আমেৰিকাৰ লছ এঞ্জেলছত ক্ষোভৰ দাবানল! প্ৰব্ৰজন নীতিৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰতিবাদ। নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ ওপৰত অত্যাচাৰ আৰম্ভ হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ট্ৰাম্প প্ৰশাসনে মোতায়েন কৰিছে নেচনেল গাৰ্ড। অব্যাহত আছে গণ গ্ৰেপ্তাৰ। হোমলেণ্ড ছিকিউৰিটিয়ে চহৰৰ চুক-কোণে টহল দি আছে। অতিৰিক্ত বাহিনীও প্ৰেৰণ কৰা হৈছে।আমেৰিকাৰ এটৰ্নী অফিচৰ তথ্য অনুসৰি ইমিগ্ৰেচন এণ্ড
আমেৰিকাৰ লছ এঞ্জেলছত ক্ষোভৰ দাবানল! প্ৰব্ৰজন নীতিৰ বিৰুদ্ধে ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰতিবাদ। নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীৰ ওপৰত অত্যাচাৰ আৰম্ভ হোৱাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ট্ৰাম্প প্ৰশাসনে মোতায়েন কৰিছে নেচনেল গাৰ্ড। অব্যাহত আছে গণ গ্ৰেপ্তাৰ। হোমলেণ্ড ছিকিউৰিটিয়ে চহৰৰ চুক-কোণে টহল দি আছে। অতিৰিক্ত বাহিনীও প্ৰেৰণ কৰা হৈছে।
আমেৰিকাৰ এটৰ্নী অফিচৰ তথ্য অনুসৰি ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে সমগ্ৰ লছ এঞ্জেলছত অভিযান চলাই ৪৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। এই অভিযান ট্ৰাম্পৰ নতুন প্ৰব্ৰজন নীতিৰ অংশ। ইয়াৰ পিছত লছ এঞ্জেলছ উত্তপ্ত হৈ পৰে। এই ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে অবৈধ অনুপ্ৰৱেশকাৰী।
কেইঘণ্টামানৰ ভিতৰতে ফেডাৰেল ডিটেনচন চেণ্টাৰৰ সন্মুখত হাজাৰ হাজাৰ প্ৰতিবাদকাৰী সমবেত হয়। হাতত প্লেকাৰ্ড লৈ শ্লোগান দিবলৈ আৰম্ভ কৰে। বন্দীসকলক শীঘ্ৰে মুকলি কৰি দিবলৈও দাবী জনায়। ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে।
ইতিমধ্যে ট্ৰাম্প চৰকাৰে ‘অবৈধ’ অনুপ্ৰৱেশকাৰীক আমেৰিকা এৰি যাবলৈ নিৰ্দেশ দিছে।
ইফালে ১ জুনত আৰম্ভ হৈছিল অশান্তি। বৰ্তমান লছ এঞ্জেলছ চহৰখনত সৰ্বাধিক অনুপ্ৰৱেশকাৰী ভৰি আছে। প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰে। কন্দুৱা গেছো নিক্ষেপ কৰে। প্ৰতিবাদকাৰীয়ে ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে। কেইবাখনো গাড়ীত জুই লগাই দিয়ে। বিভিন্ন দোকানত লুণ্ঠন চলোৱাৰো বাতৰি পোৱা গৈছে।
ইয়াৰ পিছতে ট্ৰাম্প প্ৰশাসনে ২০০০ নেচনেল গাৰ্ড মোতায়েন কৰে। আৰম্ভ কৰে গণ গ্ৰেপ্তাৰ। অতিৰিক্ত সৈন্যও নিয়োগ কৰা হ’ব বুলি জানিব পৰা গৈছে।
Leave a Comment
Your email address will not be published. Required fields are marked with *