‘য’ত পাকিস্তানী প্ৰেমী থাকে গৌৰৱ গগৈ তালৈহে যোৱা উচিত’তামুলপুৰত গৌৰৱ গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গৌৰৱ গগৈয়ে ৰাস্তা ভুল কৰি ধুবুৰীৰ সলনি তামুলপুৰলৈ গৈছে। য’ত পাকিস্তানী প্ৰেমী থাকে গৌৰৱ গগৈ তালৈহে যোৱা উচিত।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি তামুলপুৰত এখন সংবাদমেল সম্বোধন কৰাৰ অন্তত সাংবাদিকৰ আগত গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে
‘য’ত পাকিস্তানী প্ৰেমী থাকে গৌৰৱ গগৈ তালৈহে যোৱা উচিত’
তামুলপুৰত গৌৰৱ গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
গৌৰৱ গগৈয়ে ৰাস্তা ভুল কৰি ধুবুৰীৰ সলনি তামুলপুৰলৈ গৈছে। য’ত পাকিস্তানী প্ৰেমী থাকে গৌৰৱ গগৈ তালৈহে যোৱা উচিত।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি তামুলপুৰত এখন সংবাদমেল সম্বোধন কৰাৰ অন্তত সাংবাদিকৰ আগত গৌৰৱ গগৈক তীব্ৰ কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। বিটিআৰ নিৰ্বাচনক লৈ এখন যুঁজ হ’ব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰা সন্দৰ্ভত সাংবাদিকে মন্ত্ৰীগৰাকীৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ বিচৰাত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে গৌৰৱ গগৈৰ যিখন যুঁজ, সেইখন যুঁজ ধুবুৰীত হ’ব পাৰে, য’ত পাকিস্তানী প্ৰেমী আছে, বিটিআৰত হ’ব নোৱাৰে। তামুলপুৰ-বিটিআৰত গৌৰৱ গগৈয়ে কেনেকৈ যুঁজ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে ওলোটাই প্ৰশ্ন কৰি গৌৰৱ গগৈয়ে য’ত তেওঁৰ পাকিস্তানী সমৰ্থক আছে, তাতহে যুঁজ কৰা উচিত বুলি কয়। মন্ত্ৰীগৰাকীয়ে কয় যে তামুলপুৰত বড়ো মানুহ, খিলঞ্জীয়া মানুহৰ আধিপত্য আছে, ইয়াত গৌৰৱ গগৈয়ে যুঁজ কৰিব নোৱাৰে। পাকিস্তানী সমৰ্থক থকা ঠাইতহে গৌৰৱ গগৈয়ে যুঁজ কৰা উচিত। গৌৰৱ গৈয়ে ধুবুৰীত গৈ যুঁজ কৰিব লাগিছিল, তেওঁ ভুলবশতঃ ৰাস্তা ভুল কৰি তামুলপুৰলৈ আহিল বুলি গৌৰৱ গগৈক মন্ত্ৰীগৰাকীয়ে তীব্ৰ কটাক্ষ কৰে। ভাৰতীয় মানুহে পাকিস্তানী মানুহক খেদি পঠিয়ায়। আজি ধুবুৰীত যিবোৰ ঘটনা ঘটি আছে, তেওঁৰ সমৰ্থকসকলে হয়তো এই ঘটনাবোৰ সংঘটিত কৰি আছে। গতিকে এই মুহূৰ্তত তেওঁ যাব লাগিছিল ধুবুৰীলৈ। কিন্তু তেওঁ ধুবুৰীলৈ নগৈ, ৰাস্তা ভুল কৰি ইয়ালৈ আহিল বুলি মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ধুবুৰীত যি অপশক্তিয়ে গা কৰি উঠিছে, সেই অপশক্তিটোৰ বিৰুদ্ধে যুঁজ কৰি থকা বুলিও জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত অপশক্তিটোক দেখিলেই গুলীয়াবলৈ নিৰ্দেশ দিয়াৰ কথাও উল্লেখ কৰে।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে আজি তামুলপুৰৰ জিলা বিজেপি কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ একাদশ বৰ্ষপূর্তিত চৰকাৰৰ সাফল্য, কল্যাণমুখী আঁচনি আৰু পদক্ষেপসমূহক লৈ এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে তিনিটা কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনে বিগত ১১ টা বছৰ গৰীৱ কল্যাণ বছৰ হিচাপে বা গৰীৱৰ উন্নয়নৰ বছৰ হিচাপে কাম কৰিছে বুলি উল্লেখ কৰে। সংবাদমেলত মন্ত্ৰীগৰাকীয়ে ১১ বছৰত এনডিএ চৰকাৰখনে কৰা বিভিন্ন উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰে। যোৱা ১১ টা বছৰত ৮১ কোটি মানুহক প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনাৰ জৰিয়তে বিনামূলীয়া অন্ন দিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰাৰ লগতে ৪ কোটিতকৈ অধিক লোকক প্ৰধানমন্ত্ৰী আবাস যোজনাৰ জৰিয়তে পকীঘৰ নিৰ্মাণ কৰি দিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে। অসমতো ২০ লাখতকৈ অধিক দুখীয়া লোকক গৃহ নিৰ্মাণ কৰি দিয়া হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন সপোনৰ আঁচনি আছিল ‘জলজীৱন মিছন, হৰ ঘৰ জল’ এইখন আঁচনিৰ অধীনত এতিয়ালৈকে ১৫ কোটি পৰিয়ালৰ ঘৰত জলজীৱন মিছৰ পানী দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। অসমতো ৮১ শতাংশ পৰিয়াললৈ জলজীৱন মিছনৰ পানী দিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। আনহাতে, প্ৰধানমন্ত্ৰীৰ সুৰক্ষা বীমা যোজনাৰ জৰিয়তে ৫১ কোটি লোকক আজি সুৰক্ষা বীমা যোজনাৰ জৰিয়তে সামৰি ল’বলৈ সক্ষম হৈছে বুলি কয়। ইয়াৰ উপৰি পি এম স্বনিধি আঁচনিৰ জৰিয়তে ৬৮ লাখ পদপথৰ ব্যৱসায়ীক সামৰি লোৱা হয় বুলি জানিবলৈ দিয়ে। একেদৰে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ জৰিয়তে ৩.৭ লাখ কোটি টকা কৃষকসকলক দিবলৈ সক্ষম হৈছে। এনেদৰে সাধাৰণ দুখীয়া ৰাইজৰ কাৰণে চৰকাৰখনে কাম কৰিছে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে পি এম ফচল বীমা যোজনা, কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৃষকসকলক সকাহ দিয়াৰ কথা উল্লেখ কৰে। নাৰী সুৰক্ষা, নাৰী সৱলীকৰণ, প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনা, বিমান সংযোগ, ৰে’ল-যোগাযোগ, ৰাম মন্দিৰ নিৰ্মাণ আদি বিভিন্ন উন্নয়নমূলক কাম আৰু আঁচনি ৰূপায়ণৰ তথ্য সংবাদমেলত দাঙি ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ মন্ত্ৰীগৰাকীয়ে শলাগ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া যাত্ৰাত যিবোৰ কাম হৈছে, সেয়া সঁচাকৈয়ে গৌৰৱ কৰিবলগীয়া বুলি তেওঁ মন্তব্য কৰে। তদুপৰি প্ৰধানমন্ত্ৰী মোদীৰ সদিচ্ছা আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাৰ বাবে তামুলপুৰৰ মেডিকেল কলেজৰ নিৰ্মাণ কাৰ্য, জিলা আয়ুক্তৰ কাৰ্যালয় নিৰ্মাণ কাৰ্য ক্ষীপ্ৰ গতিত চলি থকা বুলিও তেওঁ জানিবলৈ দিয়ে। এনেদৰে এনডিএ চৰকাৰখনৰ দিনত দেশৰ লগতে ৰাজ্যখনতো অজস্ৰ উন্নয়নমূলক কাম হৈ থকা বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে।
Leave a Comment
Your email address will not be published. Required fields are marked with *