গুৱাহাটীৰ বেলতলা বজাৰত টোল ফ্ৰী বজাৰ আনুষ্ঠানকভাৱে উদ্বোধন মেয়ৰ মৃগেন শৰণীয়াৰ অসমৰ অনুসূচিত জাতি/জনজাতি জনজাতিৰ অন্তৰ্গত সকলো মহিলাক টোল দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। GMCৰ অন্তৰ্গত সকলো টোল/লীজত দিয়া বজাৰৰ ২৫% এলেকা SC/ST মহিলাৰ বাবে বিনামূলীয়া কৰা হৈছে। এইসকল মহিলাই বজাৰত সামগ্ৰী বিক্ৰী কৰাৰ বাবে জিএমচিৰ টোল সংগ্ৰাহক বা সংশ্লিষ্ট পট্টাধাৰীক কোনো টোল দিব নালাগে।
গুৱাহাটীৰ বেলতলা বজাৰত টোল ফ্ৰী বজাৰ আনুষ্ঠানকভাৱে উদ্বোধন মেয়ৰ মৃগেন শৰণীয়াৰ
অসমৰ অনুসূচিত জাতি/জনজাতি জনজাতিৰ অন্তৰ্গত সকলো মহিলাক টোল দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। GMCৰ অন্তৰ্গত সকলো টোল/লীজত দিয়া বজাৰৰ ২৫% এলেকা SC/ST মহিলাৰ বাবে বিনামূলীয়া কৰা হৈছে। এইসকল মহিলাই বজাৰত সামগ্ৰী বিক্ৰী কৰাৰ বাবে জিএমচিৰ টোল সংগ্ৰাহক বা সংশ্লিষ্ট পট্টাধাৰীক কোনো টোল দিব নালাগে। উল্লেখ্য যে জিএমচিৰ অফিচ চেম্বাৰত যোৱা ১৭ মে’ত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত অনুসৰি জিএমচিৰ সকলো টোল/লীজত দিয়া বজাৰৰ ২৫% এলেকা অসমৰ অনুসূচিত জাতি/জনজাতিৰ অন্তৰ্গত মহিলাসকলৰ বাবে ভেণ্ডিঙৰ বাবে বিনামূলীয়া কৰা হৈছে। এই মহিলাসকলক টোল সংগ্ৰাহক, জিএমচি বা সংশ্লিষ্ট পট্টাধাৰীক টোল দিয়াৰ পৰা ৰেহাই দিয়া হৈছে। এই আদেশ ০১-০৬-২০২৫ৰ পৰা পৰৱৰ্তী আদেশলৈকে কাৰ্যকৰী হ’ব বুলি জিএমচি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইফালে, আজি বেলতলা বজাৰৰ এটা স্থান জনজাতীয় মহিলাৰ বাবে সংৰক্ষণ কৰে গুৱাহাটী পৌৰ নিগমে। এই বিশেষ স্থানত এতিয়াৰে পৰা ST আৰু SCৰ মহিলাসকলে বিনামূলীয়াকৈ ব্যৱসায় চলাব পাৰিব। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই মুকলি কৰে বিশেষভাৱে সংৰক্ষিত স্থান। এই সন্দৰ্ভত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি সংবাদ মাধ্যমৰ আগত কয় যে মহিলাসকলৰ বাবে কিবা এটা কৰাৰ আমাৰ এটা সিদ্ধান্ত আছিল। বিভিন্ন ঠাইত আমাৰ যি অনুসূচিত জাতি-জনজাতিৰ মহিলাসকল আছে, তেওঁলোকে যেতিয়া বজাত বহিবলৈ বিচাৰে বহুত ঠাইত বহিবলৈ নাপায়। তেওঁলোকে কঁচু, ঢেঁকিয়া আদি বিক্ৰীৰ বাবে আনি বজাৰত বহিলেও বিক্ৰী নহ’লে তেওঁলোকে বজাৰৰ টোল দিবলৈ অসুবিধাৰ সন্মুখীন হয়। সেয়ে তেওঁলোকৰ কথা চিন্তা কৰি আমি তেওঁলোকৰ বহা ঠাই সংৰক্ষিত কৰি ৰখাৰ লগতে তেওঁলোকক টোল দিয়াৰ পৰা ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। মেয়ৰ মৃগেন শৰণীয়াই প্ৰথম অৱস্থাত গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত তিনিখন লেচী বজাৰ নিৰ্বাচিত কৰি এই কাম আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰে। তেওঁ কয় যে বজাৰ এলেকাৰ ২৫ শতাংশ ঠাই অনুসূচিত জাতি/জনজাতিৰ মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগে লগে তেওঁলোকৰ লেচীক দিবলগীয়া মাচুল বা টোলৰ বাবে দিবলগীয়া মাচুল ৰেহাই ব্যৱস্থা কৰিছো। তেওঁলোকে বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব। এনেধৰণে আমি মহিলাসকলক আগবঢ়াই নিয়াৰ লগতে তেওঁলোকে গুৱাহাটীত যাতে ভালদৰে ব্যৱসায় কৰি চলিব পাৰে সেই লক্ষ্য আগত লৈ আজি বেলতলা বজাৰত টোল ফ্ৰী বজাৰ উদ্বোধন কৰো। ইয়াৰ দ্বাৰা মহিলাসকল উৎসাহিত হ’ব আৰু সকাহ লাভ কৰিব বুলি মেয়ৰগৰাকীয়ে মন্তব্য কৰে। পৌৰ নিগমে ইতিমধ্যে নিজাববীয়াকৈ চাৰ্ভে চলাই বেলতলা বজাৰত ৯০ গৰাকী অনুসূচিত জাতি/জনজাতিৰ মহিলাক চিনাক্ত কৰিছে আৰু তেওঁলোকক আই কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে, এই আই কাৰ্ড লাভ কৰিলে মহিলাসকলে এই টোল ফ্ৰী বজাৰ এলেকাৰ বাহিৰেও যিসকল মহিলাই পূৰ্বৰ ঠাইত বহি ব্যৱসায় কৰি আছে সেই ঠাইতে বিনামূলীয়াকৈ বহাৰ সুবিধা লাভ কৰিব আৰু লেচীক কোনো মাচুল দিব নালাগিব বুলিও জানিবলৈ দিয়ে।
Leave a Comment
Your email address will not be published. Required fields are marked with *