728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

বিধায়কৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰীতম সিং

বিধায়কৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা ৰীতম সিং

কংগ্ৰেছ কৰ্মীৰ বিৰোধিতাৰ মাজতে ৰীতম সিঙক বাসগৃহৰ পৰাই চোঁচৰাই লৈ গ’ল আৰক্ষীয়েসামাজিক মাধ্যমত বিজেপি বিধায়ক মানৱ ডেকাক লৈ ৰীতমে দিছিল বিতৰ্কিত পোষ্টবিধায়কৰ পৰিয়ালক সাঙুৰি সামাজিক মাধ্যমত দিছিল বিতৰ্কিত পোষ্ট কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক দুই ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বিধায়কৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা ৰীতম সিং৷ গুৱাহাটীৰ বাসগৃহৰ

কংগ্ৰেছ কৰ্মীৰ বিৰোধিতাৰ মাজতে ৰীতম সিঙক বাসগৃহৰ পৰাই চোঁচৰাই লৈ গ’ল আৰক্ষীয়ে
সামাজিক মাধ্যমত বিজেপি বিধায়ক মানৱ ডেকাক লৈ ৰীতমে দিছিল বিতৰ্কিত পোষ্ট
বিধায়কৰ পৰিয়ালক সাঙুৰি সামাজিক মাধ্যমত দিছিল বিতৰ্কিত পোষ্ট

কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক দুই ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত অৱশেষত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ বিধায়কৰ বিৰুদ্ধে টুইটাৰত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেতা ৰীতম সিং৷ গুৱাহাটীৰ বাসগৃহৰ পৰাই কংগ্ৰেছৰ নেতাজনক আজি লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ লখিমপুৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত লখিমপুৰৰ পৰা অহা এটা আৰক্ষীৰ দলে পল্টন বজাৰ আৰক্ষীৰ সহযোগত ৰীতমক তেওঁৰ উলুবাৰীস্থিত বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে। অভিযোগ অনুসৰি, দুদিন পূৰ্বে কংগ্ৰেছ নেতাগৰাকীয়ে সামাজিক মাধ্যমত লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ প্ৰসংগত কিছু আপত্তিজনক মন্তব্য কৰিছিল। কংগ্ৰেছ নেতা তথা মুখপাত্ৰগৰাকীয়ে যোৱা ১৩ মাৰ্চত এক্স হেণ্ডেলত বিধায়ক মানৱ ডেকাক বশিষ্ঠ আৰক্ষী থানাৰ এটা গোচৰৰ কথা সোঁৱৰাই তেওঁক ধৰ্ষণকাৰী আখ্যা দিছিল। তদুপৰি তেওঁ বিধায়ক হৈ থকাৰ আঁৰত তেওঁৰ টেক্স কমিছনাৰ শহুৰ বুলিও উল্লেখ কৰিছিল কংগ্ৰেছ নেতাজনে। ইয়াৰ পাছতেই মানৱ ডেকাৰ পত্নীৰ পৰিয়ালে ৰীতম সিঙৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষী থানাত ৯১/২০২৫ নম্বৰত এটা গোটৰ ৰুজু কৰে৷ এই গোচৰৰ ভিত্তিত ৰীতম সিঙক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইফালে, ৰীতম সিঙক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ বাসগৃহত আৰক্ষী প্ৰবেশ কৰাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছ কৰ্মীসকলে সাংসদ গৌৰৱ গগৈৰ সৈতে ৰীতম সিঙক কিয় গ্ৰেপ্তাৰ কৰিবলৈ আহিছে সেই বিষয়ে নানান প্ৰশ্ন কৰি তেওঁৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও তাৰ মাজতে আৰক্ষীয়ে অধিবক্তা তথা ৰাজ্যিক কংগ্ৰেছৰ মুখপাত্ৰ ৰীতম সিঙক বাসগৃহৰ পৰাই চোঁচৰাই টানি-আঁজুৰি লখিমপুৰলৈ লৈ যায়। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কংগ্ৰেছ নেতাজনে মন্ত্ৰী পীযুষ হাজৰীকাকে ধৰি একাধিক বিজেপি নেতাৰ পত্নীৰ বিৰুদ্ধে সামাজিক মাধ্যমত দি আহিছিল বিতৰ্কিত পোষ্ট৷
ইফালে, সাংসদ গৌৰৱ গগৈ ৰীতম সিঙৰ বাসগৃহত উপস্থিত হৈ আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে। অসম আৰক্ষীকো তেওঁলোকৰ দায়িত্ব সোঁৱৰাই দিয়ে সাংসদ গৌৰৱ গগৈয়ে।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos