728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত শিক্ষক সমাৰোহ সম্পন্ন

অসম কৃষি বিশ্ববিদ্যালয়ত শিক্ষক সমাৰোহ সম্পন্ন

যোৰহাট, ৫ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয় কৃষি অনুষদৰ শিক্ষক, বিজ্ঞানীক সামৰি পোনপ্ৰথমবাৰৰ বাবে আজি শিক্ষক সমাৰোহ অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ অন্তৰ্গত বিভিন্ন বিভাগ,মহাবিদ্যালয় আৰু আঞ্চলিক গৱেষণা কেন্দ্ৰসমূহৰ শিক্ষক, বিজ্ঞানীসকলে এই সমাৰোহত অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ

যোৰহাট, ৫ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয় কৃষি অনুষদৰ শিক্ষক, বিজ্ঞানীক সামৰি পোনপ্ৰথমবাৰৰ বাবে আজি শিক্ষক সমাৰোহ অনুষ্ঠিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ অন্তৰ্গত বিভিন্ন বিভাগ,মহাবিদ্যালয় আৰু আঞ্চলিক গৱেষণা কেন্দ্ৰসমূহৰ শিক্ষক, বিজ্ঞানীসকলে এই সমাৰোহত অংশগ্ৰহণ কৰে। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। আয়োজক সমিতিৰ সম্পাদক ড০ অখিল ৰঞ্জন বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বক্তব্যত উপাচাৰ্যই শিক্ষক সমাৰোহ অনুষ্ঠিত কৰাটো প্ৰশংসনীয় পদক্ষেপ বুলি উল্লেখ কৰে। সমস্যা থাকিলেও সকলো ক্ষেত্ৰত সমাধান আছে, সেয়ে বিশ্ববিদ্যালয়ৰ উদ্দেশ্যে আগত ৰাখি আগুৱাই যাব লাগিব বুলি প্ৰকাশ কৰি শিক্ষাৰ নিয়মানুৱৰ্তীতা ৰক্ষা কৰি সজাগ সচেতন হৈ আৰ্থিকভাৱে টনকিয়াল হ’বলৈ সময়োচিত পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সকলোকে আহ্বান জনায়। শিক্ষক সন্থাৰ সভাপতি অনন্ত মাধৱ বৰুৱাই বক্তব্য আগবঢ়োৱা সভাখনত বিশ্ববিদ্যালয়ৰ পৰা বিগত দুবছৰে অৱসৰ গ্ৰহণ কৰা শিক্ষকসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অসম কৃষি বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ মুখপত্র, ‘সেউজবীক্ষা’ উন্মোচন কৰা হয়। সন্থাৰ উপ-সভাপতি সমীৰণ দত্তই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান গুৰু ড০ প্ৰসন্ন কুমাৰ পাঠক, কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়া, ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধি প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ মুৰব্বী অধ্যাপক, অধ্যাপক আৰু গৱেষক বিজ্ঞানীসকল উপস্থিত থাকে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos