728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মহানগৰৰ বানাক্ৰান্তৰ কাষত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ

মহানগৰৰ বানাক্ৰান্তৰ কাষত অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰ

🔹নবীন নগৰ, অনিল নগৰ, জুৰিপাৰ, লিচু বাগানৰ বানাক্ৰান্ত ৰাইজক সাহায্যৰ সামগ্ৰী বিতৰণ যোৱা কেইদিনমানৰ পৰা হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰৰ বহু অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অধিক তৎপৰতাৰে গুৱাহাটীবাসী ৰাইজৰ এই অনাহুত সমস্যাৰ সমাধানৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰি আছে।

🔹নবীন নগৰ, অনিল নগৰ, জুৰিপাৰ, লিচু বাগানৰ বানাক্ৰান্ত ৰাইজক সাহায্যৰ সামগ্ৰী বিতৰণ

যোৱা কেইদিনমানৰ পৰা হৈ থকা ধাৰাষাৰ বৃষ্টিপাতৰ ফলত গুৱাহাটী মহানগৰৰ বহু অঞ্চল কৃত্ৰিম বানৰ কবলত পৰিছে। বহু অঞ্চল এতিয়াও প্লাৱিত হৈ আছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অধিক তৎপৰতাৰে গুৱাহাটীবাসী ৰাইজৰ এই অনাহুত সমস্যাৰ সমাধানৰ বাবে যৎপৰোনাস্তি প্ৰয়াস কৰি আছে। অনাহুত এই দুৰ্যোগৰ সময়ত মহানগৰৰ বানাক্ৰান্ত ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে সাহায্য। অসম ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱ জ্যোতি লহকৰে আজি নিউ গুৱাহাটী সমষ্টিৰ অন্তৰ্গত নবীন নগৰ, অনিল নগৰ, জুৰিপাৰ আৰু লিচু বাগান অঞ্চলৰ বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা আগবঢ়োৱা সাহায্যৰ সামগ্ৰী বিতৰণ কৰে৷ লগতে তেওঁ লিচুবাগান, সৰুবাগান আদি অঞ্চলত ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কিছু পৰিয়ালক ত্ৰিপালো বিতৰণ কৰে। এই অনাকাংক্ষিত দুৰ্যোগৰ সময়ত সকলোকে ঐক্যবদ্ধভাৱে আগবাঢ়ি যোৱাৰ লগতে গুৱাহাটী মহানগৰৰ বানাক্ৰান্ত ৰাইজক সাৱধানতা অৱলম্বন কৰিবলৈ ৰাজ্যিক পৰিবহণ নিগমৰ উপাধ্যক্ষগৰাকীয়ে আহ্বান জনায়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos