগৈ সম্পৰ্কেও বিস্ফোৰক মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে কৈ আহিছিল যে অসমৰ এইগৰাকী সাংসদৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানৰ কোনোবা সংস্থাৰ পৰা দৰমহা লয়। মুখ্যমন্ত্ৰীয়ে এই কথা কৈয়ে আছিল। আৰু এতিয়া সকলোৱে দেখিলে যে পাকিস্তানৰ সামাজিক মাধ্যম, টিভি সকলোতে গৌৰৱ গগৈ ‘HERO’। তেওঁ পুনৰ কয় যে পৰহি দিনাখন সমগ্ৰ পাকিস্তানৰ হিৰো হৈ পৰিল আমাৰ সাংসদগৰাকী। পাকিস্তানৰ টিভি, পাকিস্তানৰ ছ’চিয়েল মিডিয়াত হিৰো হৈ পৰিল অসমৰ সাংসদ গৌৰৱ গগৈ। যিখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী, সেই চিৰবৈৰী ৰাষ্ট্ৰখনৰ নয়নৰ মণি আমাৰ এজন সাংসদ হয়, অসমীয়াৰ কাৰণে ইয়াতকৈ দুখৰ কথা আৰু একো নাই। অসমৰ এজন সাংসদ যেতিয়া পাকিস্তানত প্ৰচাৰ মাধ্যমৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে, শত্ৰুদেশৰ সংবাদ মাধ্যমে তেওঁৰ বিষয়ে উছাহেৰে প্ৰকাশ কৰে— সেয়া আমাৰ দেশৰ বাবে গৌৰৱ নহয়, সেয়া অত্যন্ত লজ্জাজনক বিষয় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। এই কথা অসমীয়াই যাতে বুজিব পাৰে তাৰ বাবে মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনায়।
উল্লেখ্য যে আজি দলীয় বিশেষ কাৰ্যসূচীৰে হোজাইত উপস্থিত হয় মন্ত্ৰীগৰাকী। মন্ত্ৰীগৰাকীয়ে হোজাই জিলাৰ শংকৰদেৱ নগৰত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে দলৰ সাংগঠনিক দিশ সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীগৰাকীৰ সৈতে অনুষ্ঠানত বিধায়ক ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ, দিপ্লু ৰঞ্জন শৰ্মা, হোজাই জিলা বিজেপিৰ সভাপতি দিলীপ ধৰসহ যথেষ্টসংখ্যক ব্যক্তি উপস্থিত থাকে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *