728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত ৩১ সংখ্যক আন্তঃমহাবিদ্যালয় সমাৰোহ আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ত ৩১ সংখ্যক আন্তঃমহাবিদ্যালয় সমাৰোহ আৰম্ভ

যোৰহাট, ২০ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক আন্তঃমহাবিদ্যালয় সমাৰোহ আজিৰে পৰা যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তত থকা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ে এই সমাৰোহত অংশগ্ৰহণৰ কৰিছে। বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদৰ খেলপথাৰত আজি পুৱা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহৰ উদযাপন সমিতিৰ সাংগঠনিক সম্পাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০

যোৰহাট, ২০ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ৩১ সংখ্যক আন্তঃমহাবিদ্যালয় সমাৰোহ আজিৰে পৰা যোৰহাটৰ বিশ্ববিদ্যালয়ৰ মূল চৌহদত অনুষ্ঠিত হৈছে। অসমৰ বিভিন্ন প্ৰান্তত থকা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ৯ খন মহাবিদ্যালয়ে এই সমাৰোহত অংশগ্ৰহণৰ কৰিছে। বিশ্ববিদ্যালয়ৰ যোৰহাট চৌহদৰ খেলপথাৰত আজি পুৱা সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহৰ উদযাপন সমিতিৰ সাংগঠনিক সম্পাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধিয়ে আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত উপাচাৰ্যই শিক্ষাৰ্থী অৱস্থাতে এনে সমাৰোহৰ জৰিয়তে অংশগ্ৰহণকাৰীসকলে সামগ্ৰিক উৎকৰ্ষ সাধনৰ বাবে নিজকে প্ৰস্তুত কৰিব পাৰে বুলি উল্লেখ কৰে। পতাকা উত্তোলন আৰু শিখা প্ৰজ্বলনেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানতে মহাবিদ্যালয়সমূহৰ মাৰ্চপাৰ্ছৰ অভিবাদন গ্ৰহণ কৰে উপাচাৰ্য সমন্বিতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, স্নাতকোত্তৰ শিক্ষা সঞ্চালকৰ লগতে মহাবিদ্যালয় কেইখনৰ বিজ্ঞান গুৰু, সহযোগী বিজ্ঞান গুৰুসকলে। ৬ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা চাৰিদিনীয়া সমাৰোহৰখনত সৰ্বমুঠ ৫৩ টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সমাৰোহ উদযাপন সমিতিৰ সভাপতি ড০ চন্দন হাজৰিকাই শলাগ জ্ঞাপন কৰা শুভাৰম্ভণি অনুষ্ঠানতে মাৰ্চপাৰ্ছ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা উত্তৰ লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, দ্বিতীয় স্থান লাভ কৰা খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু তৃতীয় স্থানপ্ৰাপ্ত যোৰহাট কৃষি মহাবিদ্যালয়ক পুৰস্কাৰ প্ৰদান কৰা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos