728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱেহে গো-মাংস স্পৰ্শ কৰিব পাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা

গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱেহে গো-মাংস স্পৰ্শ কৰিব পাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা

🔹নিষিদ্ধ মাংস তথা গৌৰৱ গগৈ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিস্ফোৰণ🔹বিজেপি-আৰএছএছৰ কোনো ব্যক্তিয়ে গো-মাংস স্পৰ্শ কৰাটো দূৰৰ কথা, চাবও নোৱাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা🔹গৌৰৱ গগৈক তথাকথিত হিন্দু আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ🔹সুশাসন আৰু গৰীৱ কল্যাণৰ ১১ বছৰ সন্দৰ্ভত ওদালগুৰিত বিশেষ সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱেহে গো-মাংস স্পৰ্শ কৰিব পাৰে, আমি নোৱাৰো। গৌৰৱ গগৈ

🔹নিষিদ্ধ মাংস তথা গৌৰৱ গগৈ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাৰ বিস্ফোৰণ
🔹বিজেপি-আৰএছএছৰ কোনো ব্যক্তিয়ে গো-মাংস স্পৰ্শ কৰাটো দূৰৰ কথা, চাবও নোৱাৰেঃ মন্ত্ৰী পীযুষ হাজৰীকা
🔹গৌৰৱ গগৈক তথাকথিত হিন্দু আখ্যা মন্ত্ৰী পীযুষ হাজৰীকাৰ
🔹সুশাসন আৰু গৰীৱ কল্যাণৰ ১১ বছৰ সন্দৰ্ভত ওদালগুৰিত বিশেষ সংবাদমেল সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱেহে গো-মাংস স্পৰ্শ কৰিব পাৰে, আমি নোৱাৰো। গৌৰৱ গগৈ বৰ্তমান হিন্দু হয়নে নহয়, মই নাজানো। আমাৰ দৰে বিজেপি আৰএছএছৰ কোনো ব্যক্তিয়ে গো-মাংস স্পৰ্শ কৰাটো দূৰৰ কথা, চাবও নোৱাৰো। কাৰণ গো-মাতাক আমি পূজা কৰো।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। নিষিদ্ধ মাংস তথা গৌৰৱ গগৈ সন্দৰ্ভত আজি এইদৰে মন্তব্য কৰি কংগ্ৰেছৰ নেতাগৰাকীক সমালোচনাৰে থকা-সৰকা কৰে মন্ত্ৰীগৰাকীয়ে। বিজেপিৰ নেতৃত্বত দেশত সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ ১১ বছৰ সন্দৰ্ভত আজি ওদালগুৰিত বিশেষ সংবাদমেল সম্বোধনৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। নিষিদ্ধ মাংসৰ লগত বিজেপি-আৰএছএছ জড়িত থকা বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্য সন্দৰ্ভত তেওঁ কয় যে তথাকথিত হিন্দুৱেহে এনে কথা পাৰে, যাতে তেওঁলোকৰ পাৰ্টিৰ ক্ৰিমিনেলক বচাব পাৰে। এই কামবিলাক কোনে কৰিছে সকলোৱে জানে। যিসকল ভাল হিন্দু, যিসকলে গো-মাতাক পূজা কৰে, তেওঁলোকে গো-মাংস চুব নোৱাৰে, চাবও নোৱাৰে। গতিকে আমাৰ দলৰ কোনো মানুহে বা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কোনো মানুহে গো-মাংস চুই বেলেগ এটা জেগাৰ পৰা বেলেগ এটা জেগাত লৈ যোৱাৰ কথা ভবাটো পাপ। এয়া গৌৰৱ গগৈৰ দৰে তথাকথিত হিন্দুৱেহে কৰিব পাৰে। নিজৰ দলৰ সদস্যক আইনৰ আওঁতাৰ পৰা বচাবলৈ গৌৰৱ গগৈয়ে এনে কথা কোৱা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আনহাতে, দিব্যাংগ পেন্সন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে দিব্যাংগ পেন্সন বন্ধ কৰি দিয়া নাই বুলি স্পষ্ট কৰি দিয়ে। দিব্যাংগ পেন্সনক অৰুণোদয়লৈ লৈ যোৱা হৈছে বুলি উল্লেখ কৰি বৰ্তমান দিব্যাংগ পেন্সন ১,০০০ টকাৰ পৰা ১,২৫০ টকালৈ বৃদ্ধি কৰা হৈছে বুলি জানিবলৈ দিয়ে।
ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে আজি ওদালগুৰিত বিজেপি চৰকাৰৰ সুশাসন আৰু গৰীৱ কল্যাণৰ ১১ বছৰ সন্দৰ্ভত বিশেষ সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ প্ৰধানমন্ত্ৰী কালৰ ১১ বছৰ অতিক্ৰম কৰিছে। তেওঁৰ ওপৰত থকা আস্থাৰ কাৰণে দেশবাসীয়ে তেওঁক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। যোৱা ১১ বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশত বহু উন্নয়নমূলক কাম হৈছে, যাৰ বাবে দেশখন বহুদূৰ আগুৱাই গৈছে। এই কথা দেশবাসীয়ে স্বীকাৰ কৰি নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিলে বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত যোৱা ১১ বছৰত হোৱা বিভিন্ন উন্নয়নমূলক কাম তথা আঁচনি ৰূপায়ণৰ খতিয়ান দাঙি ধৰে। তেওওঁ কয় যে ২০১৪ চনত ভাৰতবৰ্ষৰ অৰ্থনীতি পৃথিৱীৰ ভিতৰত দশম স্থানৰ অৰ্থনীতি আছিল, কিন্তু আজি অৰ্থনীতিৰ মানচিত্ৰত ভাৰতবৰ্ষৰ স্থান হৈছে চতুৰ্থ। ভাৰতবৰ্ষ এতিয়া পৃথিৱীৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ। অহা দুবছৰৰ ভিতৰত ভাৰতবৰ্ষই অৰ্থনৈতিক মানচিত্ৰত তৃতীয় স্থান অধিকাৰ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰি অনাগত সময়ত ভাৰতবৰ্ষৰ আৰু দ্ৰুত উন্নয়ন হ’ব বুলি উল্লেখ কৰে। তেওঁ কয় যে বিগত ১১ বছৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৮১ কোটি লোকক বিনামূলীয়া চাউল বা খাদ্যবস্তু যোগান ধৰিছে। স্বচ্ছ ভাৰত মিছনৰ যোগেদি ১২ কোটি শৌচালয় নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে। জনজীৱন মিছনৰ যোগেদি দেশৰ ১৫ কোটি পৰিয়ালক বিশুদ্ধ নলযুক্ত পানী যোগান ধৰিবলৈ সক্ষম হৈছে। মুদ্ৰা যোজনাৰ অধীনত আৰ্থিক স্বাৱলম্বিতাৰ বাবে ৫২ কোটিতকৈ অধিক লোকক ঋণ প্ৰদান কৰা হৈছে আৰু ৬৮ লাখ পদপথৰ দোকানীক পি এম স্বনিধি যোজনাৰ অধীনত সহায় কৰা হৈছে। প্ৰধানমন্ত্ৰী আবাস যোজনাৰ জৰিয়তে ৪ কোটি গৃহ নিৰ্মাণ কৰিবলৈ সক্ষম হৈছে বুলি কয়। ১১ বছৰৰ পূৰ্বে এটা ঘৰৰ বাবদত দিয়া হৈছিল মাত্ৰ ৭৫ হাজাৰ টকা, কিন্তু আজি প্ৰধানমন্ত্ৰী আবাস যোজনাৰ এটা ঘৰ নিৰ্মাণৰ বাবদত প্ৰায় ডেৰ লাখ টকা দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰী কৰে। ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে কৃষি, শিক্ষা, পথ-যোগাযোগ আদিৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে ৰূপায়ণ কৰা উল্লেখযোগ্য আঁচনিৰ লগতে উন্নয়নমূলক কামৰ খতিয়ানো সংবাদমেলৰ জৰিয়তে দাঙি ধৰে।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে ওদালগুৰি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (নগৰীয়া) আঁচনিৰ সফল ৰূপায়ণ সুনিশ্চিতকৰণ সন্দৰ্ভত জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতি (ডিএলএমচি)ৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে এই আঁচনি ৰূপায়ণৰ উপৰি হিতাধিকাৰীৰ তালিকা সন্দৰ্ভত সবিশেষ বুজ লয়। আনহাতে, বৈঠকত ‘মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত’ আঁচনিখন ৰূপায়ণ সন্দৰ্ভত জিলা পৰ্যায়ৰ কাৰ্যকৰীকৰণ সমিতি (ডিএলআইচি)ৰ সৈতে আলোচনাত মন্ত্ৰীগৰাকী মিলিত হয়। যোগ্য হিতাধিকাৰীসকলে যাতে এই কল্যাণমূলক আঁচনিৰ সুফল লাভ কৰিব পাৰে, তাৰ বাবে সকলোকে দৃষ্টি ৰাখিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। এই সভাত বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰী, দুৰ্গা দাস বড়ো, চৰণ বড়ো, এমচিএলএ দীপক মৌৰ, জিলা আয়ুক্তসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos