🔹’কংগ্ৰেছে মানুহ বিচাৰি নাপাই কাৰোবাক ধৰি মেলি আনি প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে’🔹’এচাম লোকৰ ভোট বেংক কোনটো সেয়া অখিল গগৈয়ে দেখুৱাই দিছে’🔹সেইসকলৰ ভয়তে অখিল গগৈয়ে হাত যোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হৈছেঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা🔹বৰপেটা জিলাৰ বামুন্দিত দলীয় কাৰ্যকৰ্তা-স্থানীয় ৰাইজৰ সৈতে ‘মন কি বাত’ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ🔹বামুন্দিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ পঞ্চায়ত
🔹’কংগ্ৰেছে মানুহ বিচাৰি নাপাই কাৰোবাক ধৰি মেলি আনি প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে’
🔹’এচাম লোকৰ ভোট বেংক কোনটো সেয়া অখিল গগৈয়ে দেখুৱাই দিছে’
🔹সেইসকলৰ ভয়তে অখিল গগৈয়ে হাত যোৰ কৰি ক্ষমা খুজিবলৈ বাধ্য হৈছেঃ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা
🔹বৰপেটা জিলাৰ বামুন্দিত দলীয় কাৰ্যকৰ্তা-স্থানীয় ৰাইজৰ সৈতে ‘মন কি বাত’ কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ
🔹বামুন্দিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
পঞ্চায়ত নিৰ্বাচনত সমগ্ৰ অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ মিত্ৰ দলে সকলো আসন দখল কৰিব। ভাবিব নোৱাৰা ধৰণে আসন দখল কৰিব।- এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ। আজি বৰপেটাত সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰি বৰপেটা জিলা পৰিষদো তেওঁলোকে দখল কৰিব বুলিও কয়। তেওঁ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে কংগ্ৰেছে মানুহ বিচাৰি নাপাই কাৰোবাক ধৰি মেলি আনি প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া হৈছে। যাৰ বাবে তেওঁলোকৰ দলৰ প্ৰাৰ্থীয়ে ঘৈনীয়েকৰ সৈতে গিৰিয়েকৰ ফটো লগাব লগীয়া হৈছে। ৰকিবুল হুছেইনৰ নেতৃত্বত যিটো দল চলিব তাত এনেকুৱাই হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে। তেওঁ কয় যে পাকিস্তানৰ নেতৃত্বত চলা মানুহবিলাৰ এনেকুৱাই হয়। তেওঁলোকৰ সাংসদ পাকিস্তানলৈ অহা-যোৱা কৰিয়ে থাকে। তেওঁলোকৰ সাংসদৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়। এনেকুৱা মানুহৰ লগত কোন থাকিব? গতিকে তেওঁলোকৰ লগত থকাৰ কোনো অৱকাশ নাই, সেয়ে তেওঁলোকে মানুহ ধৰি-মেলি আনি প্ৰাৰ্থী দিব লগা হৈছে।
শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিতৰ্কিত মন্তব্য কৰি মাজনিশা ক্ষমা খোজাক লৈও মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে অখিল গগৈক সংবাদ মাধ্যমে অনবৰতে হিৰো বনাই দেখুৱাই থাকে। মাত্ৰ এষাৰ কথা তেওঁ গধূলি কৈছিলহে। ৰাতি হাত যোৰ কৰি ক্ষমা খুজিবলীয়া হৈছে। অখিল গগৈয়ে কাৰ ভয়ত কাক ক্ষমা খুজিছে সেইটো সকলোৱে বুজি পাইছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এচাম লোকৰ ভোট বেংক কোনটো সেয়া অখিল গগৈয়ে দেখুৱাই দিছে বুলি মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অকল ভোট বেংকেই নহয় তেওঁলোকৰ শীৰ্ষ নেতাসকলে তেওঁলোকক এনেকুৱা ধমকি দি চলায় যে দেখি-শুনি লাজ লাগে, দুখ লাগে। আমাৰ অসমীয়া মানুহ তেনেকৈয়ে কাৰোবাৰ ভৰিত পৰি থাকিবলগীয়া হোৱাটো দুখৰ বিষয়।
আনহাতে, ভূপেন বৰাক কটাক্ষ কৰি তেওঁ কয় যে ভূপেন বৰাই নিৰ্বাচন হৰাৰ পিছত কি ক’ব, তাকে লৈ তেওঁ ক্ৰীপ্ট বনাই থাকে। এইবাৰ তেওঁলোকে পুলিচৰ নাম কৈছে, কেতিয়াবা ইভিএমৰ নাম কয়, কেতিয়াবা বেলেগৰ নাম কয়, তেওঁলোকে এনেদৰে কৈ থাকে।
ছিণ্ডিকেটৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ছিণ্ডিকেটত যিমান মানুহ আছে সকলো কংগ্ৰেছৰে নায়ক। কংগ্ৰেছৰ নায়কবিলাকেই অসমত ছিণ্ডিকেট শব্দটোৰ জন্ম দিছিল আৰু ছিণ্ডিকেটবিলাক চলাইছিল বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে কংগ্ৰেছে ছিণ্ডিকেটৰ কথা ক’লে বেজীয়ে চালনীক হঁহা যেন লাগে। যিটো উচিত নহয়। কংগ্ৰেছে ছিণ্ডিকেটৰ কথা ক’ব নাপায় বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
উল্লেখ্য যে মন্ত্ৰীগৰাকীয়ে আজি পুৱা বৰপেটা জিলাৰ বামুন্দিত পাকা গাঁও পঞ্চায়তৰ ৩৫ নং বুথত দলীয় কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজৰ সৈতে ‘মন কি বাত’ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ‘মন কি বাত’ৰ আজিৰ খণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্রাসবাদী আক্ৰমণৰ ওপৰত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আক্ৰমণত প্ৰাণহানি হোৱা লোকসকলৰ পৰিয়ালক উচিত ন্যায় প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ‘আৰ্যভট্ট’ উপগ্ৰহৰ ৫০ বছৰ পূৰ্তি, মানসিক স্বাস্থ্যৰ গুৰুত্ব, মহাকুম্ভ ২০২৫, সংবিধানৰ ৭৫ বছৰ পূর্তি, নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, ‘আয়ুষ্মান ভাৰত’ৰ সফলতা, তামিল ভাষাৰ গৌৰৱ আৰু ওড়িশাৰ কালাহাণ্ডি জিলাৰ কৃষকৰ সফলতাৰ দৰে বহুকেইটা গুৰুত্বপূর্ণ বিষয়ত আলোকপাত কৰে।
ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ ১২ পাকা সৰুক্ষেত্ৰী জিলা পৰিষদৰ অন্তৰ্গত পাকা গাঁও পঞ্চায়তৰ বামুন্দিত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত আৰু অসম গণ পৰিষদৰ সমৰ্থিত জিলা পৰিষদৰ প্ৰাৰ্থী প্ৰাণজিত কুমাৰ ৰয়ৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কেন্দ্ৰ আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমুলক আঁচনিসমূহ একেবাৰে গাঁও পৰ্যায়লৈ লৈ যোৱাৰ লগতে পঞ্চায়তীৰাজ ব্যৱস্থাটো দুৰ্নীতি, ভ্ৰষ্টাচাৰমুক্ত কৰি তোলাৰ বাবে ৰাইজ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্রজোঁটৰ প্ৰাৰ্থীসমূহক বিপুল ভোটত বিজয়ী কৰাবলৈ উদগ্ৰীৱ হৈ আছে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰাণজিত কুমাৰ ৰয় বিপুল ভোটত বিজয়ী হ’ব বুলি কয়। মন্ত্ৰীগৰাকীয়ে লগতে ৬৮ নং দক্ষিণ পূব পাকা পঞ্চায়তৰ পৰা আৰু ৬৭ নং পূব পাকা পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী কাকলি ৰয় আৰু সনাতন তালুকদাৰকো বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায়। নিৰ্বাচনী সভাত বৰপেটা জিলাৰ সহ-প্রভাৰী বিভূতি ভূষণ বৰঠাকুৰ, বৰপেটা জিলা বিজেপিৰ উপ-সভাপতি সঞ্জয় মজুমদাৰ, মণ্ডল সভাপতি অনুপ ৰয়ৰ লগতে অন্যান্য বিষয়ববীয়া, কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
Leave a Comment
Your email address will not be published. Required fields are marked with *