728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত তিনিদিনীয়া জৈৱিক কৃষিৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

যোৰহাট, ২০ মাৰ্চঃ জৈৱিক কৃষিৰ প্ৰচাৰ আৰু কৃষকৰ মাজত ইয়াৰ প্ৰসাৰৰ জৰিয়তে জৈৱিক কৃষি উৎপাদন বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কৰ্মশালাসহ বিশেষ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ-নেচনেল ব্যুৰো অৱ প্লাণ্ট জেনেটিক ৰিচ’ৰ্ছ, নতুন দিল্লীৰ যুটীয়া উদ্যোগত আয়োজিত এই প্ৰশিক্ষণত যোৰহাট

যোৰহাট, ২০ মাৰ্চঃ জৈৱিক কৃষিৰ প্ৰচাৰ আৰু কৃষকৰ মাজত ইয়াৰ প্ৰসাৰৰ জৰিয়তে জৈৱিক কৃষি উৎপাদন বৃদ্ধিৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা তিনিদিনীয়া কৰ্মশালাসহ বিশেষ কৃষক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ-নেচনেল ব্যুৰো অৱ প্লাণ্ট জেনেটিক ৰিচ’ৰ্ছ, নতুন দিল্লীৰ যুটীয়া উদ্যোগত আয়োজিত এই প্ৰশিক্ষণত যোৰহাট জিলাৰ প্ৰান্তীয় এলেকাৰ নিৰ্বাচিত ১০০ গৰাকী জৈৱিক খেতিৰ লগত জড়িত কৃষকে অংশগ্ৰহণ কৰিছে। অসম কৃষি বিশ্ববিদ্যালয় বৰ্ড ৰূমত আয়োজিত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড০ সঞ্জয় কুমাৰ চেতিয়াই থলুৱা জাতৰ সঁচসমূহৰ বহু গুণাগুণ আছে বুলি উল্লেখ কৰি সেই সমুহ ব্যৱহাৰ কৰি কেনেকৈ কৃষি উৎপাদন বৃদ্ধিৰ লগতে কৃষকক অধিক লাভাৱান্বিত কৰিব পাৰি সেই ক্ষেত্ৰত পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি প্ৰকাশ কৰে। উৎপাদনৰ পৰা বজাৰলৈ উলিয়াই দিয়ালৈকে সঠিকভাৱে আগবাঢ়িব পাৰিলে থলুৱা বীজৰ পৰাও কৃষকে অধিক লাভ অৰ্জন কৰিব পাৰিব বুলি উল্লেখ কৰে।

জৈৱিক উৎপাদন ব্যৱস্থাৰ মূল্য শৃংখল ব্যৱস্থাপনাৰ জৰিয়তে আৰু উদ্ভিদৰ জিনীয় সম্পদ সংৰক্ষণৰ জৰিয়তে উৎপাদনশীলতা আৰু অধিক লাভ অৰ্জনৰ বাবে বাণিজ্যিকভাৱে জৈৱিক উৎপাদন বৃদ্ধি শীৰ্ষক এই কৰ্মশালাত সন্মানীয় অতিথিৰ বক্তব্যত নেচনেল ব্যুৰো অৱ প্লাণ্ট জেনেটিক ৰিচ’ৰ্ছৰ উদ্ভিদ অন্বেষণ আৰু জাৰ্মপ্লাজম সংগ্ৰহ শাখাৰ মুৰব্বী ড০ প্ৰবীণ কুমাৰ সিঙে জৈৱিক কৃষিৰ উৎকৰ্ষ সাধন আৰু কৃষকৰ মাজত ইয়াৰ প্ৰসাৰৰ বাবে এনে সহযোগিতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰে। প্ৰশিক্ষণৰ সাংগঠনিক সম্পাদক ড০ পপী বৰাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটোত বক্তব্যত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধিয়ে প্ৰাকৃতিক খেতি আৰু জৈৱিক কৃষিৰ উৎপাদন বৃদ্ধি কৰিবলৈ যাওঁতে খেতিত সাৰ প্ৰয়োগৰ পৰিমাণ কমাই কৃষি উৎপাদনৰ গুণগত মান বৃদ্ধি কৰিব লাগিব বুলি উল্লেখ কৰে। জৈৱিক কৃষিত ভাল দাম পাবলৈ কেনেকৈ আগবাঢ়িব লাগিব সেই বিষয়ে জানিবলৈ এনেধৰণৰ প্ৰশিক্ষণে উপকৃত কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে। অসম কৃষি বিশ্ববিদ্যালয়স্থ ডিবিটি নিকেবৰ সঞ্চালক ড০ বিদ্যুৎ কুমাৰ শৰ্মাই বক্তব্য আগবঢ়োৱা অনুষ্ঠানটোত নেচনেল ব্যুৰো অৱ প্লাণ্ট জেনেটিক ৰিচ’ৰ্ছৰ ড০ দিনেশ প্ৰসাদ ছেমৱেল আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষা সঞ্চালক ড০ অনুপ কুমাৰ দাস, অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ মুৰব্বী ড০ ফুলেশ্বৰ নাথৰ লগতে কেইবাজনো মুৰব্বী অধ্যাপক, গৱেষক বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে। যুটীয়া সাংগঠনিক সম্পাদক ডঃ মিলন জ্যোতি কোঁৱৰে শলাগ জ্ঞাপন কৰা অনুষ্ঠানটোত কৃষকৰ মাজত বিভিন্ন কৃষি সামগ্ৰী, জৈৱ ৰাসায়নিক আৰু জৈৱিক কীটনাশক আদি বিতৰণ কৰা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos