728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম চৰকাৰ আৰু আইআইটি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

অসম চৰকাৰ আৰু আইআইটি গুৱাহাটীৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ

▶️ প্ৰতিবছৰে জলসম্পদ বিভাগৰ ২০ গৰাকী অভিযন্তাই আইআইটি গুৱাহাটীৰ অনলাইন এম টেক পাঠ্যক্ৰমত নামভৰ্তি হ’ব▶️ আধুনিক প্ৰযুক্তিবিদ্যাৰে শিক্ষিত হৈ উঠিলে আমাৰ অভিযন্তাসকলে বান নিয়ন্ত্ৰণ ব্যৱস্থাক অধিক উন্নত আৰু কাৰ্যক্ষম ৰূপ দিব পাৰিবঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা অসমত বান আৰু নদী খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে, আজি অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা

▶️ প্ৰতিবছৰে জলসম্পদ বিভাগৰ ২০ গৰাকী অভিযন্তাই আইআইটি গুৱাহাটীৰ অনলাইন এম টেক পাঠ্যক্ৰমত নামভৰ্তি হ’ব
▶️ আধুনিক প্ৰযুক্তিবিদ্যাৰে শিক্ষিত হৈ উঠিলে আমাৰ অভিযন্তাসকলে বান নিয়ন্ত্ৰণ ব্যৱস্থাক অধিক উন্নত আৰু কাৰ্যক্ষম ৰূপ দিব পাৰিবঃ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

অসমত বান আৰু নদী খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে, আজি অসম চৰকাৰৰ জলসম্পদ বিভাগ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ মাজত এক গুৰুত্বপূর্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। দিশপুৰস্থিত জনতা ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ উপস্থিতিত এই চুক্তি স্বাক্ষৰিত হয়।
আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক সুকুমাৰ নন্দী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাৰ মাজত স্বাক্ষৰিত এই চুক্তি অনুসৰি, জলসম্পদ বিভাগৰ ২০ গৰাকী অভিযন্তাই প্ৰতিবছৰে আইআইটি গুৱাহাটীত জলসম্পদ বিষয়ক অনলাইন এম.টেক. পাঠ্যক্ৰমত নামভৰ্তিৰ সুবিধা লাভ কৰিব । বিশ্ব বেংকৰ সহযোগত চলি থকা অসম বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ (FREMAA)-ৰ এক বিস্তৃত প্ৰকল্পৰ অংশ হিচাপে গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে, পৰৱৰ্তী ১০ বছৰত বিভাগৰ প্ৰায় ২০০ গৰাকী অভিযন্তাই উন্নত প্ৰযুক্তিগত জ্ঞান লাভৰ সুবিধা পাব। এই পাঠ্যক্ৰমৰ জৰিয়তে বিভাগটোক আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ দিশত অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্য ৰখা হৈছে।


এই অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, “চিকিৎসা ক্ষেত্ৰত জড়িত ব্যক্তিসকলে যেনেদৰে নিয়মিতভাৱে নতুন জ্ঞান আৰু উদ্ভাৱন আহৰণৰ বাবে চেমিনাৰ আৰু পাঠ্যক্ৰমত অংশ লয়, তেনেদৰে জলসম্পদৰ দৰে সংবেদনশীল বিষয়ৰ সৈতে জড়িত অভিযন্তাসকল আধুনিক প্ৰযুক্তিৰ বিষয়ে সদায় অৱগত থকাটো অতি প্ৰয়োজনীয়।” মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জলসম্পদ বিভাগে প্ৰতিবছৰে প্ৰায় ২০০০ কোটি টকাৰ বাজেটৰ জৰিয়তে কাম কৰি আছে আৰু বিগত ৪ বছৰত বানৰ প্ৰকোপ ৬০-৭০ শতাংশলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। “বহুবছৰ ধৰি বানপানীয়ে অসমক পিছপেলাই ৰাখিছে। বৰ্তমান পুঁজিৰ অভাৱ নাই, কিন্তু সঠিক প্ৰযুক্তিৰ ব্যৱহাৰ নোহোৱালৈকে স্থায়ী সমাধান সম্ভৱ নহয়,” বুলি তেওঁ কয়।
মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে, আইআইটি গুৱাহাটীৰ সৈতে এই একাডেমিক সহযোগিতাৰ জৰিয়তে বিভাগটোক প্ৰযুক্তিগতভাৱে অধিক সক্ষম কৰি তোলা যাব। তেওঁ লগতে কয় যে ৰাজ্যত প্ৰায় ৪৫০০ কিমি দৈৰ্ঘ্যৰ মথাউৰি আছে, যাৰ বহুতো অংশৰ আধুনিক প্ৰযুক্তিৰ সহায়েৰে পুনঃসংস্কাৰ কৰাটো এক তীব্ৰ প্ৰয়োজন। এই ক্ষেত্ৰত আজিৰ বুজাবুজিৰ চুক্তিখনে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। সম্প্ৰতি বিভাগে ভৰ ভাৰিষাৰ মাজতে জিঅ’ মেগা টিউব ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰতে মথাউৰি মেৰামতিৰ কাম সফলতাৰে সম্পন্ন কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ অভিযন্তাসকলক আহ্বান জনায় যাতে এই সুযোগৰ সঠিক সদ্ব্যৱহাৰ কৰি ৰাজ্যৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণ ব্যৱস্থাত আধুনিকতা আৰু দক্ষতা আনি এক নতুন মাত্ৰা প্ৰদান কৰে।

উল্লেখ্য যে, FREMAA-ৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ জীৱন বিয়ে আদৰণী ভাষণ আগবঢ়োৱা আজিৰ অনুষ্ঠানত জলসম্পদ বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ড আৰু আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক সুকুমাৰ নন্দীয়েও বক্তব্য আগবঢ়ায় | তদুপৰি বিশ্ব বেংকৰ গ্লোবেল লীড গ্ৰেগ ব্ৰাউডাৰ, জলসম্পদ বিভাগৰ অধীনস্থ অভিযন্তা-বিষয়া আৰু আইআইটি গুৱাহাটী সংস্থাপনাৰ বহুজন অধ্যাপকে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos