728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তনৰ আয়োজন

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তনৰ আয়োজন

যাদৱ পায়েং(মুলাই) আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী যোৰহাট, ৪ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰোহিত্যত হ’বলগীয়া সমাৱৰ্তনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড০ হৰিশৰণ গুপ্তাই ভাষণ প্ৰদান কৰিব। অসমৰ কৃষিমন্ত্ৰী

যাদৱ পায়েং(মুলাই) আৰু পূৰ্ণিমা দেৱী বৰ্মনলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী

যোৰহাট, ৪ এপ্ৰিলঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অহা ৯ এপ্ৰিলত যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰোহিত্যত হ’বলগীয়া সমাৱৰ্তনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড০ হৰিশৰণ গুপ্তাই ভাষণ প্ৰদান কৰিব। অসমৰ কৃষিমন্ত্ৰী অতুল বৰাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সমাৱৰ্তনত অৰণ্য মানৱ যাদৱ পায়েং(মুলাই) আৰু গ্ৰীন অস্কাৰ বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিবলগীয়া এই সমাৱৰ্তনতে প্ৰথমবাৰৰ বাবে গভৰ্নৰ এৱাৰ্ড প্ৰদান কৰা হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয় পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে পি এইচ ডি লাভ কৰা ৫৪৮ শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে ডিগ্ৰী প্ৰদান কৰাৰ লগতে সোণৰ পদক আৰু অন্যান্য পুৰস্কাৰসমূহো প্ৰদান কৰা হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকা আৰু পৰিচালনা সমিতিয়ে এই অনুষ্ঠানত শৈক্ষিক সমাজৰ সহায়-সহযোগ কামনা কৰিছে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos