728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

অসম কৃষি বিশ্ববিদ্যালয়ত সৰ্বভাৰতীয় পর্যায়ৰ পতংগ বিজ্ঞানৰ সমাৰোহ আৰম্ভ

যোৰহাট, ১৫ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ত সর্বভাৰতীয় পর্যায়ৰ আগশাৰীৰ বৈজ্ঞানিক সমাজ ভাৰতীয় পতংগ বিজ্ঞান সমাজৰ উদ্যোগত পতঙ্গ বিজ্ঞানৰ শিক্ষার্থী সমাৰোহ ২০২৫, তিনিদিনীয়া কার্য্যসুচীৰে আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ তত্ত্ব বিভাগৰ উদ্যোগত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশ গ্রহন কৰে। ড০ ডেকাই তেখেতৰ বক্তব্যত ভাৰতীয়

যোৰহাট, ১৫ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ত সর্বভাৰতীয় পর্যায়ৰ আগশাৰীৰ বৈজ্ঞানিক সমাজ ভাৰতীয় পতংগ বিজ্ঞান সমাজৰ উদ্যোগত পতঙ্গ বিজ্ঞানৰ শিক্ষার্থী সমাৰোহ ২০২৫, তিনিদিনীয়া কার্য্যসুচীৰে আজিৰে পৰা আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ পতংগ তত্ত্ব বিভাগৰ উদ্যোগত আয়োজিত সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথি হিচাপে অংশ গ্রহন কৰে। ড০ ডেকাই তেখেতৰ বক্তব্যত ভাৰতীয় পতংগ বিজ্ঞান সমাজৰ শিক্ষার্থীসকলক উদ্দেশ্য কৰি আয়োজন কৰা এই পদক্ষেপক ভূয়সী প্রশংসা কৰে আৰু এনে অনুষ্ঠানে ছাত্র-ছাত্রীসকলক শস্য ৰক্ষাৰ বিষয়সমূহৰ ওপৰত নতুন নতুন গৱেষণাৰ প্রতি আগ্রহী কৰি তুলিব বুলি আশা প্রকাশ কৰে। লগতে শিক্ষার্থীসকলক কৃষি পৰিৱেশ তথ্যৰ বিশ্লেষণ আৰু AI ৰ সু-প্রয়োগৰ জড়িয়তে দীর্ঘম্যাদী বতৰৰ পূর্বাভাষৰ লগত কীট-পতংগ আৰু ৰোগৰ নিৰাময়ৰ ওপৰত অধ্যয়ন কৰাৰ পোষকতা কৰে। পতঙ্গ শিক্ষার্থী সমাৰোহৰ চেয়াৰমেন আৰু পতঙ্গ বিজ্ঞান সমাজৰ প্রেচিনেন্ট ড° ডি. ভি. ৰামামূর্খিয়ে ভার্চুৱেল যোগে অংশগ্রহণ কৰি এনে এই সমাৰোহে শিক্ষাৰ্থী সকলক ভবিষ্যতেও বহু সহায় কৰিব বুলি ব্যক্ত কৰে। কেন্দ্রীয় কৃষি বিশ্ববিদ্যালয়ক ইম্ফলৰ প্রাক্তন উপাচার্য্য ড: এচ, এন পুৰিয়ে উদ্বোধনী অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি ভাৰতীয় পতংগ বিজ্ঞান সমার্জৰ শিক্ষার্থী সমাৰোহ এক উল্লেখযোগ্য আৰু অন্যতম পদক্ষেপ বুলি উল্লেখ কৰি শস্য সুৰক্ষাৰ ক্ষেত্রত হোৱা গৱেষনাৰাজি কৃষকৰ লাভালাভৰ স্বার্থত হোৱাটো বাঞ্চনীয় বুলি উল্লেখ কৰে। সু-সমন্বিত পদ্ধতিৰে পতংগ উদ্ভিদ ৰোগ আৰু আক নিমার্টড নিয়ন্ত্রণ একে প্রচেষ্টাৰ আওতালৈ আহিলে শস্য সুৰক্ষাৰ ক্ষেত্রত সু-ফলাফল আশা কৰিব পৰা যায়। অনুষ্ঠানটিত শিক্ষার্থী সমাজৰ আয়োজক ড০ শচীন সোৱাচ আৰু ভাৰপ্রাপ্ত বিজ্ঞান গুৰু ড০ ভগৱান ভৰালীয়েও অংশগ্রহণ কৰে। এই অনুষ্ঠানতেই তিনিখন গ্রন্থও উন্মোচন কৰা হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ পতঙ্গতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০ বাদল ভট্টাচার্যই শলাগ জ্ঞাপন কৰা অনুষ্ঠানটিত পতংগ তত্ত্বৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে পতংগ তত্ত্ব বিভাগৰ অবসৰপ্রাপ্ত অধ্যাপকসকলক সম্মান জনোৱা হয়।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos