728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

ভাৰতৰ মানচিত্ৰৰ বিকৃত উপস্থাপন কৰি বিতৰ্কত সাংসদ গৌৰৱ গগৈ, দেশজুৰি প্ৰতিক্ৰিয়া

🔹ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰক আঁতৰাই ৰাখিলে ভাৰতৰ মানচিত্ৰৰ পৰা ভাৰতৰ মানচিত্ৰৰ বিকৃত উপস্থাপন কৰি বিতৰ্কত সোমাই পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানৰ ISI লগত সম্পৰ্কৰ তদন্ত চলি থকাৰ মাজতে সাংসদগৰাকীৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ সৃষ্টি হৈছে দেশজুৰি প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে পোষ্টটোত ব্যৱহাৰ কৰা ভাৰতৰ মানচিত্ৰৰ যিখন ফটো ব্যৱহাৰ কৰিছিল সেই

🔹ভাৰতৰ অবিচ্ছেদ্য অংগ জম্মু-কাশ্মীৰক আঁতৰাই ৰাখিলে ভাৰতৰ মানচিত্ৰৰ পৰা

ভাৰতৰ মানচিত্ৰৰ বিকৃত উপস্থাপন কৰি বিতৰ্কত সোমাই পৰিছে সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানৰ ISI লগত সম্পৰ্কৰ তদন্ত চলি থকাৰ মাজতে সাংসদগৰাকীৰ সামাজিক মাধ্যমৰ এটা পোষ্টক লৈ সৃষ্টি হৈছে দেশজুৰি প্ৰতিক্ৰিয়া। গৌৰৱ গগৈয়ে পোষ্টটোত ব্যৱহাৰ কৰা ভাৰতৰ মানচিত্ৰৰ যিখন ফটো ব্যৱহাৰ কৰিছিল সেই ফটোখনত দেশৰ অবিচ্ছেদ্য অংগ জম্মু আৰু কাশ্মীৰক আঁতৰাই ৰখা হৈছে ভাৰতৰ মানচিত্ৰৰ পৰা। গৌৰৱ গগৈয়ে এডভাণ্টেজ আছাম ২.০ক সমালোচনা কৰিবলৈ গৈ উক্ত পোষ্টত ভাৰতৰ মানচিত্ৰৰ ফটো ব্যৱহাৰ কৰিছিল। য’ত দেখিবলৈ পোৱা নগৈছিল জম্মু-কাশ্মীৰ অঞ্চল। যিসময়ত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্নৰ পাকিস্তানৰে লিংক থকাৰ তথ্যই সমগ্ৰ দেশ উত্তাল কৰি তুলিছে, সেই সময়তে সাংসদগৰাকীয়ে সামাজিক মাধ্যমত দিয়া উক্ত পোষ্টটোৰ মানচিত্ৰৰ ফটোখন বিশেষভাৱে চৰ্চিত হৈছে। এগৰাকী সাংসদ হৈ গৌৰৱ গগৈয়ে কিয় ভাৰতৰ মানচিত্ৰৰ বিকৃত ফটোখন ব্যৱহাৰ কৰিলে, তাক লৈ ৰাজ্যৰ লগতে দেশৰ ৰাজনীতি পুনৰবাৰ উত্তাল হৈ পৰিছে।
অৱশ্যে সাংসদগৰাকীয়ে এই পোষ্টটো পিছত ডিলিট কৰে যদিও ইয়াৰ স্ক্ৰীনশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে। দেশৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰ হৈছে গৌৰৱ গগৈৰ বিতৰ্কিত পোষ্টৰ স্ক্ৰীনশ্বট।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos