728 x 90
Like Us On Facebook
Facebook Pagelike Widget
728 x 90

গোপনে ভাৰত ভ্ৰমণ কৰা আলী তাকিৰ শ্বেখক কেনেদৰে সহায় কৰিছিল এলিজাবেথে?

গোপনে ভাৰত ভ্ৰমণ কৰা আলী তাকিৰ শ্বেখক কেনেদৰে সহায় কৰিছিল এলিজাবেথে?

গৌৰৱ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানদিল্লীত ব্ৰিটিছ দূতাবাসত অসম আৰক্ষীৰ SITৰ তদন্তব্ৰিটিছ দূতাবাসৰ দুই বিষয়াক জেৰা অসমৰ পৰা যোৱা SITৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানত দিল্লীত ব্ৰিটিছ দূতাবাসত তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। দিল্লীত বাহৰ পাতি তদন্ত ক্ষীপ্ৰতৰ কৰিছে অসম আৰক্ষীৰ SIT-এ। পাকিস্তানী আলী তাকিৰ শ্বেখৰ সৈতে কাম কৰাৰ সময়ত

গৌৰৱ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধান
দিল্লীত ব্ৰিটিছ দূতাবাসত অসম আৰক্ষীৰ SITৰ তদন্ত
ব্ৰিটিছ দূতাবাসৰ দুই বিষয়াক জেৰা অসমৰ পৰা যোৱা SITৰ

সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ পাকিস্তানৰে সম্পৰ্কৰ তথ্যৰ অনুসন্ধানত দিল্লীত ব্ৰিটিছ দূতাবাসত তদন্ত অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। দিল্লীত বাহৰ পাতি তদন্ত ক্ষীপ্ৰতৰ কৰিছে অসম আৰক্ষীৰ SIT-এ। পাকিস্তানী আলী তাকিৰ শ্বেখৰ সৈতে কাম কৰাৰ সময়ত এলিজাবেথ কলবাৰ্ন গগৈয়ে ভৰি দিছিল নেকি আইএছআইৰ জালত? গোপনে ভাৰত ভ্ৰমণ কৰা আলী টাকি শ্বেখক কেনেদৰে সহায় কৰিছিল এলিজাবেথে? এনেবোৰ তথ্যৰ সন্ধানতে দিল্লীত বাহৰ পাতি তদন্ত ক্ষীপ্ৰতৰ কৰিছে অসম আৰক্ষীৰ SIT-এ। SIT-এ দীৰ্ঘ সময় ধৰি জেৰা চলায় ব্ৰিটিছ দূতাবাসৰ দুই কৰ্মচাৰী ক্ৰমে ড০ নূপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলীক। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ যিহেতু এগৰাকী ব্ৰিটিছ নাগৰিক। বৰ্তমানো তেওঁ গ্ৰহণ কৰা নাই ভাৰতৰ নাগৰিকত্ব। সেয়ে তেওঁ ব্ৰিটিছ পাৰপত্ৰৰ জৰিয়তে ভাৰতৰ পৰা ভ্ৰমণ কৰিছিল পাকিস্তানলৈ। SIT-ৰ তদন্তত পোহৰলৈ অহা অনুসৰি গৌৰৱ পত্নী এলিজাবেথে ২০২৪ চনলৈকে পাকিস্তান ভ্ৰমণ কৰিছিল। পাকিস্তান ভ্ৰমণৰ সময়ত এলিজাবেথক সহায় কৰিছিল ব্ৰিটিছ দূতাবাসৰ দুই কৰ্মচাৰীয়ে। সেয়ে দূতাবাসৰ দুই কৰ্মচাৰী ড০ নূপুৰ বৰুৱা আৰু অনিৰ্বাণ গাংগুলীক জেৰা চলায় SIT-এ। তদন্তকাৰী বিষয়া ৰ’জি কলিতাৰ নেতৃত্বত যোৱা দলটোৱে প্ৰথমে বাঘা সীমান্তৰ পৰা সংগ্ৰহ কৰে তথ্য। তাৰ পিছত গৃহ মন্ত্ৰ্যালয়ৰ পৰা গ্ৰহণ কৰে যাৱতীয় অনুমতি। ইয়াৰ পিছত SIT-এ তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে বিভিন্ন মাধ্যমত উগ্ৰ ভাৰত বিদ্বেষ বিয়োপোৱা পাকিস্তানী আলী তাকিৰ শ্বেখে লোক চক্ষুৰ আঁৰ লৈ ১৮-২০ বাৰলৈ ভাৰতলৈ অহাৰ তথ্য। আলী তাকিৰ শ্বেখক ভাৰতলৈ আহোঁতে সংগ দিছিল জেএনইউৰ এজন অসমীয়া অধ্যাপকে। যি কথা উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শ্বেখে অসমৰ মানুহৰ সৈতেও সম্পৰ্কত আছিল বুলি মুখ্যমন্ত্ৰী উল্লেখ কৰিছিল। ইপিনে, ব্ৰিটিছ দূতাবাসত অসম আৰক্ষীয়ে জেৰা চলোৱা ড০ নূপুৰ বৰুৱাৰ স্বামী জেএনইউৰ অধ্যাপক বুলি জানিব পৰা গৈছে। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে ব্ৰিটিছ দূতাবাসত এলিজাবেথক সহায় কৰা নূপুৰ বৰুৱাৰ স্বামীয়ে সংগ দিছিল নেকি পাকিস্তানী আলী তাকিৰ শ্বেখক? স’ততে ভাৰতৰ আভ্যন্তৰীণ বিষয়ক লৈ বিৰূপ মন্তব্য কৰা আলী তাকিৰে এলিজাবেথৰ জৰিয়তে বহু লোকক প্ৰভাৱিত কৰি তথ্য আহৰণ কৰিছিল নেকি? যি তথ্যৰ আধাৰত আলী তাকিৰ শ্বেখে কৰিছিল নেকি ভাৰত বিৰোধী গভীৰ ষড়যন্ত্ৰৰ পৰিকল্পনা? এনেবোৰ কাৰণতে এই বিষয়টোৰ তদন্তত প্ৰয়োজনত ইণ্টাৰপলৰ সহায় লোৱাৰ বাবে আবেদন জনাব বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰ মাজতে দিল্লীত বাহৰ পাতি এছ আই টিয়ে ক্ষীপ্ৰ গতিত চলাই গৈছে তদন্ত। কিন্তু কি হ’ব এই তদন্তৰ ফলাফল তাৰ ওপৰতে দৃষ্টি নিবদ্ধ থাকিব অসমবাসীৰ লগতে সমগ্ৰ দেশবাসীৰ।

Posts Carousel

Leave a Comment

Your email address will not be published. Required fields are marked with *

Latest Posts

Top Authors

Most Commented

Featured Videos