যোৰহাট, ১২ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা ‘বৈচিত্ৰময় সমন্বিত কৃষি ব্যৱস্থা, ইয়াৰ অৰ্থনৈতিক আৰু পৰিৱেশগত প্ৰভাৱ’ শীৰ্ষক পষেকীয়া হ্রস্বকালীন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত ‘পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ’ৰ সহযোগত অনুষ্ঠিত পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক
যোৰহাট, ১২ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ মুক্ত আৰু দূৰ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে আৰম্ভ কৰা ‘বৈচিত্ৰময় সমন্বিত কৃষি ব্যৱস্থা, ইয়াৰ অৰ্থনৈতিক আৰু পৰিৱেশগত প্ৰভাৱ’ শীৰ্ষক পষেকীয়া হ্রস্বকালীন প্ৰশিক্ষণৰ আজি সামৰণি পৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত ‘পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰ’ৰ সহযোগত অনুষ্ঠিত পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ বিনয় কুমাৰ মেধিয়ে কয় যে পৰিস্থিতি সাপেক্ষে কৃষিকাৰ্যত ভিন্নতা দেখা যায়। সেয়ে প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট পৰিস্থিতি নিৰ্ভৰ কৃষিৰ জৰিয়তে, ভূমিৰ মান অক্ষুণ্ণ ৰাখি উৎপাদন বৃদ্ধিৰ ব্যৱস্থা কৰিব লাগিব। সমন্বিত পাম পদ্ধতি এই দিশত উৎকৃষ্ট ব্যৱস্থা আৰু ইয়াৰ জৰিয়তে অধিক লাভাৱান্বিত হৈ উপকৃত হ’ব পাৰি। অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ সভাগৃহত আয়োজিত আৰু শস্য বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ কল্যাণ পাঠকে আদৰণি ভাষণ প্রদান কৰা অনুষ্ঠানটোত উত্তৰ পূৰ্বাঞ্চলৰ ২৫ টা নিৰ্বাচিত কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা অংশগ্ৰহণ কৰা ২৫ গৰাকী প্রশিক্ষার্থীক প্রমাণ পত্র প্রদান কৰা হয়। পাঠ্যক্ৰমৰ সঞ্চালক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ পাম পদ্ধতিৰ অগ্ৰণী গৱেষণা কেন্দ্ৰৰ মুৰব্বী ড০ দেবাশীষ বৰাই পাঠ্যক্ৰমৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা সভাখনত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড০ মৃণাল শইকীয়াই সমন্বিত কৃষি পদ্ধতিৰে ক্ষেত্ৰ বিশেষে সুচিন্তিত পৰিকল্পনাৰে জীৱন ধাৰণৰ মান কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে। মুক্ত আৰু দূৰ শিক্ষা সঞ্চালক ড০ ৰমণী কান্ত ঠাকুৰীয়াই মুক্ত আৰু দূৰ শিক্ষা পাঠ্যক্ৰমৰ বিষয়ে সবিশেষ প্ৰকাশ কৰা অনুষ্ঠানটোত ড০ প্রীতম বৰঠাকুৰ, ড০ নিলয় বৰা, ড০ মনোজ কলিতা প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ কেইবাজনো মুৰব্বী অধ্যাপক আৰু গৱেষক বিজ্ঞানীয়ে অংশগ্রহণ কৰে।

Leave a Comment
Your email address will not be published. Required fields are marked with *