728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

প্ৰয়াত কিৰণ শংকৰ ৰায়ৰ স্মৃতিত কটন বিশ্ববিদ্যালয়লৈ শতাধিক গ্ৰন্থ, আলোচনী আৰু বোলছবিৰ কেছেট দান

প্ৰয়াত কিৰণ শংকৰ ৰায়ৰ স্মৃতিত কটন বিশ্ববিদ্যালয়লৈ শতাধিক গ্ৰন্থ, আলোচনী আৰু বোলছবিৰ কেছেট দান

গুৱাহাটী, ১১ জুলাইঃ প্ৰয়াত স্বামী কিৰণ শংকৰ ৰায়ৰ সাংস্কৃতিক আৰু বৌদ্ধিক যাত্ৰাৰ সংৰক্ষণৰ উদ্দেশ্যে তেওঁৰ পত্নী মিনা পালে কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগলৈ শতাধিক গ্ৰন্থ, আলোচনী আৰু বোলছবিৰ কেছেট দান কৰে। আজি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগত প্ৰয়াত কিৰণ শংকৰ ৰায়ৰ পত্নীয়ে তেওঁৰ স্বামীৰ কৰ্মক চিৰযুগমীয়া কৰি ৰখাৰ এই

গুৱাহাটী, ১১ জুলাইঃ প্ৰয়াত স্বামী কিৰণ শংকৰ ৰায়ৰ সাংস্কৃতিক আৰু বৌদ্ধিক যাত্ৰাৰ সংৰক্ষণৰ উদ্দেশ্যে তেওঁৰ পত্নী মিনা পালে কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগলৈ শতাধিক গ্ৰন্থ, আলোচনী আৰু বোলছবিৰ কেছেট দান কৰে। আজি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ, সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগত প্ৰয়াত কিৰণ শংকৰ ৰায়ৰ পত্নীয়ে তেওঁৰ স্বামীৰ কৰ্মক চিৰযুগমীয়া কৰি ৰখাৰ এই মহান প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই এক সম্বৰ্ধনা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। তেওঁ দান কৰা এই সমলসমূহ আগন্তুক দিনত শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা গবেষকৰ বাবে এক উৎকৃষ্ট মানৰ সমল হ’ব পাৰে বুলি আশা প্ৰকাশ কৰে।

উক্ত অনুষ্ঠানতেই পত্নী মিনা পালে কয় – “মই মোৰ স্বামীৰ সংগ্ৰহসমূহ আগন্তুক দিনত নৱ প্ৰজন্মৰ বাবে এক উত্তম সমল হোৱাটো বিচাৰোঁ। লগতে মই আশাবাদী যে এই সংগ্ৰহসমূহ বিভাগটোয়ে অতি গুৰুত্ব সহকাৰে সংৰক্ষণ কৰিব। মই মোৰ স্বামীক দিয়া সন্মানৰ বাবে আজি যথেষ্ট সুখী।” উক্ত অনুষ্ঠানটোত অসমৰ সাংস্কৃতিক আৰু শৈক্ষিক জগতৰ বিভিন্ন সন্মানীয় ব্যক্তি যেনে চিনেমা গবেষক নয়ন প্ৰসাদ, বঁটা বিজয়ী তথ্যচিত্ৰ নিৰ্মাতা দ্বীপ ভূঞা, বনচাই আৰু কাঠ কলা শিল্পী লাবু সেনাপতি, ফটো সাংবাদিক চিন্ময় ৰায় উপস্থিত থাকে। বিভাগৰ মুৰব্বী ছয়নিকা দত্তৰ লগতে বিভাগৰ অধ্যাপক আৰু গবেষক ছাত্ৰও উক্ত অনুষ্ঠানটোত উপস্থিত থাকে। কিৰণ শংকৰ ৰায় চিনেমা আৰু কলাৰ প্ৰতি তেওঁৰ উচ্ছাহপূৰ্ণ সংপৃক্ততাৰ বাবে চিৰ স্মৰণীয় ব্যক্তিত্ব, তেওঁ অসম তথা অসমৰ বাহিৰতো সাংস্কৃতিক আৰু একাডেমিক ক্ষেত্ৰখনত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁৰ ব্যক্তিগত পুথিভঁৰালৰ এটা গুৰুত্বপূর্ণ অংশ বৰ্তমান কটন বিশ্ববিদ্যালয়ত সংৰক্ষিত, যি চলচ্চিত্ৰ জগতলৈ তেওঁৰ আজীৱন উৎসৰ্গাৰ এটা সাক্ষ্য হিচাপে থাকি যাব। বিভাগটোৱে মীনা পাললৈ তেওঁৰ অমূল্য দানৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে, যিয়ে আগন্তুক প্ৰজন্মৰ শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ লগতে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos

error: Content is protected !!