নিউজ ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তিনিচুকীয়া জিলাৰ ন-মটাপুং সূৰুযজ্যোতি যুৱ সংঘৰ আতিথ্যত ন-মটাপুং ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বাৰেকুৰি গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি হলৌ বান্দৰ সংৰক্ষণৰ বাবে কৰা প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে স্থানীয় ৰাইজক
নিউজ ডেস্কঃ অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি তিনিচুকীয়া জিলাৰ ন-মটাপুং সূৰুযজ্যোতি যুৱ সংঘৰ আতিথ্যত ন-মটাপুং ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বার্ষিক অধিৱেশনৰ কাৰ্যসূচীত উপস্থিত থাকে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বাৰেকুৰি গাঁওবাসীয়ে প্ৰকৃতিপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি হলৌ বান্দৰ সংৰক্ষণৰ বাবে কৰা প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে স্থানীয় ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে বাৰেকুৰি আঞ্চলিক যুৱ সংঘই আগন্তুক দিনত ইতিবাচক অৰিহণা অব্যাহত ৰাখি সমাজ গঠনত বলিষ্ঠ ভূমিকা পালন কৰি যাব বুলি আশা প্ৰকাশ কৰে।

Leave a Comment
Your email address will not be published. Required fields are marked with *