728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

সংগীতপ্ৰেমীৰ মাজলৈ আহিল ‘ফাগুন বলিছে’

সংগীতপ্ৰেমীৰ মাজলৈ আহিল ‘ফাগুন বলিছে’

🔹গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত মুকলি গীতৰ দৃশ্য-শ্ৰব্য সংস্কৰণ অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত ‘ফাগুন বলিছে’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি কৰা হয় যোৱা ১৩ মে’ত গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা এখনি অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত৷ উন্মোচনী অনু্ঠানত উপস্থিত থাকে সংগীত পৰিচালক মানস হাজৰিকা, গায়ক চাজু, সম্পাদক আৰু গীতিটিৰ ভিডিঅ’ পৰিচালক তিৰাপ

🔹গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত মুকলি গীতৰ দৃশ্য-শ্ৰব্য সংস্কৰণ

অসমীয়া সংগীতৰ বৰ্ণিল ক্ষেত্ৰখনত শেহতীয়াভাৱে সংযোজন ঘটা এটি মনপৰশা অসমীয়া আধুনিক গীত ‘ফাগুন বলিছে’ৰ দৃশ্য-শ্ৰাব্য সংস্কৰণ মুকলি কৰা হয় যোৱা ১৩ মে’ত গুৱাহাটীস্থিত লহৰ ডিজিটেল ষ্টুডিঅ’ত অনুষ্ঠিত হোৱা এখনি অনাড়ম্বৰপূৰ্ণ অনুষ্ঠানত৷ উন্মোচনী অনু্ঠানত উপস্থিত থাকে সংগীত পৰিচালক মানস হাজৰিকা, গায়ক চাজু, সম্পাদক আৰু গীতিটিৰ ভিডিঅ’ পৰিচালক তিৰাপ সীমান্ত মেধি, গায়িকা সুৰভী সোণমণি, সাংস্কৃতিক কৰ্মী মৃদুল হাজৰিকা আদি।


ইউটিউব’ত মুক্তিৰ পিছতেই দৰ্শকৰ আশাপ্ৰদ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা ‘এটি এটি কথা’ৰ পিছত এই বেলি গহপুৰৰ প্ৰতিভা সম্পন্ন কণ্ঠশিল্পী সুৰভী সোণমণি হাজৰিকাই ‘ফাগুন বলিছে’ নামৰ নতুন ৰোমাণ্টিক গীতটিত কণ্ঠ নিগৰাইছে প্ৰতিভাশালী কণ্ঠশিল্পী ৰূপম ভূঞাৰ সৈতে। ৰূপম ভূঞাৰ কণ্ঠ পৰিষ্কাৰ, নিভাঁজ আৰু নিপুণ। ফাগুনক লৈ আজিকোপতি সৃষ্টি হৈছে বহু গীতৰ। ফাগুন মানেই যেন আকাশে-বতাহে সৰাপাতৰ মৃদু গুঞ্জন। ফাগুনৰ বতাহ যাকে অশান্ত সাধাৰণজন আৰু অশান্ত হৃদয়ৰ মাজত এক প্ৰেমময় বাৰ্তা লৈ আহে। পলাশৰ ৰঙেৰে উপচি পৰে এই অভিমানী ভালপোৱা বোৰ। ফাগুন বুলিলেই যে সাঁৱতি ধৰা হৃদয়বোৰত অহৰহ বাজে প্ৰেমৰ গান, নাচে মনবোৰ, হৃদয়বোৰ। ঠিক এনে এক শ্বাশ্বত প্ৰেমৰ অনুভূতি গীতটিত প্ৰকাশ কৰিব বিচৰা হৈছে। প্ৰিয়জনৰ সৈতে ভগাই লোৱা এটা আবেলিত শুনিবলৈ গীতটিক মুকলি কৰি দিয়া হৈছে এছ এছ প্ৰডাকচনৰ দ্বাৰা ইউটিউব চেনেলত। হিয়া জুৰ পেলোৱা নতুন উপস্থাপনা শৈলীৰ আবেদনময়ী ‘ফাগুন বলিছে’ গীতটি কথা আৰু সুৰেৰে সজাইছে সুৰভী সোণমণিয়ে। কণ্ঠশিল্পী হোৱাৰ সামান্তৰালকৈ গীতিকাৰ আৰু সুৰকাৰ হিচাপেও সুৰভী সোণমণি সু-পৰিচিত। গীতটিত ৰূপম ভূঞা আৰু সুৰভী সোণমণিৰ গায়কীয়ে ইজনে সিজনক নিখুঁতভাৱে পৰিপূৰক কৰি তুলিবলৈ সক্ষম হৈছে৷ সাৱলীল শব্দৰে ভৰা গীতটিৰ অনুভূতি আৰু প্ৰকাশক জনপ্ৰিয় সংগীত পৰিচালক পলাশ গগৈৰ সাৱলীল সংগীত পৰিচালনাই অধিক শ্ৰুতিমধুৰ কৰি তুলিছে। গীতটিৰ ভিডিঅ’ পৰিচালনা আৰু সম্পাদনা কৰিছে তিৰাপ সীমান্ত মেধিয়ে। ভিডিঅ’ৰ দৃশ্যগ্ৰহণ কৰিছে অম্লান জ্যোতি ৰাজখোৱাই। আনহাতে, গীতটিত সুন্দৰ অভিনয়ৰ সৈতে আৰু অধিক সুন্দৰ কৰি তুলিছে অমিত কুমাৰ বৰা আৰু প্ৰীয়ম পল্লবীয়ে। গীতটিৰ মিক্সিং আৰু মাষ্টাৰিং’ৰ কাম কৰে মানশ হাজৰিকা (ষ্টুডিঅ’ লহৰ) আৰু পিংকু দাসে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos