728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

চালনীয়ে বেজীক হাঁহে তই ফুটা বুলি, কিন্তু সি বুজি নাপায় তাৰ যে নিজৰে গোটেই গাত ফুটা আছে!- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

চালনীয়ে বেজীক হাঁহে তই ফুটা বুলি, কিন্তু সি বুজি নাপায় তাৰ যে নিজৰে গোটেই গাত ফুটা আছে!- মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

🔹গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ🔹সংবাদ প্ৰতিষ্ঠানৰ মালিক-সম্পাদকক তুলা-ধূণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ🔹’সংবাদ প্ৰতিষ্ঠানৰ মালিকে মিছা কথা কৈ সমগ্ৰ অসমক ঠগি আছে’🔹’অনিয়মৰে ঘৰ বনাই বিল্ডিং আইন উলংঘা কৰিছে চেনেলৰ মালিকে’🔹’পত্নী-কন্যাক অত্যাচাৰ কৰি স্বয়ং সম্পাদকে উলংঘা কৰে গাহস্থ্য আইন’ চালনীয়ে বেজীক হাঁহে তই ফুটা বুলি, কিন্তু সি বুজি নাপায় তাৰ যে নিজৰে গোটেই গাত ফুটা

🔹গুৱাহাটীৰ ৰুক্মিণী গাঁৱত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
🔹সংবাদ প্ৰতিষ্ঠানৰ মালিক-সম্পাদকক তুলা-ধূণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
🔹’সংবাদ প্ৰতিষ্ঠানৰ মালিকে মিছা কথা কৈ সমগ্ৰ অসমক ঠগি আছে’
🔹’অনিয়মৰে ঘৰ বনাই বিল্ডিং আইন উলংঘা কৰিছে চেনেলৰ মালিকে’
🔹’পত্নী-কন্যাক অত্যাচাৰ কৰি স্বয়ং সম্পাদকে উলংঘা কৰে গাহস্থ্য আইন’

চালনীয়ে বেজীক হাঁহে তই ফুটা বুলি, কিন্তু সি বুজি নাপায় তাৰ যে নিজৰে গোটেই গাত ফুটা আছে!- অসমৰ একাংশ সংবাদ প্ৰতিষ্ঠানক উদ্দেশ্যি আজি এইদৰে কটাক্ষ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। আজি গুৱাহাটীৰ ৰুক্মিনীগাঁৱত গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত এখন সংবাদ মেল সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমধান কৰাৰ বাবে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা সেই বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰে। সংবাদমেলৰ অন্তত সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে মন্ত্ৰীগৰাকীয়ে। পত্নীৰ ৰাজসাহায্য সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি একাংশ সংবাদ প্ৰতিষ্ঠানৰ মালিক-সম্পাদকৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা। তেওঁৰ পত্নীৰ ৰাজসাহায্যক লৈ একাংশ সংবাদ প্ৰতিষ্ঠানে উদ্দেশ্যপ্ৰণোদিতভাৱে বাতৰি পৰিৱেশন কৰা বুলি অভিযোগ কৰে মন্ত্ৰীগৰাকীয়ে। বিশেষকৈ দুটাকৈ সংবাদ প্ৰতিষ্ঠান ‘প্ৰতিদিন টাইম’ আৰু ‘এনকে টিভি’ৰ মালিক-সম্পাদকৰ কু-কীৰ্তি উদঙাই দিয়ে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীয়ে ‘প্ৰতিদিন’ নামৰ চেনেলটোৰ মালিকে অনিয়মৰে ঘৰ বনাই বিল্ডিং আইন উলংঘা কৰা বুলি উল্লেখ কৰে। জিএমডিএৰ চিঅ’ আৰু তেওঁৰ ওচৰত এনে হাজাৰটা তথ্য আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ‘প্ৰতিদিন টাইম’ নামৰ চেনেলটোৱে তেওঁৰ পত্নীৰ ৰাজসাহায্যৰ বাতৰিটো ইতিমধ্যে প্ৰায় ৪০ বাৰ বজোৱা বুলি উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা প্ৰতিদিনৰ সাংবাদিকজনক তেওঁৰ মালিকৰ এই অনিয়মৰ বাতৰিবোৰ বজাব পাৰিবনে বুলি প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে আনকি জিএমডিএৰ চিঅ’ক মালিকৰ সকলো তথ্য সাংবাদিকগৰাকীক যোগান ধৰিবলৈও নিৰ্দেশ দিয়ে। মন্ত্ৰীগৰাকীয়ে আনকি প্ৰতিদিনৰ মালিকে এগৰাকী নিঃসন্তান মানুহ, যি অভিধানৰ মালিক, সেই নিঃসন্তান মানুহগৰাকীৰ পৰনাতি বুলি দেখুৱাই ৰাইজক টুপি পিন্ধাই থকা বুলি মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিদিনৰ মালিকে যাৰ পৰিনাতি বুলি কয় সেইজন মানুহ নিঃসন্তান আছিল। নিঃসন্তান মানুহৰ নাতি, পৰিনাতি থাকিব পাৰে নেকি বুলি তেওঁ প্ৰশ্ন কৰে। প্ৰতিদিনৰ মালিকে মিছা কথা কৈ গোটেই অসমক ঠগি থকা নাইনে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে। আনকি প্ৰতিদিন চেনেলটোৰ এজন সম্পাদকে নিজৰ পত্নী, কন্যাক অত্যাচাৰ কৰা, গাহস্থ্য আইন উলংঘা কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। সংবাদ মাধ্যমৰ এইবিলাক বাতৰি কৰিবলৈ সাহ আছেনে বুলিও তেওঁ প্ৰশ্ন কৰে। আনহাতে, এনকে টিভিৰ মালিকৰ শক্তিখণ্ডৰ বহু কেলেংকাৰি মন্ত্ৰীগৰাকীয়ে উদঙাই দি এনকেৰ মালিকে শক্তিখণ্ডত কিমান কেলেংকাৰি কৰিছে, কিমান কেচ হৈছে, তদন্ত হৈছে, সেইবিলাক বাতৰি পৰিৱেশন কৰাৰ সাহস আছেনে বুলি চেনেলটোৰ সাংবাদিকগৰাকীক প্ৰশ্ন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মোৰ ফাৰ্মত আজিৰ তাৰিখত ৬০/৭০ গৰাকী কৰ্মচাৰী আছে। গাখীৰৰ ব্যৱসায় কৰি মই পইচা ঘটিব নোৱাৰো। গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়, সেয়ে চৰকাৰে দুগ্ধ বিপ্লৱক আগবঢ়াই নিয়াৰ বাবে লোণত ৰাজসাহায্য দিয়ে।
সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে মোৰ পত্নীয়ে ব্যৱসায় কৰিবলৈ লোণ লৈছে। যাৰ লোণ লোৱাৰ সামৰ্থ থাকে তেওঁ লোণ লয়। অসম চৰকাৰ বাব ভাৰত চৰকাৰৰ এনেকুৱা বহু আঁচনি আছে, যি আঁচনিৰ অধীনত লোণ ল’লে ৰাজসাহায্য লাভ কৰা যায়। কৃষি বিভাগৰ লোণতো ৰাজসাহায্য দিয়াটো এটা পৰম্পৰাৰ দৰে। ফিচাৰী, ভেটেনেৰী, কৃষি এইবিলাকত লোণ ল’লে ৰাজসাহায্য লাভ কৰে। আদানী-আম্বানীয়েও যদি এইবোৰৰ পৰা লোণ লয়, তেওঁলোকেও ৰাজসাহায্য লাভ কৰিব। এয়া নিয়ম। তেওঁ আৰু কয় যে অসমত বহুত মানুহে ডাঙৰ ডাঙৰ হোটেল বনাইছে, হোটেল বনালে আমি ৩০ শতাংশ কেপিটেল ছাবচিডি দিওঁ। অসমৰ আটাইতকৈ ধনী মানুহজনো যদি সেই আঁচনিৰ অধীনত হোটেল এখন বনায়, তেঁৱো ৰাজসাহায্য পাব। সংবাদ মাধ্যমৰ মালিকসকলেও যদি হোটেল এখন বনায় তেওঁলোকেও ছাবচিডি পাব। অৱশ্যে ইতিমধ্যে তেনে মালিকো ছাবচিডি লোৱাৰ ঘটনাও আছে। এই ৰাজসাহায্য প্ৰত্যেকেই লাভ কৰে। এনেদৰে মোৰ পত্নীয়ে আগতেও লোণ লৈছিল, তেতিয়া নেডফিৰ পৰা ৰাজসাহায্য পাইছিল। ইয়াৰ সকলো কাগজ-পত্ৰ ইচ্ছা কৰিলে আপোনালোকে চাই ল’ব পাৰিব। তেওঁ আগতেও লোণ লৈ এখন ফাৰ্ম বনাইছিল, তেতিয়াও ছাবচিডি পাইছিল, এইবাৰ ডায়েৰীৰ লোণ লৈছে। চৰকাৰৰ এনেকুৱা কিছুমান আঁচনি থাকে, য’ত লোণ ল’লে ছাবচিডি দিয়ে। এনেকুৱাও নহয় যে ফাৰ্ম নোহোৱাকৈ তেওঁ লোণ লৈছে, আজিও ফাৰ্মখনত ৬০/৭০ জনী গীৰ গাই আছে। গাখীৰৰ ব্যৱসায়টো লাভজনক নহয়, আজিৰ তাৰিখিত এই ব্যৱসায়টো ভালকৈ কোনেও চলাব নোৱাৰে, সেয়ে এই ধৰণৰ ব্যৱসায়বিলাকত চৰকাৰে ছাবচিডি দিয়ে। মোৰ পত্নী এগৰাকী ব্যৱসায়ী, তেওঁ ব্যৱসায়টো চলাই আছে। এই ব্যৱসায়টো যেতিয়া আমি আৰম্ভ কৰিছিলো, তেতিয়া মই মন্ত্ৰীও নাছিলো, আনকি বিধায়কো নাছিলো। বিধায়ক নোহোৱা দিনৰ পৰা ব্যৱসায় এটা কৰি আছিলো, আগতে ব্যৱসায়টো মই চাইছিলো, এতিয়া মোৰ পত্নীয়ে চায়। তেওঁ চাই থকা ব্যৱসায়টোত চৰকাৰৰ ছাবচিডি লৈ তেওঁ ব্যৱসায়টো চলাই আছে। এগ্ৰিকালচাৰ, ভেটেনেৰী, ফিচাৰী এইবিলাক খণ্ডত আপুনি লোণ ল’লেও ছাবচিডি পাব, আম্বানীয়ে লোণ ল’লেও ছাবচিডি পাব। ইয়াত কোনো অনিয়ম বা গোণ্ডগোল হোৱা নাই। ইয়াত কোনো দুই নম্বৰী হোৱা নাই, ফাৰ্ম নকৰাকৈ পইচা লোৱা নাই। গতিকে ইয়াত আৰু ক’বলগীয়া একো নাই। কিন্তু একাংশ সংবাদ মাধ্যমে উদ্দেশ্যপ্ৰণোদিতভাৱে এই সন্দৰ্ভত বাতৰি পৰিৱেশন কৰিছে। একাংশ সংবাদ মাধ্যমে ছাবচিডি লোৱাক লৈ এনেকৈ বাতৰি পৰিৱেশন কৰিছে আমি যেন কিবা দোষ কৰিছো।
বন্দাজান সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে। বন্দাজান পুতি পেলাই ৰাস্তা বনোৱা হোৱা নাই। বন্দাজানটোৰ প্ৰটেকচনৰ কাৰণে সেই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। ৰাস্তাটোৱে বন্দাজানক সুৰক্ষাহে প্ৰদান কৰিছে, তাৰ ৰাইজক সুধিলেই গমপাব বুলি তেওঁ কয়। আনহাতে, বন্দাজানৰ ওচৰত থকা মন্ত্ৰীগৰাকীৰ পিতৃৰ ঘৰটো ১৯৮০ চনৰ পৰা তাত আছে বুলি তেওঁ উল্লেখ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos