728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

চাৰিদিনীয়া ডিব্ৰুগড়-তিনিচুকীয়া ভ্রমণত কেবা কোটিৰ প্ৰকল্প উছৰ্গা মুখ্যমন্ত্ৰীৰ

চাৰিদিনীয়া ডিব্ৰুগড়-তিনিচুকীয়া ভ্রমণত কেবা কোটিৰ প্ৰকল্প উছৰ্গা মুখ্যমন্ত্ৰীৰ

🔹একাধিক ৰাজহুৱা সভা, মন্ত্রী-বিধায়কৰে বৈঠকত উজনি অসমৰ উন্নয়ন-বিকাশৰ দিশত গুৰুত্ব প্রদান ড০ হিমন্ত বিশ্ব শৰ্মাৰ🔹উৰিয়ামঘাটৰ বেদখলৰো বুজ ল’লে মুখ্যমন্ত্ৰীয়ে যোৱা ২২ জুলাইত চাৰিদিনৰ বাবে কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসম ভ্রমণ কাৰ্যসূচী আজি সমাৰণি পৰে। এই সময়খিনিত মুখ্যমন্ত্রীয়ে কেইবাটাও বিধানসভা সমষ্টিত উপস্থিত হৈ বিভিন্ন ৰাজহুৱা সভা তথা চৰকাৰী বৈঠকত উপস্থিত থাকে। বিভিন্ন প্রকল্প

🔹একাধিক ৰাজহুৱা সভা, মন্ত্রী-বিধায়কৰে বৈঠকত উজনি অসমৰ উন্নয়ন-বিকাশৰ দিশত গুৰুত্ব প্রদান ড০ হিমন্ত বিশ্ব শৰ্মাৰ
🔹উৰিয়ামঘাটৰ বেদখলৰো বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

যোৱা ২২ জুলাইত চাৰিদিনৰ বাবে কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসম ভ্রমণ কাৰ্যসূচী আজি সমাৰণি পৰে। এই সময়খিনিত মুখ্যমন্ত্রীয়ে কেইবাটাও বিধানসভা সমষ্টিত উপস্থিত হৈ বিভিন্ন ৰাজহুৱা সভা তথা চৰকাৰী বৈঠকত উপস্থিত থাকে। বিভিন্ন প্রকল্প ৰাইজৰ বাবে উছৰ্গা কৰা মুখ্যমন্ত্ৰীগৰাকীয়ে শনিবাৰে দিল্লীলৈ যাত্ৰা কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে শদিয়া সমজিলাৰ অন্তৰ্গত ঐতিহাসিক বুঢ়া-বুঢ়ী শালৰ উন্নয়নৰ বাবে ৮.৭২ কোটি টকা ব্যয়সাপেক্ষ প্ৰকল্পৰ ভূমি পূজন কৰে। এই প্রকল্পত মূল মন্দিৰ পুনৰুদ্ধাৰ, নতুন আন্তঃগাঁথনি আৰু ভক্তসকলৰ বাবে অন্যান্য সুবিধা অন্তর্ভুক্ত কৰা হয়। ভক্তৰ বাবে ৮০.৯২ লাখ টকাৰ এটি পানী যোগান প্রকল্পও উছর্গা কৰে।
ভ্রমণ কালত মাকুম বাইপাছত অসম গেছ কোম্পানী লিমিটেডৰ দ্বাৰা পৰিচালিত প্ৰথমটো শক্তি কেন্দ্র মুখ্যমন্ত্রীয়ে উদ্বোধন কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত সোণাৰী বিধানসভা সমষ্টিৰ বিভিন্ন কল্যাণমূলক আঁচনি আৰু কামসমূহৰ পৰ্যালোচনা কৰে। তেখেতে স্বচ্ছতাৰে সকলো কাম সম্পাদন কৰি সমষ্টিটোৰ সামগ্রিক বিকাশ নিশ্চিত কৰাৰ ক্ষেত্রত দায়বদ্ধ ভূমিকা গ্রহণ কৰিবলৈ বিভাগীয় কর্তৃপক্ষক নির্দেশ দিয়ে। ৮০০খন আসনযুক্ত আধুনিক প্রেক্ষাগৃহ নির্মাণ, এফ চি আই গুদামঘৰ স্থাপন আৰু সোণাৰি নগৰাঞ্চলৰ পথসমূহৰ উন্নীতকৰণ, চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী পথসমূহ শক্তিশালীকৰণ আছিল মুখ্যমন্ত্ৰীৰ ঘোষণাৰ কেইটিমান প্রকল্প। মুখ্যমন্ত্রীয়ে ডিব্ৰুগড়ত অনুষ্ঠিত অসম কেবিনেট বৈঠকতো অধ্যক্ষতা কৰি অসমৰ বাবে বিভিন্ন কল্যাণমূলক সিদ্ধান্তত অনুমোদন জনায়। লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক আঁচনি তথা পদক্ষেপৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে।


এই সময়ছোৱাত মূলতঃ আন্তঃগাঁথনি, বান নিয়ন্ত্রণ, স্বাস্থ্য আৰু আন কল্যাণমূলক দিশসমূহত গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে মন্ত্রীদ্বয় বিমল বড়া আৰু যোগেন মহনৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি টিংখাং বিধানসভা সমষ্টিৰ উন্নয়নমূলক কাম-কাজসমূহৰ পৰ্যালোচনা কৰে।
ডিব্ৰুগড় মহাবিদ্যালয় আৰু অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন আন্তঃগাঁথনিৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনৰ পৰা, নাহৰকটীয়াত সমজিলা কার্যালয়, উৎকর্ষ কেন্দ্র, টাটা ড্রাইভ, হকী ষ্টেডিয়াম আদি বহু কল্যাণমূলক প্ৰকল্পৰ শিলান্যাসৰ লগতে বিশাল জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রীয়ে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৪৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া আধুনিক গবেষণা, বিদ্যায়তনিক আৰু ক্রীড়া অনুশীলনৰ সুবিধাসম্পন্ন প্রকল্পসমূহৰ শিলান্যাস কৰে। মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত ৩৫৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া অধ্যাপকৰ আৱাস আৰু শিক্ষার্থীৰ হোষ্টেলৰ শিলান্যাস কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১৪৬.৪৩ কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচনিৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন আন্ত:গাঁথনিমূলক কাম-কাজৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে যে এই আঁচনিৰ ৰূপায়ণ সম্পূৰ্ণ হ’লে বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ অধিক উন্নত হ’ব আৰু ছাত্র-ছাত্রীসকলে সহ-পাঠ্যক্ৰমৰ বিষয়সমূহত আগবাঢ়ি যাবলৈ উৎসাহ পাব। এই সময়খিনিত মুখ্যমন্ত্রীয়ে সংবাদ মেলতো অংশগ্ৰহণ কৰে। ইয়াৰ লগতে টিংখং, নাওবৈচা, সোণাৰি, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিকেইটাৰ উন্নয়ন আৰু বিকাশৰ গুৰুত্ব প্রদানেৰে বহুকেইটা প্রকল্প উছর্গা কৰে আৰু কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে জিলাসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ মন্ত্ৰী-বিধায়কসকলক জনসাধাৰণৰ সৈতে আৰু অধিক সক্রিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায়। এই ভ্ৰমণৰ অংশ স্বৰূপে ডিব্ৰুগড়ৰ পৰা ওভতনি পথত বেদখলৰ বাবে উচ্ছেদ কৰিবলগীয়া গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ বেদখলীকৃত ভূমিৰো পৰিদৰ্শন কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!