728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপাইছে কংগ্ৰেছ দলেঃ মন্ত্ৰী পীযুষ হাজৰীকা

মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপাইছে কংগ্ৰেছ দলেঃ মন্ত্ৰী পীযুষ হাজৰীকা

🔹ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ কংগ্ৰেছে অপমান কৰিছে অসমীয়া নাৰীক🔹অসমীয়া নাৰীক অপমান নকৰিবলৈ কংগ্ৰেছ দলক সকীয়নি মন্ত্ৰী পীযুষ হাজৰীকাৰ এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপোৱা কংগ্ৰেছ দলক অসমীয়া নাৰীক অপমান নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। এই সন্দৰ্ভত

🔹ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ কংগ্ৰেছে অপমান কৰিছে অসমীয়া নাৰীক
🔹অসমীয়া নাৰীক অপমান নকৰিবলৈ কংগ্ৰেছ দলক সকীয়নি মন্ত্ৰী পীযুষ হাজৰীকাৰ

এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপোৱা কংগ্ৰেছ দলক অসমীয়া নাৰীক অপমান নকৰিবলৈ সকীয়নি প্ৰদান কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আজি ছ’চিয়েল মিডিয়াযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন লোকৰ বাবে অসমৰ সুস্থিৰ পৰিৱেশটো অসামাজিক কথাৰে বিনষ্ট নকৰিবলৈ কংগ্ৰেছক সকীয়াই দিয়ে। তেওঁ কয় যে এ পি এছ চি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদন নপঢ়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যক লৈ ৰাজনৈতিক বিষবাষ্প বিয়াপোৱা কংগ্ৰেছ দলে অসমীয়া নাৰীক অপমান কৰাটো বন্ধ কৰক। অসমৰ শিক্ষিত যুৱ প্ৰজন্মৰ সপোন আৰু প্ৰতিভাক লাঞ্ছিত কৰা ৰাকেশ পালৰ চৰিত্ৰৰ অধঃপতনৰ কথা তেখেতৰ মাতৃয়ে দুখেৰে উল্লেখ কৰাৰ বিষয়ে প্ৰতিবেদনত উল্লেখ আছে। গতিকে এনে এজন লোকৰ বাবে অসমৰ সুস্থিৰ পৰিৱেশটো অসামাজিক কথাৰে বিনষ্ট নকৰিব।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে ছ’চিলেয় মিডিয়াযোগে প্ৰকাশ কৰা কথাখিনিৰ লগতে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটীৰ প্ৰতিবেদনৰ প্ৰতিলিপি এটাও সংলগ্ন কৰি দিয়ে। য’ত স্পষ্টকৈ উল্লেখ আছে, ‘I would also like to disclose that Shri Paul used to have illicit relationship with some lady candidates including Smt…… Smt……….. They became part and parcel of his life and used to stay in Paul’s residence throughout the day. Shri Paul’s wife and mother were well aware of such illicit relationship and thus were mentally disturbed. This is precisely the reason as to why Shri Paul’s wife stayed away from him at a flat near ADGP (Border) Office, Guwahati. Shri Paul’s mother used to tell me in assamese “Charitrar patan hoise”.

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos