🔹জালিমুখৰ বান্ধে ওদালগুৰি-দৰঙৰ বৃহত্তৰ অঞ্চলৰ বান নিয়ন্ত্ৰণ সম্ভৱ কৰি তুলিছেঃ মন্ত্ৰী হাজৰীকা ওদালগুৰি, ১৬ জুলাইঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ওদালগুৰি জিলাৰ জালিমুখত উপস্থিত হৈ বিভাগৰ অধীনত সমাপ্ত কৰা ননৈ নদীৰ পাৰৰ শৈলবান্ধ প্ৰকল্প পৰিদৰ্শন কৰে। ভাৰত-ভূটান সীমান্তৰ এই জালিমুখ অঞ্চলত ননৈ নৈৰে ভূটানৰ পৰা বৈ অহা পানী কুলশী নৈত পৰাৰ ফলত ফলত পূৰ্বে ওদালগুৰি
🔹জালিমুখৰ বান্ধে ওদালগুৰি-দৰঙৰ বৃহত্তৰ অঞ্চলৰ বান নিয়ন্ত্ৰণ সম্ভৱ কৰি তুলিছেঃ মন্ত্ৰী হাজৰীকা
ওদালগুৰি, ১৬ জুলাইঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই আজি ওদালগুৰি জিলাৰ জালিমুখত উপস্থিত হৈ বিভাগৰ অধীনত সমাপ্ত কৰা ননৈ নদীৰ পাৰৰ শৈলবান্ধ প্ৰকল্প পৰিদৰ্শন কৰে। ভাৰত-ভূটান সীমান্তৰ এই জালিমুখ অঞ্চলত ননৈ নৈৰে ভূটানৰ পৰা বৈ অহা পানী কুলশী নৈত পৰাৰ ফলত ফলত পূৰ্বে ওদালগুৰি জিলাৰ লগতে দৰং জিলাৰ ছিপাঝাৰৰ বৃহত্তৰ অংশত বানে বিভীষিকাৰ সৃষ্টি কৰিছিল। এই সমস্যা সমাধানৰ বাবে দুবছৰ পূৰ্বে জলসম্পদ বিভাগৰ উদ্যোগত জালিমুখত ১৬.৯৪ কোটি টকা ব্যয়সাপেক্ষে বান্ধ নিৰ্মাণ আৰু চেনেল কাটিঙৰ কাম হাতত লোৱা হৈছিল। জালিমুখত এই বান্ধ নিৰ্মাণ কৰি শিলৰ সহায়ত শক্তিশালীভাৱে প্ৰতিৰোধী কাম সম্পাদন কৰা হয়, লগতে ভূটানৰ পৰা বৈ অহা পানী কুলশী নৈত পৰাটো বন্ধ কৰি দিয়া হয়। এই কাম শক্তিশালীভাৱে তথা সফলতাৰে সম্পাদন হোৱা পাছত বৃহত্তৰ এলেকাৰ বান সমস্যা সমাধান হৈছে।
আজি এই অংশটো পুনৰ পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে স্থানীয় সাংবাদিকসকলক উদ্দেশ্যি কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ বিভাগৰ অধীনত ৰাজ্যৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি ৰাজ্য চৰকাৰে যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। জালিমুখ বান্ধত কৰা কামটো এই সফলতাৰ অন্যতম নিদৰ্শন বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যখনক বান-খহনীয়ামুক্ত কৰাৰ দিশত আগন্তুক দিনতো সক্ৰিয়ভাৱে কাম কৰি যাবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও জলসম্পদ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *