728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ছিপাঝাৰত দিমিলা নদীৰ মথাউৰিৰ নিৰ্মাণ কাম পৰিদৰ্শন কৰি খৰ্গহস্ত মন্ত্ৰী পীযুষ হাজৰীকা

ছিপাঝাৰত দিমিলা নদীৰ মথাউৰিৰ নিৰ্মাণ কাম পৰিদৰ্শন কৰি খৰ্গহস্ত মন্ত্ৰী পীযুষ হাজৰীকা

🔹‘ইয়াক আজিয়েই নিলম্বন কৰক, ই ঠিকাদাৰৰ লগত মিতিৰালি কৰে’🔹জলসম্পদ বিভাগৰ অভিযন্তাক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ🔹ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈও নিৰ্দেশ মন্ত্ৰীগৰাকীৰ ‘ইয়াক আজিয়েই নিলম্বন কৰক। ঠিকাদাৰৰ লগত মিতিৰালি কৰে।’- ছিপাঝাৰত দিমিলা নদীৰ মথাউৰিৰ কামত গাফিলতি কৰা অভিযন্তাক এনেদৰে নিলম্বনৰ নিৰ্দেশ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই। মথাউৰিৰ কাম দেখি অসন্তুষ্ট হৈ পৰা মন্ত্ৰীগৰাকীয়ে অন

🔹‘ইয়াক আজিয়েই নিলম্বন কৰক, ই ঠিকাদাৰৰ লগত মিতিৰালি কৰে’
🔹জলসম্পদ বিভাগৰ অভিযন্তাক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ
🔹ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈও নিৰ্দেশ মন্ত্ৰীগৰাকীৰ

‘ইয়াক আজিয়েই নিলম্বন কৰক। ঠিকাদাৰৰ লগত মিতিৰালি কৰে।’- ছিপাঝাৰত দিমিলা নদীৰ মথাউৰিৰ কামত গাফিলতি কৰা অভিযন্তাক এনেদৰে নিলম্বনৰ নিৰ্দেশ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই। মথাউৰিৰ কাম দেখি অসন্তুষ্ট হৈ পৰা মন্ত্ৰীগৰাকীয়ে অন কেমেৰা জলসম্পদ বিভাগৰ অভিযন্তাক ৰাইজৰ সন্মুখতে জবাবদিহি কৰি নিলম্বনৰ নিৰ্দেশ দিয়ে। উল্লেখ্য যে বান-খহনীয়া সমস্যা সমাধানৰ বাবে দৰং জিলাৰ সাৰেঙৰ পৰা দুইখুঁটিমুখলৈ ডিমিলা নৈৰ দুয়োপাৰে নতুনকৈ নিৰ্মাণৰত সৰ্বমুঠ ১৯.৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটোৰ কাম পৰিদৰ্শন কৰিবলৈ আজি ছিপাঝাৰত মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হয়। পৰিদৰ্শনকালতে স্থানীয় ৰাইজে মথাউৰি নিৰ্মাণত কিছু আসোঁৱাহ থকাৰ বিষয়ে মন্ত্ৰীগৰাকীক অভিযোগ দিয়ে। ৰাইজৰ অভিযোগৰ ভিত্তিত মথাউৰি নিৰ্মাণৰ আঁসোৱাহ মন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ হয় আৰু প্ৰাথমিক পৰ্যায়ত আঁসোৱাহ থকা বুলি পতিয়ন যায়। ইয়াৰ বাবে জলসম্পদ মন্ত্ৰীগৰাকীয়ে দৰং জিলাৰ কাৰ্যবাহী অভিযন্তাক অতিশীঘ্ৰে নিলম্বন কৰিবলৈ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ৩-৪ ফুট মাটি দিয়াৰ পিছত ৰোলাৰ মাৰিব লাগে বুলি মুখ্য অভিযন্তাই মন্ত্ৰীগৰাকীক জনায়। কিন্তু ইয়াত কোনো ৰোলাৰ অহা নাই বুলি ৰাইজে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। অভিযন্তাগৰাকীৰ এনে কাৰ্যত মন্ত্ৰীগৰাকী খৰ্গহস্ত হৈ পৰে। তেওঁ কয় যে ২০ কিলোমিটাৰ মথাউৰি, ইয়াত এদিনো ৰোলাৰ মৰা নাই। এয়া কেনেকৈ হ’ব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰি কয় যে মই কাৰো মুখলৈ নাচাওঁ। মই কাকো চিনি নাপাওঁ, মই ৰাইজক চিনি পাওঁ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰত মই ৰাইজক চিনি পাওঁ। ইয়াৰ পিছত মন্ত্ৰী হাজৰীকাই ৰাইজৰ অভিযোগ লৈ মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মুখ্য অভিযন্তাক দৰং জিলাৰ কাৰ্যবাহী অভিযন্তাগৰাকীক নিলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি, স্থানীয় ৰাইজৰ সৈতে মথাউৰি নিৰ্মাণৰ আসোঁৱাহ সন্দৰ্ভত অধিক আলোচনা কৰি ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা ল’বলৈও জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাক তেওঁ নিৰ্দেশনা প্ৰদান কৰে। ৰাইজৰ সন্মুখতে মন্ত্ৰীগৰাকীয়ে ঠিকাদাৰজনকো জবাবদিহি কৰি সকীয়াই দিয়ে। তেওঁ কয়, ‘ডণ্ট মিছলীড মি, এজনক বৰ্খাস্ত কৰিছোঁ, তোমাকো জে’লত ভৰাই থম। মোৰ লগত কোনো আপোচ নহ’ব’। প্ৰাককলন মতে ঠিকাদাৰজনে কাম নকৰাত মন্ত্ৰীগৰাকী ক্ষুব্ধ হৈ পৰে। ৰাইজে বাৰে বাবে এই সন্দৰ্ভত অভিযোগ দিয়াৰ পিছতো অভিযন্তা আৰু ঠিকাদাৰজনে গুৰুত্ব প্ৰদান কৰা নাছিল বুলি ৰাইজে মন্ত্ৰীগৰাকীক জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে তৎপৰতাৰে অভিযন্তা আৰু ঠিকাদাৰজনৰ বিৰুদ্ধে গ্ৰহণ কৰা এনে পদক্ষেপত ৰাইজে সন্তোষ প্ৰকাশ কৰি মন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos