যোৰহাট, ১৬ জুলাইঃ অসমত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ সহায়ক হোৱাকৈ কৃষি সম্প্ৰসাৰণ সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা, উদ্ভিদ চিকিৎসকৰ প্ৰশিক্ষণ আৰু উদ্ভিদ ক্লিনিকৰ তথ্য ব্যৱস্থাপনাৰ ওপৰত এখন তিনিদিনীয়া উচ্চস্তৰীয় কৰ্মশালা বুধবাৰৰ পৰা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা কেব ইণ্টাৰনেচনেল আৰু এম এছ স্বামীনাথন ফাউণ্ডেচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই
যোৰহাট, ১৬ জুলাইঃ অসমত কৃষি উৎপাদন বৃদ্ধি আৰু কৃষকৰ সহায়ক হোৱাকৈ কৃষি সম্প্ৰসাৰণ সামগ্ৰীৰ উৎপাদন বৃদ্ধি কৰা, উদ্ভিদ চিকিৎসকৰ প্ৰশিক্ষণ আৰু উদ্ভিদ ক্লিনিকৰ তথ্য ব্যৱস্থাপনাৰ ওপৰত এখন তিনিদিনীয়া উচ্চস্তৰীয় কৰ্মশালা বুধবাৰৰ পৰা যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে। আন্তঃৰাষ্ট্ৰীয় সংস্থা কেব ইণ্টাৰনেচনেল আৰু এম এছ স্বামীনাথন ফাউণ্ডেচন আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হৈছে এই তিনিদিনীয়া কৰ্মশালা। “অসমত ধানৰ মূল আৰু নতুন প্ৰজাতিৰ কীট-পতংগৰ ওপৰত সজাগতাৰ জৰিয়তে উদ্ভিদ ক্লিনিক শক্তিশালী কৰা” এই মূল বিষয়ত অনুষ্ঠিত এই কৰ্মশালাত অৰ্ধ শতাধিক গৱেষক বিজ্ঞানী তথা বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালকালয়ৰ সভাগৃহত আয়োজিত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় প্লেণ্ট পেথলজি বিভাগৰ বিজ্ঞানী ড০ পৰিন্দা বৰুৱাই। কৰ্মশালা সন্দৰ্ভত এক বিশেষ আভাস দাঙি ধৰে কেব ইণ্টাৰনেচনেলৰ ড০ মঞ্জু ঠাকুৰে। আনহাতে, অন লাইন যোগে কেব আৰু ইয়াৰ কৰ্ম সম্পৰ্কে উল্লেখ কৰে কেব ইণ্টাৰনেচনেলৰ ছাউথ এছিয়াৰ ৰিজনেল ডাইৰেক্টৰ ড০ বিনোদ পণ্ডিতে। আনহাতে, অনুষ্ঠানত উপস্থিত থাকি এম এছ স্বামীনাথন ৰিচাৰ্ছ ফাউণ্ডেচনৰ কাৰ্যবাহী সঞ্চালক (ক্ষেত্ৰ কাৰ্যকলাপ) ড০ আৰ ৰেংগলক্ষ্মী আৰু আৰ ৰাজকুমাৰে ফাউণ্ডেচন সম্পৰ্কত উল্লেখ কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অসমৰ ধানৰ উৎপাদন আৰু কীট পতংগৰ দ্বাৰা ইয়াৰ ওপৰত পৰা প্ৰভাৱ সন্দৰ্ভত উল্লেখ কৰে। বিজ্ঞানসন্মত জ্ঞান আহৰণৰ জৰিয়তে উদ্ভিদৰ অধিক পৰিচৰ্যাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৃষক সমুদায়ৰ লাভালাভৰ ওপৰত গুৰুত্ব আৰোপ কৰে উপাচাৰ্যগৰাকীয়ে। উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়া, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ মনোৰঞ্জন নেওগ, ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধি, নিমাটলজি বিভাগৰ মুৰব্বী অধ্যাপক ড০ ভৱেশ ভাগৱতী, এন্টমলজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ বাদল ভট্টাচাৰ্য উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানৰ শলাগ জ্ঞাপন কৰে প্লেণ্ট পেথলজি বিভাগৰ মুৰব্বী অধ্যাপক ড০ পলাশ দেৱ নাথে।


















Leave a Comment
Your email address will not be published. Required fields are marked with *